Wednesday, July 6, 2022
HomeNewsৰেলৱে চহৰ লামডিঙত পাৱাৰ লিফটিং আৰু আৰ্ম ৰেছলিং প্ৰতিযোগিতা

ৰেলৱে চহৰ লামডিঙত পাৱাৰ লিফটিং আৰু আৰ্ম ৰেছলিং প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

ৰেলৱে চহৰ লামডিঙত পাৱাৰ লিফটিং আৰু আৰ্ম ৰেছলিং প্ৰতিযোগিতা । শতাধিত যুৱক- যুৱতীৰ অংশগ্ৰহণেৰে জীপাল ৰেলৱে ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহ । নিজস্ব ক্ৰীড়া শৈলীৰে উজলিল বিভিন্ন জিলাৰ ক্ৰীড়া প্ৰতিভা ।

যোৱা দেওবাৰে, হোজাই স্পৰ্টছ পাৱাৰ লিফটিং এছচিয়েচন আৰু লামডিং জিম এছচিয়েচনৰ সহযোগত অনুষ্ঠিত হয় অল আছাম প্ৰাইজমানি পাৱাৰ লিফটিং এণ্ড আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ । এই সুন্দৰ প্ৰতিযোগিতাখনত যোৰহাট, শিৱসাগৰ, নগাঁও, গুৱাহাটী আদি বিভিন্ন স্থানৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিলে । পাৱাৰ লিফটিং আৰু আৰ্ম ৰেছলিঙত সকলো খেলুৱৈয়ে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । প্ৰতিযোগিতাৰ দৌৰত জিলিকিল কেইবাগৰাকীও ক্ৰীড়া প্ৰতিভা । চকু মুখত বিৰিঙিল উল্লাসৰ হাঁহি ।
এই প্ৰতিযোগিতাত জয়ী হোৱা যুৱক-যুৱতীসকলক ট্ৰফীসহ নগদ ধন প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে, প্ৰায় ১০ -১২ বছৰৰ মূৰত লামডিঙত পাৱাৰ লিফটিং আৰু আৰ্ম ৰেছলিঙৰ এনে টুৰ্ণামেন্ট আয়োজন কৰা হৈছে । এনে এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ পাই আনন্দিত আয়োজক মণ্ডলী । নৱ প্ৰজন্মক খেলৰ প্ৰতি অধিক আকৰ্ষিত কৰি তুলিবলৈ ভৱিষ্যতেও এনে প্ৰতিযোগিতা আয়োজন কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আয়োজকসকল ।

 

ইফালে এই অনুষ্ঠানত উপস্থিত থাকিল লামডিঙৰ বিজেপি বিধায়ক শিবু মিশ্ৰ আৰু লামডিং বিজেপি মণ্ডলৰ অধ্যক্ষ দেৱাশীষ দাসগুপ্তা । লামডিঙৰ বাবে এয়া গৌৰৱৰ ক্ষণ বুলি উল্লেখ কৰিলে বিধায়ক শিবু মিশ্ৰই । আগন্তুক সময়ত এনে প্ৰতিযোগিতাৰ জৰিয়তে নতুন খেলুৱৈ সৃষ্টি হ’ব বুলি আশা কৰিছে তেওঁ ।

 

ক্ৰীড়া অনুৰাগীৰ আশা– -এনে টুৰ্ণামেন্টৰ পৰাই জন্ম হওক উদীয়মান ক্ৰীড়া প্ৰতিভাৰ । জয়ৰ মুকুট ক্ৰমান্বয়ে শিপাই যাওঁক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰলৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments