Tuesday, October 4, 2022
HomeNewsঅলিম্পিকত স্বাধীন ভাৰতৰ প্ৰথমটো ঐতিহাসিক মুহূৰ্ত; যিদিনা ব্ৰিটিছৰ বিৰুদ্ধে মধুৰ পোটক তুলিছিল...

অলিম্পিকত স্বাধীন ভাৰতৰ প্ৰথমটো ঐতিহাসিক মুহূৰ্ত; যিদিনা ব্ৰিটিছৰ বিৰুদ্ধে মধুৰ পোটক তুলিছিল ভাৰতে

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

১৯৪৮ চনৰ আগলৈকে ভাৰতে হকীত তিনিটাকৈ অলিম্পিক স্বৰ্ণ দখল কৰিবলৈ সক্ষম হৈছিল। ১৯২৮, ১৯৩২,১৯৩৬ এই তিনিটা অলিম্পিকত একেলেথাৰিয়ে ভাৰতীয় হকী দলে স্বৰ্ণ পদক অর্জন কৰিছিল। ইয়াৰ পাছত ১৯৪৮ চনত ভাৰতীয় হকী দলে ভাৰতৰ বাবে চতুৰ্থটো অলিম্পিক পদক কঢ়িয়াই আনিছিল। বাকী কেইটাতকৈ এই চতুৰ্থ পদকটো ভাৰতৰ বাবে বিশেষ আছিল। বহুকেইটা দিশৰ পৰা অলিম্পিকৰ এই পদক লাভ ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ বাবে গুৰুত্বপূৰ্ণ আছিল।

প্ৰথম কথা হ’ল ভাৰতে স্বাধীনতা লাভ কৰা তেতিয়াও এবছৰেই সম্পূৰ্ণ হোৱা নাছিল। ইফালে, স্বাধীন ভাৰত দ্বি-খণ্ডিত হোৱাৰ পাছৰ অৱৰ্ণনীয় পৰিৱেশ-পৰিস্থিতিয়ে ভাৰতক জুৰুলা কৰি ৰাখিছিল। কেউফালে বিশৃংখলতাৰ সূচনা হৈছিল ভাৰতত। তেনে এক সন্ধিক্ষণত ভাৰতৰ বাবে অলিম্পিকত ভাগ লোৱাতো এক বৃহৎ প্ৰত্যাহ্বান হৈ থিয় দিছিল। আনকি ভাৰত আৰু পাকিস্তানক কোনো এক মহলে সেই সময়ত একেলগে অলিম্পিকত ভাগ লোৱাৰ পৰামৰ্শ দিয়া হৈছিল। কিন্তু সেই পৰামৰ্শৰ প্ৰতি কোনো এখন দেশেই বিশেষ কাণসাৰ দিয়া নাছিল। মূৰুকত দুয়োখন দেশে পৃথকে পৃথকে ভাগ লৈছিল ১৯৪৮ ৰ সেই ঐতিহাসিক লণ্ডন অলিম্পিকত।

ভাৰতীয় হকী ফেডাৰেচনৰ সেই সময়ৰ অধ্যক্ষ আছিল নেভেল টাটা। ভাৰতৰ অলিম্পিক যাত্ৰা সম্ভৱ হৈছিল নেভেল টাটাৰ আন্তৰিক প্ৰচেষ্টাতহে। ছেদেলি-ভেদেলি হৈ থকা ভাৰতীয় হকী ক্ষেত্ৰখনক টাটাই সেই সময়ত থান থিত লগাইছিল। নতুন তেজৰ এচাম নতুন প্ৰজন্মৰ যুৱকৰে অলিম্পিক অভিমুখী দল গঠন কৰা হৈছিল। কোনো এজনৰে নাছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ অভিজ্ঞতা। দলটোত মুম্বাইৰ আছিল আঠ জনকৈ খেলুৱৈ। নেতৃত্বত আছিল ৰেলৱেৰ কিষণ লাল। দলটোত চামিল হৈছিল লেচলি ক্লডিয়াছ যি পিছলৈ গৈ চাৰিখনকৈ অলিম্পিকত ভাগ লৈছিল। আন এজন খেলুৱৈ আছিল বলবীৰ সিং যি পিছলৈ ভাৰতৰ এজন প্ৰখ্যাত হকী খেলুৱৈ হিচাবে নিজকে প্ৰতিষ্ঠা কৰিছিলগৈ। নিজৰ বিৰোচিত প্ৰতিভা অৱশ্যে বলবীৰে তেতিয়াই দেখুৱাবলৈ সক্ষম হৈছিল। আর্জেন্টিনাৰ বিৰুদ্ধে মেচখনত ৬ টাকৈ গ’ল কৰিছিল বলবীৰে, যিখন খেলত ভাৰতে জয়লাভ কৰিছিল ৯-১ ব্যৱধানত। কিন্তু ইয়াৰ পিছৰ দুখন খেলত বলবীৰক বিশ্ৰাম দিয়া হৈছিল ফলত দুয়োখন মেচতে ভাৰতে প্ৰচণ্ড যুজঁৰ অন্ততহে জয় লাভ কৰিছিল। সেয়ে পুনৰ বলবীৰক দলত স্থান দিয়া হৈছিল, আৰু বলবীৰেও প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি ফাইনেলত ২ টাকৈ গ’ল কৰি ভাৰতৰ জয়ত নিৰ্ণায়ক ভূমিকা লৈছিল।

ভাৰতীয় দলে সেই অলিম্পিকৰ প্ৰথমখন মেচত অষ্ট্ৰিয়াৰ মুখামুখি হৈছিল, য’ত ভাৰতীয় দলটো ৮-০ ব্যৱধানত জয়ী হৈছিল। ইয়াৰ পিছৰ খন মেচত আর্জেন্টিনাক ভাৰতে ৯-১ ত পৰাস্ত কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত ভাৰতে স্পেইনক ২-০ ব্যৱধানত পৰাস্ত কৰিছিল। ছেমি ফাইনেলত হলেণ্ডৰ তীব্ৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছিল ভাৰতীয় দলটো। অৱশেষত শেষ হাঁহি ভাৰতেই মাৰিছিল। দলটো জয়ী হৈছিল ২-১ ত। তাৰ পাছত আহিল ভাৰতৰ বাবে সেই বিশেষ ক্ষণটো। ফাইনেলত ভাৰতৰ সন্মুখত আছিল সাম্ৰাজ্যবাদী ব্ৰিটিছ। শুনা যায় যে সেই সময়ত গ্ৰেট ব্ৰিটেইনে ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলৈ বিচৰা নাছিল। কেইদিনমান আগতে যিখন দেশক ভৰিৰ তলত ৰাখিছিল,সেইখন দেশেই এনেদৰে স-সন্মানে প্ৰাপ্যৰ দিশে আগবঢ়া দেখি হয়তো কিছু অপ্ৰস্তুত হৈছিল গ্ৰেট ব্ৰিটেইন। তথাপি মূৰকত ফাইনেলত মুখামুখি হৈছিল দুয়ো দল। ভাৰতে বলবীৰ সিঙৰ দুটা, পেট্ৰিক জেনচনৰ আৰু টাৰলোচন সিঙৰ এটাকৈ গ’লৰ সহায়ত ব্ৰিটেইনক ৪-০ ব্যৱধানত হৰুৱাই হস্তগত কৰিছিল অলিম্পিকত চতুৰ্থটো স্বৰ্ণ। এনেকৈয়ে এক নৱ ইতিহাসৰ সূচনা হ’ল ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত। ১৯৪৮ চনৰ আজিৰ দিনটোতেই ভাৰত সাক্ষী হৈ ৰ’ল সেই ঐতিহাসিক ক্ষণৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments