” ৰিয়ান ইমান ডাঙৰ খেলুৱৈ নহয়, যি খেল সলনি কৰিব পাৰে । ” এই মন্তব্য আমাৰ নহয় । ৰিয়ানৰ সম্পৰ্কত এই ভাষ্য আগবঢ়াইছে ভাৰতৰ এগৰাকী কিংবদন্তি ক্ৰিকেটাৰে । কিন্তু কিয় ৰিয়ানক লৈ এনে প্ৰতিক্ৰিয়া এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ
? আছে তাৰ আঁৰৰ কাহিনী ।
সদ্যসমাপ্ত আই পি এল ২০২২ বৰ্ষৰ ফাইনেলত গুজৰাট টাইটানছৰ হাতত বিধ্বস্ত হৈছিল ৰাজস্থান ৰয়েলছ । সেই পৰাজিত ৰাজস্থান ৰয়েলছৰে এজন সদস্য যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ । বিগত আই পি এলত ১৭ খন মেচ খেলি ৰিয়ানে সংগ্ৰহ কৰিলে মুঠ ১৮৩ ৰাণ । ফিল্ডিঙত অদমনীয় প্ৰদৰ্শন আগবঢ়ালেও বেটিঙত এটা অৰ্ধশতকৰ বাহিৰে ৰিয়ান বেটৰ পৰা নাহিল আশাজনক ফল । খেলপথাৰত ক্ৰীড়া প্ৰদৰ্শনৰ সলনি তেওঁৰ দ্বাৰা কৰা কিছুমান অনন্য আচৰণৰ বাবেহে বাতৰিৰ শিৰোনামাত থাকিল ৰিয়ান । সেয়া হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ।
আই পি এলত ৰাজস্থান ৰয়েলছৰ দুৰ্বল প্ৰদৰ্শনৰ পাছত তীব্ৰ সমালোচনা কৰিছে বিশ্বকাপ জয়ী অলৰাউণ্ডাৰ মদন লালে । তেওঁ কেইবাটাও বিষয় সম্পৰ্কত মন্তব্য কৰাৰ লগতে অসম সন্তান ৰিয়ান পৰাগক কৰিছে মূল্যাংকন । দৰাচলতে, মদন লালে অনুভৱ কৰে যে, ৰিয়ান পৰাগ সেই কেইজন খেলুৱৈৰ মাজৰ এজন যিয়ে আই পি এলত উন্নত প্ৰদৰ্শন কৰিব পৰা নাই । অথচ তেওঁলোক আই পি এলৰ এটা ছিজনৰ পৰা আনটো ছিজন অতিবাহিত কৰিছে ।
আই পি এল ২০১৯ ত আত্মপ্ৰকাশ কৰি ৰিয়ান পৰাগে সাতখন মেচৰ পৰা ১৬০ ৰাণ সংগ্ৰহ কৰিছিল । অভিষেক ছিজনতে দিল্লীৰ বিৰুদ্ধে তেওঁ অৰ্ধশতক কৰিছিল । সেইদৰে ২০২০ চনত ১২ খন মেচৰ পৰা সংগ্ৰহ কৰিছিল ৮৬ ৰাণ। ২০২১ চনত ১১ খন খেলৰ ভিতৰত ৰিয়ানৰ সংগ্ৰহ আছিল ৯৩ ৰাণ ।
ৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈক সমালোচনা কৰিবলৈ গৈ মদল লালে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰিয়ানৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে ।
“ৰিয়ান পৰাগে সকলো মেচ খেলিছে, কিন্তু এখন মেচতো প্ৰদৰ্শন দিব পৰা নাই । তেওঁ ইমান ডাঙৰ খেলুৱৈ নহয়, যিয়ে খেল সলনি কৰিব পাৰে । ৰিয়ানে লাভ কৰা সুযোগৰ তুলনাত কোনো প্ৰগতি দেখা নাই । টি-২০ মেচত তেওঁ যি স্থানত খেলে সেয়া গুৰুত্বপূৰ্ণ, কাৰণ, এই খিনি বেটিং ক্ৰমতেই একোজন খেলুৱৈয়ে ৰাণ সংগ্ৰহ তৰান্বিত কৰিব পাৰে অথবা ৰাণৰ পাহাৰ গঢ়িব পাৰে ।”
এইদৰে ৰিয়ানৰ সন্দৰ্ভত নিমৰ্ম ভাৱে স্পষ্টকৈ মতপোষণ কৰিলে মদন লালে । ৰিয়ান হ’ব বিচাৰে ভাৰতীয় ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ ফিনিচাৰ । কিন্তু ২০২২ ছিজনত তাৰ বিপৰীত ছবিহে প্ৰতিফলিত হ’ল ।
১৯৮৩ ৰ বিশ্বকাপ জয়ী এজন কিংবদন্তি ক্ৰিকেটাৰৰ ৰিয়ানৰ সন্দৰ্ভত কৰা মন্তব্য গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । অগ্ৰজৰ উপদেশ, অনুপ্ৰেৰণা অসম সন্তান ৰিয়ানে কিদৰে গ্ৰহণ কৰিব, সেয়া হ’ব লক্ষণীয় । ক্ৰীড়া অনুৰাগীৰ আশা –ৰিয়ান এদিন ইণ্ডিয়ান জাৰ্ছিৰে ভাৰতৰ হৈ খেলপথাৰত নামিব । কিন্তু তাৰবাবে ৰিয়ানক হয়তো প্ৰয়োজন হ’ব কঠোৰ অনুশীলন, প্ৰচেষ্টা, অধ্যৱসায়, সাধনা আৰু ধাৰাবাহিকতা ।