অলিম্পিয়া প্ৰতিবেদন
ৰাজ্যৰ ভলীবল ক্ষেত্ৰতখনত নৱজাগৰণৰ সৃষ্টি কৰি পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দেওবাৰে সফলতাৰে সামৰণি পৰে। অসম ভলীবল মিছন-১০০ৰ উদ্যোগত তথা হাজৰিকপাৰা আঞ্চলিক ক্রীড়া সন্থা আৰু হাজৰিকপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত মেচত ছোৱালীৰ শাখাত চেম্পিয়নৰ খিতাপ দখল কৰে চিত্ৰলেখা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই।
দেওবাৰে সন্ধিয়া অনুষ্ঠিত ফাইনেলত চিত্ৰলেখা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰক ২৫-১৭,২৫-১৭,২০-২৫ ,২৫-২২ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী দলটোৱে ৫০,০০০ টকাৰ নগদ ধনৰ লগতে চলন্ত ট্ৰফীৰ পুৰস্কাৰ লাভ কৰে। বিপৰীতে বিজিত হাজৰিকাপাৰাই চলন্ত ট্ৰফীৰ সৈতে লাভ কৰে ৩০,০০০ টকাৰ নগদ ধনৰ পুৰস্কাৰ।
ইপিনে, সন্ধিয়ালৈ অনুষ্ঠিত হোৱা ল’ৰাৰ ফাইনেলত মৰিগাঁও জিলা ভলীবল দলে তেজপুৰৰ ৰেঙণি ভলীবল প্ৰশিক্ষণ কেন্দ্ৰক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰে। প্ৰতিযোগিতাৰ অন্তত বঁটাসমূহ প্ৰদান কৰে ক্ৰমে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজনৰ কাৰ্যবাহী সঞ্চালক প্ৰশান্ত বৰকটকী, ভাৰতীয় খো খো সন্থাৰ উপ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, অসম ভলীবল সন্থাৰ প্ৰাক্তন সম্পাদক ভূপেন চৌধুৰী, বিশিষ্ট সাংবাদিক সুবোধমল্ল বৰুৱা, প্ৰাক্তন ৰাষ্ট্রীয় ভলীবল খেলুৱৈদ্বয় অভিজিৎ ভট্টাচাৰ্য্য, চুব্বা ৰাও আদিয়ে।
উল্লেখযোগ্য, ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ লগতে ৰাজ্যৰ বহুকেইজন প্ৰাক্তন ভলীবল খেলুৱৈৰ আন্তৰিক প্ৰচেষ্টাত অসমত গঠন হৈছিল অসম ভলীবল মিছন ১০০ ৰ। যাৰ মুখ্য উদেশ্য হৈছে ভলীবলৰ পুনৰুজ্জীৱিতকৰণ। তাৰেই অংশ স্বৰূপে প্ৰায় তিনিমাহ জুৰি সমগ্ৰ অসমতে চলা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জৰিয়তে ৰাজ্যত এতিয়া নতুন ৰূপেৰে উদ্ভাসিত হৈছে ভলীবল। আশা কৰিব পাৰি ন খেলুৱৈ সৃষ্টিত ব্ৰহ্মপুত্ৰ ভলীবল লীগে অনাগত সময়ত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।