Wednesday, August 10, 2022
HomeNewsৰিয়ান পৰাগ-- "ইয়ে প্লেয়াৰ নেহি আগ হে"

ৰিয়ান পৰাগ– “ইয়ে প্লেয়াৰ নেহি আগ হে”

ৰিয়ান পৰাগ– “ইয়ে প্লেয়াৰ নেহি আগ হে”

অলিম্পিয়া প্ৰতিবেদন: ৰিয়ান পৰাগ, বৰ্তমান সময়ত অসমবাসীৰ এটা আবেগৰ নাম । ভাৰতীয় ক্ৰিকেট ইতিহাসত পিছপৰি ৰোৱা ৰাজ্যখনক উদ্ভাৱিত কৰি তোলা নামটোৱে হৈছে ৰিয়ান পৰাগ । এই কথা আজিৰ সময়ত বাস্তৱ । কেতিয়াবা বেটৰ তালত, কেতিয়াবা বলৰ তালত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সৈতে ৰিয়ানক মতলীয়া হোৱা দেখা যায় অসমীয়াৰ আবেগ বিহুনৃত্যৰ সৈতে । এয়া সঁচাই অসমবাসীৰ গৌৰৱ ।

চলিত আই পি এলত আকৌ এবাৰ অসমবাসীক গৌৰাম্বিত কৰি উজ্বলি উঠিল ৰিয়ান পৰাগ। মঙলবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছৰ অৱস্থা শোচনীয় হোৱা সময়তে সুন্দৰ প্ৰদৰ্শনেৰে দলক ৰক্ষা কৰি ৩১ টা বলত ৫৬ ৰাণ কৰি উজ্বলি উঠিল ৰিয়ান পৰাগ ।

আৰু অধিক পঢ়ক

ইয়াৰ লগতে নেদেখা ৰূপত দেখা গ’ল ৰিয়ান পৰাগক । ইনিংছ শেষ কৰি হৰ্ষল পেটেলৰ লগত বাকযুদ্ধত ৰিয়ান । উল্লেখযোগ্য যে, শেষৰ অভাৰত ৰিয়ানে পেটেলৰ শেষৰ বলত ছয় মাৰি মুঠ ১৮ ৰাণ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছতে হৰ্ষল পেটেল উত্তেজিত হৈ ৰিয়ান পৰাগক কঠোৰ বাক্যবাণ প্ৰয়োগ কৰা দেখা পোৱা গৈছিল । লগতে ৰিয়ানেও উভতি ধৰিছিল । দলৰ সতীৰ্থ‌ই তেওঁলোকক আঁতৰাই আনে । ঘটনাটো তাতে শাম নাকাটি মেচ সামৰণিত হৰ্ষল পেটেলক সম্ভাষণ জনাই হাত আগবঢ়াই দিছিল ৰিয়ানে । কিন্তু ৰিয়ানক সঁহাৰি নজনাই পেটেল আঁতৰি যোৱা পৰিলক্ষিত হৈছিল ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

ৰিয়ানে মিচিকিয়া হাঁহিৰে আঁতৰি আহি ক্ৰিকেট যে ভদ্ৰলোকৰ খেল সেয়া প্ৰমাণ কৰিলে । মেন অৱ দ্য মেচ ট্ৰফি আগত লৈ গ্ৰাউণ্ডত তপস্যাৰ ভংগীমাত ফটো শ্বেয়াৰ কৰি ৰিয়ানে বুজাই দিলে এয়া যে বহু তপস্যাৰে পৰিণতি । ৰিয়ান আজি প্ৰতিজন অসমীয়াৰ বুকুত প্ৰভাৱমান । এই খেলুৱৈ জনক জাতীয় দলৰ জাৰ্চীত এবাৰ চাবলৈ অসমবাসীৰ লগতে সমূহ ক্ৰিকেটপ্ৰেমী অধিৰ আগ্ৰহেৰে বাট চাই ৰ’ব । শেষত, টি ভিৰ ধাৰাভাষ্যকাৰৰ ভাষাৰে — “ইয়ে প্লেয়াৰ নেহি আগ হে । “

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments