Monday, October 3, 2022
HomeNewsবিপক্ষই আমাতকৈ ভাল খেলিছে, তেওঁলোক জয়ী হোৱাৰ যোগ্য- বিৰাট কোহলি

বিপক্ষই আমাতকৈ ভাল খেলিছে, তেওঁলোক জয়ী হোৱাৰ যোগ্য- বিৰাট কোহলি

টি-২০ শৃংখলাত হোৱাইটৱাছৰ সন্মুখীন হোৱা নিউজিলেণ্ড দলোজি ভাৰতক উভটি ধৰে। ২০১৯ বিশ্বকাপৰ ৰানাৰ্ছআপ দলটোৱে আজি ভাৰতক প্ৰথমখন এদিনীয়াত ৪ উইকেটত পৰাস্ত কৰি মেচখনত বিজয় সাব্যস্ত কৰে। খেলৰ অন্তত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে ভাৰতীয় দলৰ বেটিং, ফিল্ডং আৰু বলিং সকোলোতে ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শনক লৈ সুখী বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে কয় যে নিউজিলেণ্ডে তেওঁলোকতকৈ ভাল খেলিছে বাবেই বিজয় লাভ কৰিছে।

নিউজিলেণ্ডৰ হেমিল্টনত অনুষ্ঠিত হোৱা আজিৰ মেচখনত টছত জয় লাভ কৰি নিউজিলেণ্ডে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই। ভাৰতে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৪ উইকেটৰ বিনিময়ত ৩৪৭ ৰান কৰিবলৈ সক্ষম হয়। আঘাট জনিত সমস্যাৰ বাবে দলৰ পৰা বিশ্ৰাম দিয়া তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ স্থানত মায়ংক আগৰৱালে স্থান লাভ কৰিছিল যদিও বিশেষ উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ নোৱাৰিলে। তাৰ বিপৰীতে শ্ৰেয়াছ আয়াৰে ১০৭ টা বলত ১০৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও কে এল ৰাহুলে ৬৪ বলত ৮৮ ৰান আৰু বিৰাট কোহলিয়ে ৬৩ বলত ৫১ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পিছত ৩৪৮ ৰানৰ লক্ষ্য আগত লৈ ক্ৰিজত নামা নিউজিলেণ্ড দলটোৱে অভিজ্ঞ বেটছমেন ৰছ টেইলৰৰ শতক আৰু হনৰী আৰু টমৰ অৰ্ধশতকৰ সহায়ত ৪৮.১ অভাৰত ৩৪৮ ৰান সংগ্ৰহ কৰি মেচখনত বিজয় সাব্যস্ত কৰে।

উল্লেখ্য যে টি-২০ শৃংখলাত চুপাৰ অভাৰত দুখনকৈ মেচত পৰাস্ত হোৱাৰ লগতে ভাৰতক প্ৰতিখন মেচত যোগ্য প্ৰত্যুত্বৰ আগবঢ়াইয়ো নিউজিলেণ্ড দলটো হোৱাইটৱাছৰ সন্মুখীন হৈছিল। প্ৰচুৰ আত্ম বিশ্বাসী ভাৰতীয় দলটোৱে আজিৰ খেলখনট বিজয় সাব্যস্ত কৰিব পাৰিব বুলি সকলোৱে ভাবিছিল যদিও সময়ত নিউজিলেণ্ড দলটোৱে সহজতে জয় লাভ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments