Monday, July 4, 2022
HomeNewsৰোণাল্ডো, মেৱেদাৰৰ ‘অলংকাৰ’ প্ৰতিযোগিতা

ৰোণাল্ডো, মেৱেদাৰৰ ‘অলংকাৰ’ প্ৰতিযোগিতা

ৰোণাল্ডো, মেৱেদাৰৰ ‘অলংকাৰ’ প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: বিশ্ববিখ্যাত তাৰকা ক্ৰীড়াবিদসকল সাধাৰণতে ফেশ্বন সচেতন ৷ সামাজিক মাধ্যমৰ যোগেদি তেওঁলোকে শ্বেয়াৰ কৰা ফটোসমূহ দেখিলেই সেয়া বুজিব পাৰি ৷ পৰ্তুগীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ কথাকেই এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি ৷ বিশ্বজুৰি ৰোণাল্ডোৰ অনুৰাগীৰ সংখ্যা অগণন ৷

আৰু অধিক পঢ়ক

ৰোণাল্ডোৱে কি পিন্ধিছে, কি দৰে পিন্ধিছে, সেই লৈ তেওঁৰ অনুৰাগীৰ আগ্ৰহৰ শেষ নাই ৷ কিন্তু ফেশ্বন তথা অলংকাৰৰ প্ৰতি আগ্ৰহ থকা বিশ্বৰ আন এজন খেলুৱৈয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত চৰ্চা লাভ কৰি আহিছে ৷ তেওঁ হৈছে আমেৰিকাৰ প্ৰাক্তন বক্সাৰ ফ্লয়ড মেৱেদাৰ ৷ সমগ্ৰ বিশ্বজুৰি ফ্লয়ডৰ আছে লাখ লাখ অনুৰাগী ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

বৰ্তমান তেওঁ ‘দ্য মানি টিম’ নামৰ এক বক্সিং দলৰ স্বত্বাধিকাৰী ৷ ক্ৰীড়া বিশ্বৰ এই দুয়োজন তাৰকাৰেই অলংকাৰৰ প্ৰতি যথেষ্ঠ আগ্ৰহী ৷ সেয়ে অলংকাৰৰ ক্ষেত্ৰত কোটি কোটি ডলাৰ ব্যয় কৰিবলৈ কুণ্ঠাবোধ নকৰে তেওঁলোকে ৷ এইখিনিতে প্ৰশ্ন হ’ব পাৰে, দুয়োজনৰ ভিতৰত কোনজন সকলোতকৈ বেছি অলংকাৰৰ গৰাকী ?

ৰোণাল্ডো আৰু মেৱেদাৰ দুয়োজনেই যথেষ্ঠ সম্পত্তিৰ মালিক

আচলতে ৰোণাল্ডো আৰু মেৱেদাৰ দুয়োজনেই যথেষ্ঠ সম্পত্তিৰ মালিক ৷ বিশ্বৰ ধনী ব্যক্তিসকলৰ শাৰীত থকা ক্ৰীড়াবিদসকলৰ তালিকাখনত তেওঁলোকৰ স্থান যথেষ্ঠ ওপৰত ৷ ২০১২ ৰ পৰা ২০১৮ লৈ এই ৬ বছৰৰ ভিতৰত চাৰিবাৰ বিশ্বৰ সকলো ধনী ক্ৰীড়াবিদ হিচাপে পৰিগণিত হৈছে মেৱেদাৰ ৷ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰায় নিজা ধন-সম্পত্তিৰ ছবিসমূহ প’ষ্ট কৰে মেৱেদাৰে ৷

সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ফ্লয়ড প্ৰায় তিনিশ কোটি টকা মূল্যৰ অলংকাৰৰ গৰাকী ৷ তদুপৰি বিলাসী গাড়ী, বিমান আদি ক্ৰয়তো যথেষ্ট আগ্ৰহী তেওঁ ৷ কিছুদিন পূৰ্বে প্ৰায় ২০ লাখ ডলাৰৰ ঘড়ী ক্ৰয় কৰি সামাজিক মাধ্যমত ফ্লয়ডে প্ৰচাৰ কৰিছিল ৷ তেওঁৰ সেই প’ষ্টে সামাজিক মাধ্যমত এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছিল ৷ কেইবছৰ মান পূৰ্বে টকাৰ বাণ্ডিলেৰে বিচনা তৈয়াৰ কৰিও সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছিল ফ্লয়ডে ৷

ইফালে ফুটবলাৰ ৰোণাল্ডোৰ ডিঙিত মাজে সময়ে এডাল চেইন দেখা যায় — যাৰ মূল্য প্ৰায় ৩০ কোটি টকা ৷ মেৱেদাৰৰ দৰে অলংকাৰত ইমান খৰচ নকৰিলেও ৰোণাল্ডোৰ গেৰেজত আছে ২০ খনকৈ অধিক বিলাসী গাড়ী ৷ প’ৰছে ৯১১, অডি আৰ এছ ৭, ফেৰাৰী ৫৯৯, ফেৰাৰী ৪৩০, বুগাত্তি, মাজেৰাট্ৰি, মাৰ্ছিডিছ, এষ্টন আদি নামী দামী বিলাসী গাড়ীৰ মালিক ৰোণাল্ডো ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments