Friday, September 30, 2022
HomeNewsটুইটাৰত ট্ৰেণ্ডিং ঊৰ্বশী ৰৌতেলাৰ ফটো আৰু ঋষভ পন্টৰ হাঁহি

টুইটাৰত ট্ৰেণ্ডিং ঊৰ্বশী ৰৌতেলাৰ ফটো আৰু ঋষভ পন্টৰ হাঁহি

টুইটাৰত ট্ৰেণ্ডিং ঊৰ্বশী ৰৌতেলাৰ ফটো আৰু ঋষভ পন্টৰ হাঁহি

অলিম্পিয়া প্ৰতিবেদন: টুইটাৰত ট্ৰেণ্ডিং ঊৰ্বশী ৰৌতেলাৰ ফটো আৰু ঋষভ পন্টৰ হাঁহি । ক্ৰিকেট ষ্টেডিয়ামৰ গেলাৰীত ঊৰ্বশী, খেলপথাৰত মিছিকিয়া হাঁহি ঋষভ পন্টৰ । ছচিয়েল মিডিয়াত তুলিছে জোৱাৰ ।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটাৰ ঋষভ পন্ট আৰু ঊৰ্বশী ৰৌতেলাক লৈ ছচিয়েল মিডিয়াত প্ৰায়ে চলি থাকে তুমুল চৰ্চা । শেহতীয়াকৈ এখন ফটোৱে ছচিয়েল মিডিয়াত তুলিছে খলকনি । অনুৰাগীসকলে ট্ৰল কৰিছে দুই তাৰকাক । এইবাৰৰ ঘটনা কিছু আমোদজনক ।

এছিয়া কাপ উপভোগ কৰিবৰ বাবে গেলাৰীত আছিল ঊৰ্বশী ৰৌতেলা । সমুখত চলি আছে ভাৰত — পাকিস্থানৰ হাই ভল্টেজ মেচ । ভাৰতীয় সমৰ্থক ৰূপে খেলখনৰ ৰোমাঞ্চ উপভোগ কৰিলে ঊৰ্বশীয়ে । ইফালে, খেলপথাৰত আছিল ভাৰতীয় ক্ৰিকেটৰ অন্য এক আবেগ ঋষভ পন্ট ।

অৱশ্যে ভাৰত বনাম পাকিস্তানৰ মাজৰ এছিয়া কাপৰ মেচত মূল একাদশত নাছিল ঋষভ পন্ট । পন্ট মূল একাদশত নাই, তথাপি গেলাৰীত ঊৰ্বশী ৰৌতেলাক দেখাৰ পাছত ছচিয়েল মিডিয়াত আৰম্ভ হ’ল মিমৰ বৰষুণ । ঊৰ্বশীয়ে একান্ত মনে খেল চোৱাৰ ফটো । আনহাতে ঋষভৰ মিছিকিয়া হাঁহিটোৱে এতিয়া ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে । কোনোৱে দুয়ো তাৰকাৰ ফটো ব্যৱহাৰ কৰি সানিছে ৰহণ । বিভিন্ন জনে বিভিন্ন ধৰণেৰে তাৰকা দ্বয়ৰ ফটোত কৰিছে মন্তব্য ।

মুঠতে ভাৰত- পাকিস্থান হাই ভল্টেজ মেচৰ মাজতে এনে দৃশ্য বা ফটোৱে একাংশ অনুৰাগীক দিলে আমোদ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments