ৰেকৰ্ড গঢ়িবলৈ নহয়, দেশৰ বাবে মেচ জয় কৰিবলৈহে খেলিব ভাৰতে
অলিম্পিয়াৰ প্ৰতিবেদন: ৯ জুন, বৃহস্পতিবাৰৰ পৰা টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫ খন মেচৰ এক টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত অংশ ল’ব । দেশৰ মাটিত অনুষ্ঠিত হ’বলগীয়া এই টি-২০ শৃংখলাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ । শৃংখলাটোৰ পূৰ্বে টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এখন সংবাদমেল সম্বোধন কৰি ভাৰতীয় দলৰ প্ৰস্তুতিৰ বিষয়ে ব্যাখ্যা কৰিছে ।
“আমি ৰেকৰ্ডৰ বাবে নহয়, দেশৰ বাবে মেচ জয় কৰিবলৈহে খেলিম “
৯ জুন বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই টি-২০ শৃংখলাৰ প্ৰথমখন মেচ জয় কৰিব পাৰিলেই ভাৰতীয় দলটোৱে একেৰাহে ১৩ খন টি-২০ মেচ জয় কৰা বিশ্বৰ প্ৰথম দল হিচাপে পৰিচিত হৈ পৰিব । বৰ্তমানলৈকে ভাৰতীয় দলটোৱে এখন মেচত পৰাজয় বৰণ নকৰাকৈ মুঠ ১২ খনত জয়লাভ কৰি থৈছে ।
এই প্ৰসংগত সংবাদ মেলত ৰাহুল দ্ৰাবিড়ে কয়, “মই কোনো ৰেকৰ্ডৰ বিষয়ে চিন্তা কৰা নাই। আমি দেশৰ হৈ খেলিব লাগিব আৰু জিকিব লাগিব । যদি আমি ভাল খেলিব নোৱাৰো, আমি সেই পৰাজয়ৰ পৰা শিকিব লাগিব । এইটো বিষয়ত দলটোৱে গুৰুত্ব আৰোপ কৰিছে ।”
দীনেশ কাৰ্তিকক দিয়া হৈছে বিশেষ দায়িত্ব
তিনি বছৰৰ পিছত টীম ইণ্ডিয়ালৈ উভতি আহিছে বিস্ফোৰক বেটছমেন দীনেশ কাৰ্তিক । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা নাছিল যদিও কাৰ্তিকে আই পি এলক বাদ দি আন ক্ৰিকেটৰ পৰা প্ৰায় আঁতৰি আছিল । তেওঁ ধাৰাভাষ্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
সেই দীনেশ কাৰ্তিক পুনৰ দললৈ ঘূৰি আহিছে । আই পি এলত দেখুওৱা প্ৰদৰ্শনে দীনেশ কাৰ্তিকক ভাৰতীয় দলত ল’বলৈ বাধ্য কৰালে । এইগৰাকী উইকেট কীপাৰ বেটছমেন সন্দৰ্ভত ৰাহুল দ্ৰাবিড়ে কয়, “দীনেশক তেওঁৰ ভূমিকা সম্পৰ্কে স্পষ্টকৈ কোৱা হৈছে । দীনেশক খেল শেষ কৰাৰ দায়িত্ব দিয়া হৈছে । কাৰ্তিকে আই পি এলত কৰাৰ দৰেই, টীম ইণ্ডিয়াৰ বাবেও মেচ ফিনিচ কৰিব লাগিব । এই বাবেই তেওঁক ভাৰতীয় দলত স্থান দিয়া হৈছে।‘
ৰোহিত শৰ্মা সকলো ফৰ্মেটৰ খেলুৱৈ
দ্ৰাবিড়ে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ বিষয়েও মন্তব্য কৰিছে। তেওঁৰ মতে ৰোহিতং প্ৰতিটো ফৰ্মেটৰ খেলুৱৈ । কিন্তু সকলো মেচতে সকলো খেলুৱৈক উপলব্ধ কৰিব নোৱাৰি । দ্ৰাবিড়ে বিচাৰে ৰাহুল সুস্থ আৰু সতেজ হৈ থাকক । যেতিয়াই ৰোহিত দললৈ ঘূৰি আহিব তেতিয়া যাতে এজন চেম্পিয়ন খেলুৱৈ হিচাপে আহে । তেওঁৰ মতে বহুসময়ত ডাঙৰ খেলুৱৈসকলক বিশ্ৰাম দিব লাগিব ।