Wednesday, October 5, 2022
HomeNewsআজিৰ দিনটোতে আৰম্ভ হৈছিল আধুনিক অলিম্পিক : জানোঁ আহক অলিম্পিকৰ ১০...

আজিৰ দিনটোতে আৰম্ভ হৈছিল আধুনিক অলিম্পিক : জানোঁ আহক অলিম্পিকৰ ১০ টা নজনা কথা

olympiasports.in

১৮৯৬ চনৰ আজিৰ দিনটোতেই আধুনিক গ্ৰীষ্মকালীন অলিম্পিক প্ৰতিযোগিতা আৰম্ভ হৈছিল গ্ৰীছৰ এথেঞ্চ চহৰত। আনহাতে চলিত বছৰতে অনুষ্ঠিত হোৱাৰ কথা আছিল টকিঅ’ অলিম্পিক। ক’ৰনা ভাইৰাছৰ প্ৰভাৱৰ বাবে এই অলিম্পিক প্ৰতিযোগিতা ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এটা বছৰ পিছুৱাই দিবলৈ আয়োজকসকল বাধ্য হ’ল। আহকচোন আজি আধুনিক অলিম্পিকৰ কেইটামান বিশেষ কথা জানিবলৈ চেষ্টা কৰোঁ।

অলিম্পিকৰ সোণৰ পদক

সোণৰ পদক নিৰ্মাণ কৰা হয় ৰূপেৰে

সাধাৰণ জনতাৰ এক ধাৰণা আছে অলিম্পিকৰ সোণৰ পদক সম্পূৰ্ণ শুদ্ধ সোণেৰে তৈয়াৰ কৰা হয়। এয়া এক ভুল ধাৰণা। ১৯১২ চনৰ পিছৰ পৰা অলিম্পিকৰ সোণৰ পদকবোৰ অধিক পৰিমাণে ৰূপ আৰু মাত্ৰ ছয় গ্ৰাম সোণৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা হয়। অলিম্পিক ইতিহাসত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ২০১৮ চনৰ শীতকালীন অলিম্পিক প্ৰতিযোগিতাতেই আটাইতকৈ বেছি ওজনৰ সোণৰ পদক দিয়া হৈছিল। সেইবাৰ সোণৰ পদকৰ ওজন আছিল ৫৮৬ গ্ৰাম। ‘এথলন স্প’ৰ্টছ’ৰ তথ্য মতে প্ৰতিটো সোণৰ পদকৰ মূল্য হৈছিলগৈ ২৮,০০০ ডলাৰ।

বিতৰ্কিত বাৰ্লিন অলিম্পিকৰ শিখা প্ৰজ্বলন

অলিম্পিক শিখা দৌৰ প্ৰাচীন পৰম্পৰা নহয়

অলিম্পিক প্ৰতিযোগিতগৰ আৰম্ভণিতে অলিম্পিক শিখা প্ৰজ্বলন কৰা হয়। কিন্তু ইয়াৰ আৰম্ভণি আছিল বিতৰ্কিত।১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকত সময়ত আৰম্ভ হৈছিল এই পৰম্পৰা।অলিম্পিকৰ মুখ্য আয়োজক কাৰ্ল ডায়মে নাজি বাহিনীৰ প্ৰচাৰৰ এক অংশ হিচাপে এই শিখা দৌৰ আৰম্ভ কৰিছিল। এই শিখা দৌৰ গ্ৰীছ, বোলগেৰীয়া, য়ুগৌশ্লাভিয়া, হাংগেৰী, অষ্ট্ৰিয়া আৰু চেকৌশ্লাভিয়া হৈ পাৰ হৈ গৈছিল। নাজি বাহিনীৰ পৰিকল্পনা আছিল ১০ বছৰৰ ভিতৰত এইকেইখন দেশ নাজি বাহিনীৰ অধিনলৈ আহিব।

বিশ্বযুদ্ধৰ আৰম্ভ হোৱাৰ পূৰ্বৰ অলিম্পিক

অলিম্পিক তিনিবাৰ বাতিল হৈছিল

আধুনিক অলিম্পিক প্ৰতিযোগিতা তিনিবাৰ বাতিল কৰিবলগীয়া হৈছিল। ২০১৬ চনৰ প্ৰথম বিশ্বযুদ্ধৰ বাবে প্ৰথমবাৰ অলিম্পিক প্ৰতিযোগিতা বাতিল হোৱাৰ পিছত ১৯৪০ আৰু ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে দ্বিতীয় আৰু তৃতীয় বাৰৰ বাবে অলিম্পিক প্ৰতিযোগিতা বাতিল হৈছিল।

অলিম্পিকৰ প্ৰতীক

অলিম্পিকৰ ৰিঙে সকলো দেশৰে ৰাষ্ট্ৰীয় পতাকাক প্ৰতিনিধিত্ব কৰে

আধুনিক অলিম্পিকৰসংস্থাপক বেৰন পিয়েৰ ডি কপাৰ্টিনে অলিম্পিকৰ বাবে পাঁচটা আঙুঠিৰ এটা প্ৰতীক কল্পনা কৰিছিল। এই পাঁচটা আঙুঠিৰ বাবে তেওঁ পাঁচটা বিশেষ ৰং নিৰ্ধাৰণ কৰিছিল। সেয়া হৈছে নীলা, সেউজীয়া, হালধীয়া, ক’লা আৰু ৰঙা। এই পাঁচোটা ৰঙৰ যিকোনো এটাই বিশ্বৰ যিকোনো এখন ৰাষ্ট্ৰৰে ৰাষ্ট্ৰীয় পতাকাক প্ৰতিনিধিত্ব কৰে।

আধুনিক অলিম্পিক আৰম্ভ হৈছিল ইয়াতেই

মাত্ৰ পাঁচখন দেশে আধুনিক অলিম্পিকৰ সকলোতে অংশগ্ৰহণ কৰিছে

আধুনিক অলিম্পিক প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈ মাত্ৰ পাঁচখন দেশেহে ধাৰাবাহিকভাৱে সকলো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছে। এখনো অলিম্পিক প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাকৈ নথকা এই পাঁচখন দেশ হ’ল গ্ৰীছ, বৃটেইন, ফ্ৰান্স, ছুইজাৰলেণ্ড আৰু অষ্ট্ৰেলিয়া।

আমেৰিকাৰ এডি ইগান

মাত্ৰ এজন ব্যক্তিয়ে গ্ৰীষ্ম আৰু শীত এই দুই অলিম্পিকতে সোণৰ পদক লাভ কৰিছে

আমেৰিকাৰ এডি ইগান এনে এজন অলিম্পিয়ান যিয়ে গ্ৰীষ্মকালীন আৰু শীতকালীন এই দুই অলিম্পিকতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৯২০ চনত আমেৰিকাত অনুষ্ঠিত হোৱা অলিম্পিকত বক্সিংত সোণৰ পদক লাভ কৰিছিল। আকৌ ১৯৩২ চনৰ অলিম্পিকত দলীয় ভাৱে ববশ্লে’ড ইভেণ্টত ইগানে সোণৰ পদক লাভ কৰে।

ডেনিয়েল কেৰল

দুজন এথলিটে দুখন দেশৰ বাবে খেলি লাভ কৰিছে সোণৰ পদক

আধুনিক অলিম্পিকৰ ইতিহাসত দুজনেই এনেকুৱা এথলিট আছে যিয়ে ভিন্ন সময়ত দুখন দেশৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰিছে। ১৯০৮ চনত ডেনিয়েল কেৰল নামৰ এথলিট জনে অষ্ট্ৰেলিয়াৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰিছিল। সেইবাৰ ডেনিয়েলে ৰাগবীত সোণৰ পদক লাভ কৰিছিল। আকৌ এইগৰাকী এথলিটে ১৯২০ চনত আমেৰিকাৰ হৈ অলিম্পিকত প্ৰতিনিধিত্ব কৰি লাভ কৰিছিল সোণৰ পদক। আনহাতে কাকী কাক্ষীশিলে ১৯৯৬ চনত বাৰ্চিলোনা অলিম্পিকত উইনিফাইদ টিমৰ হৈ আৰু ২০০০ চনৰ অলিম্পিকত গ্ৰীক নাগৰিক হিচাপে অলিম্পিকত অংশগ্ৰহণ কৰি ভাৰোত্তোলনত সোণৰ পদক অৰ্জন কৰিছিল।

প্ৰাচীন অলিম্পিকৰ বাবে জিমনাষ্ট সকলে অনুশীলন কৰাৰ দৃশ্য

এথলিটে নগ্ন হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল

‘Gymnasium’ শব্দটো আহিছে গ্ৰীক শব্দ ‘Gymnos’ ৰ পৰা। যাৰ অৰ্থ হৈছে নগ্ন। Gymnasium ৰ শাব্দিক অনুবাদ হয় আকৌ ‘School for naked exercise’

Hans-Gunnar Liljenwall

১৯৬৮ চনলৈকে ড্ৰাগ নিলম্বন হোৱা নাছিল

Hans-Gunnar Liljenwall নামৰ এগৰাকী ছুইজাৰলেণ্ডৰ এথলিটক পৰীক্ষা কৰা হৈছিল আৰু তেওঁৰ দেহত এলকলহলৰ উপস্থিতি ধৰা পৰিছিল। এথলিট গৰাকীয়ে পেণ্টাথ’লনৰ পূৰ্বে কেইবাটাও বিয়েৰ পান কৰিছিল। যাৰ বাবে তেওঁক নিলম্বন কৰা হৈছিল।

অলিম্পিকত অংশলোৱা সৰ্বকনিষ্ঠ ১০ বছৰীয়া Dimitrios Loundras

মাত্ৰ ১০ বছৰ বয়সতে অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছিল

আধুনিক অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠ খেলুৱৈগৰাকীৰ বয়স আছিল ১০ বছৰ। ১৮৯৬ চনৰ এথেঞ্চ অলিম্পিকত অংশগ্ৰহণ কৰা গ্ৰীকৰ Dimitrios Loundras নামৰ জিমনাষ্ট গৰাকীয়েই আছিল অলিম্পিকত অংশলোৱা আটাইতকৈ কনিষ্ঠ খেলুৱৈ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments