Tuesday, July 5, 2022
HomeNewsঅসমত ক্ৰীড়া বাতৰিৰ শতবৰ্ষ ।

অসমত ক্ৰীড়া বাতৰিৰ শতবৰ্ষ ।

অসমত ক্ৰীড়া বাতৰিৰ শতবৰ্ষ ।

অলিম্পিয়া স্পৰ্টছ: হোটেলত তাণ্ডৱ ৰিকি পণ্টিঙৰ , হাতত তুলি ললে চোকা অস্ত্ৰ আই পি এলত মত বিৰোধ কোনো নতুন বিষয় নহয় । মেচ ফিক্সিঙেই হওক বা আম্পায়াৰৰ ভুল সিদ্ধান্তই নহওক কিয় আই পি এলৰ ইতিহাসত খোদিত আছে বহু বিতৰ্কিত অধ্যায় । এনে সময়ত ক্ষোভিত হোৱা দেখা যায় বহু তাৰকা ক্ৰিকেটাৰক । চলিত ছিজনৰ আই পি এলতো দেখা গ’ল এনে এক বিতৰ্কিত ঘটনা আৰু ইয়াৰ পাছতে খঙত অগ্নিগৰ্ভা হৈ হোটেল ৰুমতে তাণ্ডৱ চলালে অস্ট্ৰেলিয়াৰ এজন প্ৰাক্তন ক্ৰিকেটাৰে । খঙত উত্তেজিত হৈ তেওঁ ৩-৪ টাকৈ ৰিম’ট ভঙাৰ লগতে ৪-৫ টা পানীৰ বটলো চুৰিৰে ফালি পেলোৱাৰ কথা প্ৰকাশ পাইছে ।

আৰু অধিক পঢ়ক

তেওঁ হ’ল অস্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা দিল্লী কেপিটেলছৰ প্ৰশিক্ষক ৰিকি পণ্টিং । যোৱা শুক্ৰবাৰে অনুষ্ঠিত ৰাজস্থান ৰয়েলছ বনাম দিল্লী দলৰ মাজৰ মেছখনৰ পাছতেই দেখা গ’ল এই দৃশ্য । উক্ত মেচত মাত্ৰ ১৫ ৰাণৰ ব্যৱধানত পৰাজয় বৰণ কৰে ঋষভ পণ্ট নেতৃত্বাধীন দিল্লী দলে । ঋষভৰ মতে এই পৰাজয় মুঠেও গ্ৰহণযোগ্য নাছিল । কিন্তু আম্পায়াৰৰ ভুলৰ বাবে মেচৰ শেষ পৰ্যায়ত দুই বেটছমেনক মেচ এৰি পেভেলিয়ানলৈ ঘূৰি আহিবলৈ নিৰ্দেশ দিয়ে অধিনায়কজনে । এটা ন’ বলক কেন্দ্ৰ কৰি সংঘটিত হোৱা এই ঘটনাৰ পাছতে কভিড’ত আক্ৰান্ত হৈ হোটেল ৰুমত সময় কটোৱা প্ৰশিক্ষক পইণ্টিঙৰ উঠিছিল বৃহৎ খং । যাৰ বাবে তেওঁ তুলি ললে চোকা অস্ত্ৰ আৰু ফালিলে কেইবাটাও পানীৰ বটল । লগতে ভাঙিলে কেইবাটাও ৰিম’ট ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখ্য যে কভিড’ৰ নীতি মানি বি চি চি আই-এ চলিত ছিজনৰ আই পি এল-ত ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে আয়োজন কৰিছে মেচসমূহ । মেচৰ আৰম্ভণি পৰ্যায়ত কভিড মহামাৰীয়ে কোনো বিধি-পথালি নিদিলেও পৰৱৰ্তী সময়ত দেখা গ’ল ইয়াৰ বৃহৎ প্ৰভাৱ । এজন দুজন নহয়, দিল্লী কেপিটেলছৰ সৰ্বমুঠ ৬ জন আক্ৰান্ত হৈছিল এই মহামাৰীত । তাৰ মাজৰে এজন আছিল দিল্লীৰ প্ৰশিক্ষক পণ্টিং । যোৱা শুক্ৰবাৰৰ মেচখন কভিড’ৰ বাবে হোটেলৰ পৰাই তদাৰক কৰিছিল পণ্টিঙে । কিন্তু এজন প্ৰশিক্ষকৰ বাবে ইয়াতকৈ হয়তু বিড়ম্বনা একোৱেই নাছিল । মেচৰ শেষ পৰ্যায়ত ঘটা এনে ঘটনাক সহজে গ্ৰহণ কৰিব পৰা নাছিল পণ্টিঙে । যাৰ বাবে তেওঁ সংঘটিত কৰিলে এনে ঘটনা । বিশ্বকাপ দখল কৰাত অষ্ট্ৰেলিয়া ক্ৰিকেট দলক সন্মুখৰ পৰা নেতৃত্ব দিয়া পণ্টিঙৰ এই আচৰণত সকলো স্তম্ভিত হৈছে । স্বভাৱত শান্ত প্ৰকৃতিৰ ৰিকি পণ্টিঙে সততে মানসিক ভাৰসাম্য ৰক্ষা কৰি চলা পৰিলক্ষিত হয় ।


২০০৮ বৰ্ষত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ২০১৩ বৰ্ষত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত অংশ লোৱা পণ্টিঙক দেখা যায় চলিত ছিজনত প্ৰশিক্ষকৰ ৰূপত । কেৰিয়াৰৰ ১৬৪ খন টেষ্টত ১৩৩৭৮ ৰাণ, ৩৭৫ খন এদিনীয়াত ১৩৭০৪ ৰাণ আৰু আন্তৰ্জাতিক টি-২০ ৰ ১৭ খন মেচত ৪০১ ৰাণৰ বৰঙণি আগবঢ়োৱা এজন তাৰকাৰ বাবে বন্দিত্বৰ জীৱন কিমান অসহনীয় সেয়া আনে অনুমান কৰিব নোৱাৰে ! এনে ঘটনাৰ পাছত ক্ৰিকেটপ্ৰেমীৰ মাজত প্ৰশ্ন উৎখাপন হোৱাটো খুবেই স্বাভাৱিক যে অধিনায়ক ঋষভ পণ্ট অথবা পণ্টিঙৰ এনে আচৰণ কিমান গ্ৰহণযোগ্য ?

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments