Thursday, July 7, 2022
HomeNewsৰোহিত শৰ্মা হ'ব টি-২০ৰ অধিনায়ক!

ৰোহিত শৰ্মা হ’ব টি-২০ৰ অধিনায়ক!

ৰোহিত শৰ্মা হব ভাৰতীয় টি-২০ দলৰ পৰবৰ্তী অধিনায়ক! এনে এক সম্মাৱনাই দেখা দিছে এই সময়ছোৱাত। চৌদিশে ৰোহিতক নেতৃত্ব প্ৰদান কৰিবলৈ দাবী উত্থাপন হৈছে।

আইপিএলত লাভ কৰাৰ অপাৰ সফলতাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ সীমিত অভাৰৰ দলটোৰ নেতৃত্ব ৰোহিত শৰ্মাক অৰ্পন কৰিবলৈ ইতিমধ্যে দাবী উত্থাপন হৈছে। আইপিএলত ৮ টা চিজনত অধিনায়ক হিচাপে দলক নেতৃত্ব দি ৰোহিতে ৫টা ট্ৰফী দখল কৰিলে। ইয়াৰ লগে লগে প্ৰমাণ হ’ল ৰোহিত শৰ্মাৰ দক্ষতা।

ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ অপেনাৰ তথা বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ গুৰুত্বপূৰ্ণ সদস্য গৌতম গম্ভীৰে এক সাক্ষাৎকাৰত কৈছে যে বিৰাটৰ পৰিবৰ্তে ৰোহিতক টি-২০দলৰ নেতৃত্ব প্ৰদান কৰিব লাগে আৰু ভাৰতীয় ক্ৰিকেটৰ উন্নতিৰ বাবে টেষ্ট ক্ৰিকেটত বিৰাটক অধিক মনোনিবেশ কৰিবলৈ সুযোগ দিব লাগে।

গম্ভীৰে কয় যে তেওঁ ৰোহিতক টি-২০ ৰ অধিনায়ক হিচাপে চাব বিচাৰে। আইপিএলত ৰোহিতে প্ৰমাণ কৰিছে তেওঁৰ দক্ষতা। ৮ মেচত নেতৃত্ব দি ৫টা খিতাপ দখল কৰিছে। ইয়াৰ বিপৰীতে বিৰাটে এটাও খিতাপ দখল কৰিব পৰা নাই। মহেন্দ্ৰ সিং ধোনিক ভাৰতীয় ক্ৰিকেটৰ সফল অধিনায়ক বুলি তেওঁ জয় কৰা খিতাপৰ বাবেই কোৱা হয়। সেই অনুসৰি আইপিএলৰ ৰজা ৰোহিত শৰ্মা।

গম্ভীৰে কয়, বিৰাটৰ নেতৃত্ব দুৰ্বল বুলি তেওঁ ক’ব নিবিচাৰে কিন্তু টি-২০ ত যে ৰোহিত ৰজা সেয়া নিশ্চিত। তেওঁৰ মতে ৰোহিতক অধিনায়ক পদ নিদিলে ভাৰতীয় ক্ৰিকেটৰ ক্ষতি হোৱাটো নিশ্চিত।

ইফালে আইপিএলৰ পঞ্চমটো খিতাপ দখল কৰাৰ পিছতে প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগ,ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভ’নৰ লগতে বহু কেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে ৰোহিতক অধিনায়ক পদ দিয়াৰ পোষকতা কৰিছে। আনহাতে সামাজিক মাধ্যমবোৰতো ৰোহিতক নেতৃত্ব অৰ্পন কৰিবলৈ দাবী জনাইছে নেটিজেনসকলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments