Tuesday, October 4, 2022
HomeNewsক্ৰিকেটক বিদায় জনালে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰবীন উথাপ্পাই

ক্ৰিকেটক বিদায় জনালে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰবীন উথাপ্পাই

ক্ৰিকেটক বিদায় জনালে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰবীন উথাপ্পাই

অলিম্পিয়া প্ৰতিবেদন: ক্ৰিকেটক বিদায় জনালে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰবীন উথাপ্পাই । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা উথাপ্পাৰ । ২০ বছৰীয়া কেৰিয়াৰৰ সমাপ্তি । আই পি এল খেল পথাৰতো দেখা নাপাব তাৰকা ক্ৰিকেটাৰ গৰাকীক ।

ভাৰতীয় ক্ৰিকেটৰ অন্য এক আবেগ ৰবীন উথাপ্পা । বুধবাৰে ৰবীন উথাপ্পাই ললে এক কঠোৰ সিদ্ধান্ত । ছচিয়েল মিডিয়া যোগে অনুৰাগীক জনালে এই দু:খবৰ । সকলো ধৰণৰ ক্ৰিকেটৰ ফৰ্মেটৰ পৰা অৱসৰ সিদ্ধান্ত লৈছে ৰবিন উথাপ্পাই । ছচিয়েল মিডিয়াত তেওঁ লিখিলে —- ” মোৰ দেশ আৰু মোৰ ৰাজ্য কৰ্ণাটকক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে আটাইতকৈ ডাঙৰ সন্মান ।

অৱশ্যে সকলো ভাল বস্তুৰ সমাপ্তি ঘটিব লাগিব । কৃতজ্ঞ হৃদয়েৰে মই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো ” । এনেদৰে এক আবেগ ভৰা পোষ্টৰ জৰিয়তে ভাৰতবাসীক দিলে তেওঁৰ অৱসৰৰ খবৰ ।

উল্লেখযোগ্য যে, উথাপ্পাই ২০০৬ বৰ্ষৰ ১৫ এপ্ৰিলত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক খেলত আত্মপ্ৰকাশ কৰিছিল । ইন্দোৰত অভিষেক মেচত ৰবীনে ৮৬ ৰাণ সংগ্ৰহ কৰিছিল । আক্ৰমণাত্মক বেটিঙৰ বাবে ক্ৰিকেট বিশ্বত সুপৰিচিত ৰবীন উথাপ্পা । তেওঁ ২০০৭ চনৰ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৰ অন্যতম সদস্য আছিল তেওঁ ।

ৰবীন উথাপ্পাই ক্ৰিকেট কেৰিয়াৰত ৮৬ খন এদিনীয়া আন্তৰ্জাতিক মেচ খেলিছে । মুঠ ৰাণ সংগ্ৰহ কৰিছে ৯৩৪ । আনহাতে, উথাপ্পাই ১৩ খন টি -২০ আন্তৰ্জাতিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছে,—যত তেওঁ ১১৮.০১ ৰ ষ্ট্ৰাইক ৰেটত ২৪৯ ৰাণ সংগ্ৰহ কৰিছে । উথাপ্পাই দেশৰ বাবে অন্তিমখন খেল খেলিছিল ২০১৫ চনত ।

ৰবীন উথাপ্পাৰ এই অৱসৰৰ খবৰে মৰ্মাহত কৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীক । সকলোৱে কামনা কৰিছে — তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক ভাৰতৰ উদিত ক্ৰিকেটাৰ । জন্ম হওক হেজাৰ গৰাকী ৰবীন উথাপ্পাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments