Monday, July 4, 2022
HomeNewsগুৱাহাটীত নিৰ্মল নুনিছা আৰু যোগেন্দ্ৰ নাৰায়ণ গায়ন সোঁৱৰণী চতুৰ্দশ আন্তঃজিলা ছেপাক টাক্ৰ'

গুৱাহাটীত নিৰ্মল নুনিছা আৰু যোগেন্দ্ৰ নাৰায়ণ গায়ন সোঁৱৰণী চতুৰ্দশ আন্তঃজিলা ছেপাক টাক্ৰ’

অলিম্পিয়া প্ৰতিবেদন

অসম ছেপাক টাক্ৰ’ সন্থাৰ উদ্যোগত অহা ৪ আৰু ৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰয়াত নিৰ্মল নুনিছা আৰু যোগেন্দ্ৰ নাৰায়ণ গায়ন সোঁৱৰণী চতুৰ্দশ সংখ্যক আন্তঃজিলা ছেপাক টাক্ৰ’ প্ৰতিযোগিতা।

প্ৰতিযোগিতাখনৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ৰাজ্যিক সন্থাটোৱে। সন্থাৰ সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিছাই আজি এক বিবৃতিৰ জৰিয়তে জনোৱা অনুসৰি প্ৰতিযোগিতাখন পুৰুষ আৰু মহিলা শাখাত অনুষ্ঠিত হব আৰু অসম পুলিচকে ধৰি ১৫ খন জিলাৰ দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত যোগদানৰ বাবে ২৮ জানুৱাৰী অন্তিম দিন ধার্য্য কৰিছে সন্থাটোৱে।

অংশগ্ৰহণকাৰী খেলুৱৈৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰিছে আয়োজকে। যোগদানকাৰী দলসমূহক ৩ ফেব্ৰুৱাৰীত প্ৰতিযোগিতা থলীত উপস্থিত হৈ আয়োজক কমিটিৰ সভাপতি ভাস্কৰ জে গগৈ( ৯৪৩৫০ ১৪৬৩২), সম্পাদক বিষ্ণুৰাম নুনিছা(৯৪৩৫১ ৬৬১৩৩) আৰু যুটীয়া সম্পাদক সিদ্ধাৰ্থ সন্দিকৈৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments