অলিম্পিয়া প্ৰতিবেদন
২০২০ ৰ আই পি এল সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত বি চি চি আয়ে টঙালি বান্ধিছে ২০২১ৰ আই পি এলৰ বাবে। সকলো ঠিকে থাকিলে ২০২১ত আই পি এল অনুষ্ঠিত হ’ব ভাৰতত। ইতিমধ্যে এই কথাৰ ইংগিত দিছে বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে। ইয়াৰ লগতে আই পি এলৰ চতুৰ্দশটো সংস্কৰণত আৰু এটা নতুন দল চামিল হোৱাৰ পূৰ্ণ সম্ভৱনা আছে।
‘দ্য হিন্দু’ত প্ৰকাশ পোৱা বাতৰি অনুসৰি ২০২১ত আহমেদাবাদৰ নামত আই পি এলে লাভ কৰিব পাৰে এটা নতুন দল। ইতিমধ্যে গুজৰাট ক্ৰিকেট এছ’চিয়েচনে আহমেদাবাদৰ ষ্টেডিয়ামখনৰ দৰ্শকৰ আসনৰ সংখ্যা ১,১০,০০০ লৈ বৃদ্ধি কৰিছে।
উল্লেখযোগ্য যে, কৰ’না মহামাৰীৰ বাবে লোকচানৰ সন্মুখীন হোৱাৰ পিছত বি চি চি আইৰ অৰ্থনৈতিক দিশটোক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে সংস্থাটোৱে নতুন দলৰ অন্তর্ভূক্তি চিন্তা কৰা বুলি জানিব পৰা গৈছে।