Friday, September 30, 2022
HomeNewsৱেষ্ট ইণ্ডিছৰ বাবে দু:খবৰ ! আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কাইৰণ পোলাৰ্ডৰ

ৱেষ্ট ইণ্ডিছৰ বাবে দু:খবৰ ! আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কাইৰণ পোলাৰ্ডৰ

ৱেষ্ট ইণ্ডিছৰ বাবে দু:খবৰ ! আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কাইৰণ পোলাৰ্ডৰ

অলিম্পিয়া প্ৰতিবেদন: দেশৰ জাৰ্চিত আৰু দেখিবলৈ নাপাব কাইৰণ পোলাৰ্ডক। ৱেষ্ট ইণ্ডিজৰ জাতীয় ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ কাইৰণ পোলাৰ্ডে বুধবাৰে সামাজিক মাধ্যমৰ জৰিয়তে কৰিলে অৱসৰৰ ঘোষণা । ১০ বছৰ বয়সতেই ৱেষ্ট ইণ্ডিজ দলৰ হৈ খেলাৰ সপোন দেখা এইজন তাৰকা ক্ৰিকেটাৰৰ সপোন পূৰ হোৱাৰ পাছত বিগত ১৫ টা বছৰে দললৈ আগবঢ়ালে বহু অৱদান । কেৰিয়াৰত এখনো টেষ্ট ক্ৰিকেট নেখেলা এই তাৰকাজনে ১২৩ খন এদিনীয়া, ১০১ খন টি-২০ আন্তৰ্জাতিক মেচ খেলাৰ উপৰি ১৮৪ খন আই পি এল খেলেৰে জিলিকাই ৰাখিছে নিজৰ নাম ।

আৰু অধিক পঢ়ক

এই মেচসমূহৰ ভিতৰত এদিনীয়া ২৭০৬, টি -২০ত ১৫৬৯ আৰু আই পি এলত ৩৩৫০ ৰাণ কৰাৰ লগতে বলিঙৰ ক্ষেত্ৰতো দেখুৱাইছিল নিজৰ দক্ষতা । ১৯৮৭ চনত জন্মগ্ৰহণ কৰা এই অলৰাউণ্ডাৰজনে এদিনীয়াত ৫৫ টা , টি -২০ ত ৪২ টা আৰু আই পি এলত ৬৬ টা উইকেট দখলেৰে ক্ৰিকেট ইতিহাসত সোণালী আখৰেৰে খোদিত কৰিছে নিজৰ নাম । তদুপৰি ২০১২ বৰ্ষত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰা ৱেষ্ট ইণ্ডিজ দলত খেলিছিল পোলাৰ্ডে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখ্য যে ২০০৭ ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া , ২০০৮ ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি- ২০ ত বিশেষ অৰিহণা আগবঢ়াই ক্ৰিকেটাৰজনে । তাৰ পাছতে যোৱা ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণত শেষবাৰৰ বাবে দেশৰ হৈ টি -২০ খেলি যোৱা বুধবাৰে জাতীয় দলৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও চলিত ছিজনৰ আই পি এলত মুম্বাইৰ হৈ অভিযান অব্যাহত ৰাখিছে তেওঁ । সৰ্বমুঠ ৬ কোটি টকাৰে চলিত ছিজনত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিছে এই তাৰকা ক্ৰিকেটাৰজনক । জাতীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা এইজন খেলুৱৈয়ে আই পি এল আৰু কিমান বছৰ খেলিব সেয়া এক চিন্তনীয় বিষয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments