Wednesday, October 5, 2022
HomeNews...এই ১০ টা কাৰণৰ বাবেই বাৰ্চিলোনা এৰি যাব ওলাইছে মেচি!!

…এই ১০ টা কাৰণৰ বাবেই বাৰ্চিলোনা এৰি যাব ওলাইছে মেচি!!

অলিম্পিয়া প্ৰতিবেদন

বাৰ্চিলোনাৰ শেহতীয়া ক’ভিড টেষ্টতো তেওঁ অংশ লোৱা নাই। অংশ লোৱা নাই প্ৰাক-কালীন অনুশীলনতো। আৰু হয়তো বাৰ্চিলোনাৰ হৈ খেলা ন’হব লিয়নেল মেচিৰ। খবৰ ওলাইছে মেচিয়ে এৰিব বাৰ্চিলোনা।

২০০০ বৰ্ষত মেচি বাৰ্চিলোনালৈ আহিছিল কেৱল ১৩ বছৰ বয়সত। সেই দৃষ্টিৰে চাবলৈ গ’লে ক্লাবটোত ২০ টাকৈ বৰ্ষ কটালে মেচিয়ে। এই সময়ছোৱাত মেচি আৰু বাৰ্চিলোনা এটা আনটোৰ পৰিপূৰক হৈ পৰিছিল। হৈ পৰিছিল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এতিয়া সেয়া যেন অতীত। যেন মধুচন্দ্ৰিকাৰ অন্ত পৰিছে ক্ৰমাৎ।

শাৰীৰিকভাৱে ন’হলেও মানসিকভাৱে দূৰত্ব বাঢ়িছে মেচি আৰু বাৰ্চিলোনাৰ। বেছিদিন নাই। হয়তো খুব সোনকালেই বাৰ্চিলোনাৰ অনুৰাগীসকলে লাভ কৰিব সেই দুখৰ খবৰ।

কিন্তু, এই সময়ত প্ৰশ্ন উত্থাপন হৈছে কিয় মেচিয়ে বাৰ্চিলোনা এৰি যাব ওলাইছে। মেচি ক্লাব এৰি যাবলৈ ওলোৱাৰ আঁৰত কি কি কাৰণ আছে!! তাৰ বিষয়ে, অনেক অনুৰাগীয়েই হয়তো নাজানে। আহকচোন আমি চাওঁ কি কাৰণ থাকিব পাৰে মেচিয়ে বাৰ্চিলোনা এৰাৰ আঁৰত!

মেচিৰ এই ইচ্ছাৰ আঁৰত আছে কিছু আইনগত কাৰণ আৰু আন কিছু খেল সম্পৰ্কীয় কাৰণ।

১) মেচিয়ে বাৰ্চিলোনা এৰাৰ কথা ইতিপূৰ্বে বহুবাৰ দলৰ কৰ্তৃপক্ষক জনাইছে। ইয়াৰ কাৰণৰ ভিতৰত এটা অন্যতম কাৰণ হৈছে চিজন সমাপ্তিত ঘটা বিলম্ব। মূলত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মেচিক সময় দিয়া হৈছিল ১০ জুন। কিন্তু বৰ্তমান এই তাৰিখক লৈও চলোৱা হৈছে আইনী যুজঁ। এই তাৰিখক লৈ বাৰ্চিলোনাই তেওঁৰ লগত যি ব্যৱহাৰ কৰিছে তাক লৈও ক্ষুণ্ণ হৈ পৰিছে মেচি।

২) মেচিৰ সৈতে বাৰ্চিলোনাৰ যিখন চুক্তি হৈছিল তাত অব্যাহতি লোৱাৰ পৰত ৭০০ মিলিয়ন ইউৰোৰ কথা উল্লেখ কৰা হোৱা নাছিল।

৩) বেছ কিছুদিন ধৰি বাৰ্চিলোনাৰ অধ্যক্ষ মাৰীয়া বাৰ্টেমুয়ে বহুকেইটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে ইচ্ছা কৰিলেই মেচিয়ে দল এৰি যাব পাৰিব।

খেল সম্পৰ্কীয় কাৰণ:

৪) মূলতঃ ২০২০ৰ চেম্পিয়নছ লীগত শোচনীয় পৰাজয়ৰ পিছতে চৰ্চাত আছিল মেচিৰ দল ত্যাগৰ কথা। বাৰ্চিলোনাৰ সমুখত সম্প্ৰতি যিবোৰ প্ৰকল্প আছে, সেয়া বৰ বেছি উচ্চাভিলাসী নহয়। দলটোৰ ভৱিষ্যতক লৈও সন্দিহান মেচি। প্ৰায় সময়তে, দলে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিয়েই যুঁজত অৱতীৰ্ণ হয়। সেই কথা কেতিয়াও গ্রহণযোগ্য নহয় ফুটবলাৰগৰাকীৰ বাবে।

৫) প্ৰশিক্ষক আৰ্ণেষ্টা ভালভাৰ্ডেকক বৰ্খাস্ত কৰা কাৰ্যক সমৰ্থন কৰা নাছিল মেচিয়ে। দলীয় মেনেজমেণ্টৰ সেই সময়ৰ আচৰণক সমৰ্থন দিব পৰা নাছিল মেচিয়ে। প্ৰশিক্ষকৰ আৰ্ণেষ্টাৰ অনুপস্থিতিত দলত নিৰাপদ নোহোৱাৰ আশংকা কৰিয়ে মেচি দল এৰি যাব ওলোৱা বুলি গুজৱ ওলাইছে সৰ্বত্ৰে।

৬) বাৰ্চিলোনাৰ বোৰ্ডৰ সৈতে মেচিৰ সমস্যা গুৰুতৰ। বোৰ্ডৰ কিছু কথাক সমৰ্থন কৰিবলৈ টান পাইছিল মেচিয়ে। আনকি শেহতীয়াকৈ সন্মুখীন হোৱা ছ’চিয়েল মিডিয়া কেলেংকাৰীৰ ক্ষেত্ৰত বোৰ্ডৰ স্থিতিক লৈ সন্তুষ্ট নাছিল মেচি।

৭) বাৰ্চিলোনাৰ আন এগৰাকী কৰ্মকতাৰ সৈতে ঘটা সম্পৰ্কৰ অৱনতিও মেচি দল এৰি যাবলৈ ওলোৱাৰ আন এক কাৰণ। সেইজন হৈছে স্পৰ্টিং ডিৰেক্টৰ এৰিক আবিদাল। উল্লেখ্য যে এৰিক আবিদাল আছিল প্ৰশিক্ষক আৰ্ণেষ্টাৰ বৰ্খাস্তৰ আঁৰৰ মানুহ।

৮) মেচিয়ে লাহে লাহে অনুভৱ কৰিবলৈ ধৰিছে যে দলত তেওঁৰ মতামতৰ গুৰুত্ব ক্ৰমে হ্ৰাস পাইছে।

৯) মেচিয়ে অনুভৱ কৰিছে যে দলটোত বৰ্তমান নতুন তেজৰ সঞ্চাৰ হোৱা দৰকাৰ। নতুন শক্তিৰ আগমনৰ বাট মুকলি কৰি দি পুৰণিসকলে স্থান খালি কৰি দিয়া যুগুত।

১০) ইয়াৰ উপৰিও, বাৰ্চিলোনাৰ ছ’চিয়েল মিডিয়া কেলেংকাৰীত মেচি আৰু তেওঁৰ পত্নীক লক্ষ্য কৰি লোৱা কথাত ক্ষুণ্ণ হৈছিল তেওঁ। সিও দল এৰিব খোজাৰ এক অন্যতম কাৰণ হ’ব পাৰে বুলি এতিয়া বিভিন্নজনে সন্দেহ ব্যক্ত কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments