Monday, October 3, 2022
HomeNewsধোনিৰ এই বিশেষ দিনটোত জানোঁ আহকচোন ধোনিৰ বিষয়ে নজনা দহটা বিশেষ কথা

ধোনিৰ এই বিশেষ দিনটোত জানোঁ আহকচোন ধোনিৰ বিষয়ে নজনা দহটা বিশেষ কথা

olympiasports.in

২০০৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ অভূতপূৰ্ব অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ প্ৰথমটো শতক কৰিবলৈ সক্ষম হৈছিল। এগৰাকী সফল অধিনায়ক হোৱাৰ উপৰিও ধোনি বিশ্বৰ এগৰাকী অন্যতম সফল উইকেটকীপাৰ আৰু সফল ফিনিচাৰ। আহকচোন আজি ধোনিৰ বিষয়ে ১০ টা নজনা কথা জানিবলৈ চেষ্টা কৰোঁ।

ধোনিক অধিনায়ক হিচাপে প্ৰস্তাৱ কৰিছিল ক্ৰিকেটৰ ভগৱানে

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে ধোনিৰ নামটো প্ৰস্তাৱ কৰিছিল ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে। শচীনৰ সেই প্ৰস্তাৱ অনুসৰিয়েই ধোনিক ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছিল।

ভাৰতীয় সেনাৰ সন্মানীয় লে’ফটে’নণ্ট কৰনল সন্মান লাভ কৰা দ্বিতীয়জন ক্ৰিকেটাৰ

মহেন্দ্ৰ সিং ধোনিক ভাৰতীয় সেনাই প্ৰদান কৰিছে সন্মানীয় লে’ফটে’নণ্ট কৰনল উপাধি। ভাৰতীয় সেনাই এই সন্মানীয় সন্মান কেৱল দুগৰাকী ক্ৰিকেটাৰলৈহে আগবঢ়াইছে। ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপজয়ী ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱৰ পিছত ধোনিয়ে লাভ কৰিছে এই সন্মানীয় সন্মান।

বলিউডৰ এগৰাকী অভিনেতাৰ হেয়াৰ ষ্টাইলৰ প্ৰতি আকৰ্ষিত হৈছিল ধোনি

ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাৰ সময়ত বা কেৰিয়াৰৰ প্ৰথম অৱস্থাত ধোনিৰ চুলি দীঘল আছিল। সেইসময়ত ধোনিৰ হেয়াৰ ষ্টাইলে বিশেষ চৰ্চা লাভ কৰিছিল। আপুনি জানেনে ধোনিয়ে সেই ষ্টাইল কাৰ পৰা নকল কৰিছিল? বলিউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহমৰ দীঘল চুলিয়ে ধোনিক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। যাৰ বাবে ধোনিয়ে নিজৰ চুলিখিনি জনৰ চুলিৰ দৰেই দীঘল কৰি লৈছিল।

ধোনিৰ জীৱনত প্ৰভাৱ পেলাইছে তেওঁৰ দুটা পোহনীয়া কুকুৰে

ধোনিৰ আছে দুটা পোহনীয়া কুকুৰ। জৰাহ আৰু চেম। এই পোহনীয়া কুকুৰ দুটাই ধোনিৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ধোনিৰ অতি মৰমৰ এই কুকুৰ দুটাৰ লগত ধোনিক প্ৰায়েই দেখিবলৈ পোৱা যায়।

হেলিকপ্টাৰ শ্বট ধোনিৰ নিজা নহয়

ধোনিয়ে খেল পথাৰত ‘হেলিকপ্টাৰ শ্বট’ নামৰ এক বিশেষ শ্বট খেলা দেখিবলৈ পোৱা যায়। বহুতেই জানে যদিও কৈ থ‌ও এই শ্বট ধোনিৰ নিজা নহয়। ধোনিৰ বন্ধু তথা এসময়ৰ ঝাৰখণ্ড ক্ৰিকেট দলৰ খেলুৱৈ সন্তোষ লালৰ পৰাহে ধোনিয়ে এই শ্বট শিকিছিল।

দেউৰী মন্দিৰ ধোনিৰ অতি প্ৰিয়

ঝাৰখণ্ডৰ ৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আছে দেউৰী মন্দিৰ। এই মন্দিৰ ধোনিৰ অতি প্ৰিয়। সময় পালেই ধোনিয়ে ঐই মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰে।

ধোনিৰ প্ৰিয় গায়ক কোন জানেনে?

ধোনিৰ সংগীতৰ প্ৰতি আছে এক অন্য অনুৰাগ। ধোনিয়ে পুৰণি হিন্দী চিনেমাৰ ক্লাছিকেল সংগীত শুনি পৰম তৃপ্তি লাভ কৰে। তেওঁৰ প্ৰিয় সংগীত শিল্পী কিশোৰ কুমাৰ।

চিকেন ধোনিৰ প্ৰিয় খাদ্য

খাদ্যৰখিক ধোনিৰ প্ৰিয় খাদ্য চিকেন। ধোনিৰ আন এবিধ প্ৰিয় খাদ্য হ’ল ফাজ চকলেট।

ধোনিৰ প্ৰিয় WWE

WWE ধোনিৰ অতি প্ৰিয়। ব্ৰেট ধোনিৰ প্ৰিয় ৰেষ্টলাৰ। আনহাতে ফুটবল আৰু বেডমিণ্টনো ধোনিৰ প্ৰিয়। আপুনি জানি আচৰিত হ’ব বেঢমিণ্টনটো ধোনি ক্ৰিকেটৰ দৰেই অতি দক্ষ।

ধোনিয়ে তেওঁৰ পত্নীক লগ পাইছিল কলকাতাত

এই কথা হয়তো আপোনালোকে সকলোৱে জানে যে ধোনিৰ পত্নী সাক্ষী। এই সাক্ষীক ধোনিয়ে লগ পাইছিল কলকাতাৰ এখন হোটেলত ২০০৭ চনত। কলকাতাৰ বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামত পাকিস্তানৰ বিপক্ষে এখন মেচ খেলি উভটি অহাৰ সময়ত ধোনি মুখামুখি হৈছিল সুন্দৰী সাক্ষীৰ সৈতে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments