Friday, September 30, 2022
HomeNewsমেৰী কমৰ বিষয়ে নজনা ১০ টা বিশেষ কথা : দেখিবলৈ পাব আপুনি...

মেৰী কমৰ বিষয়ে নজনা ১০ টা বিশেষ কথা : দেখিবলৈ পাব আপুনি নেদেখা মেৰী কমৰ বহু কেইখন ফটো

olympiasports.in

মেৰী কম। নামেই যাৰ পৰিচয়। সম্পূৰ্ণ নাম মাংগতে চাংগনেইজেং মেৰী কম। ১৯৮৩ চনৰ ১ মাৰ্চত জন্ম গ্ৰহণ কৰা এইগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰখ্যাত বক্সাৰ বিশ্ব সমাদৃত। এনে লোক খুব কমেই আছে যিয়ে মেৰী কমৰ নাম শুনি পোৱা নাই। আজি আপোনালোকলৈ লৈ আহিছোঁ মেৰী কমৰ ১০ বিশেষ কথা। যি হয়তো আপুনি নাজানে। আহকচোন মেৰী কমৰ বিষয়ে এই ১০ টা বিশেষ অথা জানিবলৈ চেষ্টা কৰোঁ।

কণমানি মেৰী কম

বক্সিংৰ বাবে সম্পূৰ্ণ কৰিব পৰা নাছিল স্কুলীয়া শিক্ষা

বক্সিংৰ প্ৰতি থকা অনুৰাগৰ বাবেই মেৰী কমে সম্পূৰ্ণ কৰিব পৰা নাছিল তেওঁৰ স্কুলীয়া শিক্ষা। অৱশ্যে দূৰ শিক্ষাৰ মাধ্যমৰ জৰিয়তে মেৰীকমে পৰবৰ্তী সময়ত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ উপৰিও স্নাতক পৰ্যায়লৈ অধ্যয়ন কৰিছিল।

স্কুলীয়া ছাত্ৰী মেৰী কম

কলেজ শেষ কৰাৰ পিছতহে বক্সিংক অধিক গুৰুত্ব প্ৰদান কৰিছিল

ওপৰত আমি উল্লেখ কৰিছোঁ যে মেৰীকমে বক্সিংৰ বাবে নিজৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰিব পৰা নাছিল। পৰবৰ্তী সময়ত দূৰ শিক্ষা মাধ্যমেৰে গ্ৰেজুৱেচন সম্পূৰ্ণ কৰিছিল। কিন্তু আপুনি জানেনে মেৰীকমে গ্ৰেজুৱেচন সম্পূৰ্ণ কৰাৰ পিছতহে বক্সিংক অধিক গুৰুত্ব প্ৰদান কৰিছিল। সেই সময়ত মণিপুৰৰ আন এগৰাকী বক্সাৰ ডিঙ্গৌ সিঙে বেংকক এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰাৰ পিছতে মেৰীকম উৎসাহিত হৈ পৰে আৰু ডিঙ্গৌ সিঙক নিজৰ আইড’ল হিচাপে লৈ বক্সিং জগতত অন্য এক যুগৰ সূচনা কৰিবলৈ আৰম্ভ কৰে।

যেতিয়া মেৰী কমে সূচনা কৰিছিল এক অন্য যুগৰ

নিজ পৰিয়ালেই হৈ পৰিছিল হেঙাৰ

মেৰীকমে বক্সিং জগতলৈ অহাৰ ক্ষেত্ৰত প্ৰথমেই বাধা আহিছিল নিজৰ পৰিয়ালৰ পৰা। তেওঁৰ পৰিয়াল অৰ্থাৎ পিতৃ-মাতৃয়ে মেৰীকমক বক্সিং খেলিবলৈ দিব বিচৰা নাছিল। তেওঁলোকৰ মতে বক্সিং ‘মহিলাৰ ক্ৰীড়া’ নহয়। মেৰীকমে যেতিয়া তেওঁৰ প্ৰথম খিতাপ দখল কৰিছিল সেই বাতৰি মণিপুৰৰ স্থানীয় বাতৰি কাকতত বৰ বৰ আখৰেৰে প্ৰকাশ পাইছিল‌। সমগ্ৰ মণিপুৰে গৌৰৱ কৰিছিল। সদায়েই কাকতৰ জৰিয়তে দেশৰ খবৰ ৰখা মেৰীকমৰ পিতৃয়ে অথচ সেই বাতৰি এবাৰো চকু ফুৰাই চোৱা নাছিল।

পিতৃ-মাতৃৰ লগত মেৰী কম

উপযুক্ত প্ৰশিক্ষণ অবিহনেই লাভ কৰিলে এছিয়ান গেমছত পদক

হয়, প্ৰতিভা থাকিলে তাক বিকাশ হোৱাত কোনে বাধা দিব পাৰে? মেৰীকমে তেওঁৰ আইড’ল বক্সাৰ ডিঙ্গৌ সিঙৰ পৰা এছিয়ান গেমছত পদক লাভ কৰাৰ পিছৰ পৰা হে উপযুক্ত প্ৰশিক্ষণ লাভ কৰিছিল।

মেৰী কমৰ পৰিয়াল। বাওঁফালৰ পৰা ক্ৰমে মেৰী কমৰ স্বামীৰ ভগ্নী, মেৰী কমৰ ভাতৃ সুপৰেঙ্গ, দেউতাক টনপা সৰু ভনীয়েক কিনদি আৰু মাতৃ আখাম।

প্ৰথম প্ৰতিযোগিতাত লাভ কৰিছিল ৰূপৰ পদক

মেৰীকমৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অভিষেক ঘটিছিল ২০১ চনত। সেইবছৰ আমেৰিকাৰ Pennsylvania চহৰত অনুষ্ঠিত হোৱা Woman’s World Amateur Boxing Championship ত মেৰীকমে লাভ কৰিছিল ৰূপৰ পদক।

ছবাৰৰ বিশ্ব চেম্পিয়ন

উত্তৰ পূৰ্বাঞ্চলৰ বক্সাৰ মেৰীকমে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছবাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। বহুতে অজিও মেৰীকমে পাঁচ বাৰহে এই খিতাপ দখল কৰিছিল বুলি ভুল কৈ ভাবে।

ষষ্ঠ বাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰাৰ পিছত মেৰী কম

মেৰীকম দুটা সন্তানৰ নহয় তিনি সন্ততান মাতৃ

বহুতে ভাবে মেৰীকমৰ আছে দুটা যমজ সন্তান। হয় মেৰী কমৰ আছে যমজ সন্তান। ২০০৭ চনত মেৰী কমে জন্ম দিছিল দুই যমজ সন্তান। Rechungvan Kom আৰু Khupneivar Kom । আনহাতে ২০১৩ ত মেৰী কমে জন্ম দিয়ে তেওঁৰ তৃতীয় সন্তান Prince Mom । তিনি সন্তানৰ মাতৃ হোৱাৰ পিছতো মেৰীকমে লাভ কৰিছে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ‌।

তিনি সন্তানৰ মাতৃ মেৰী কম

মেৰীকমে লাভ কৰিছে পদ্ম সন্মান

এইগৰাকী বক্সাৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা সকলো কেইটা পদ্ম সন্মান ইতিমধ্যে লাভ কৰিছে। ২০০৬ চনত পদ্মশ্ৰী, ২০১৩ চনত পদ্মভূষণ আৰু ২০২০ চনত লাভ কৰিছে পদ্ম বিভূষণ সন্মান। ইয়াৰ উপৰিও মেৰীকমে ২০০৩ চনত ভাৰত চৰকাৰৰ অৰ্জুন বঁটা, ২০০৯ চনত ৰাজীৱ গান্ধী খেলৰত্ন বঁটা, ২০১২ চনত CNN-IBN Indian of the year Special Achievement বঁটা আৰু ২০১৪ চনত Big Star Most Entertaining Sports person of the year বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও লাভ কৰিছে অসংখ্য সৰু-বৰ সন্মান।

ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা পদ্ম সন্মান গ্ৰহণ কৰাৰ সময়ত মেৰী কম

অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা বক্সাৰ

মেৰীকমে ২০১২ চনৰ লণ্ডন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুবিধা লাভ কৰিছিল। সেইবাৰ ভাৰতৰ একমাত্ৰ মহিলা বক্সাৰ হিচাপে লণ্ডন অলিম্পিকত ভাৰতক মেৰীকমে প্ৰতিনিধিত্ব কৰি লাভ কৰিছিল ব্ৰঞ্জৰ পদক।

অলিম্পিকত পদক জয়ৰ পিছত

ৰাজ্যসভাৰ সাংসদ

২০১৬ চনৰ ২৫ এপ্ৰিলত তদানীন্তন ৰাষ্ট্ৰপতিয়ে মেৰী কমক ৰাজ্যসভালৈ মনোনীত কৰিছিল।

মেৰী কমৰ আইড’ল ডিঙ্গৌ সিং
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments