Wednesday, October 5, 2022
HomeNews২০১১ বিশ্বকাপ ভাৰতক বিক্ৰী কৰিছিল শ্ৰীলংকাই!

২০১১ বিশ্বকাপ ভাৰতক বিক্ৰী কৰিছিল শ্ৰীলংকাই!


অলিম্পিয়া বাৰ্তা

২০১১ চনৰ বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত খেলখন ভাৰতক বিক্ৰী কৰিছিল শ্ৰীলংকাই। অৰ্থাৎ শ্ৰীলংকাৰ পৰা ভাৰতে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল মেচখন ক্ৰয় কৰিছিল। এই বিস্ফোৰক অভিযোগ আমাৰ নহয়, এই অভিযোগ কৰিছে শ্ৰীলংকাৰ তেতিয়াৰ ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে।

২০১০ চনৰ পৰা ২০১৫ চনত শ্ৰীলংকাৰ ক্ৰীড়ামন্ত্ৰী আছিল মহিন্দানন্দ এলুথগামেজ। তেওঁৰ মন্ত্ৰীত্বৰ সময়ছোৱাতে ২০১১ চনত সুন্দৰ প্ৰদৰ্শনেৰে মহেলা জয়বৰ্ধনেৰ নেতৃত্বত দ্বীপ ৰাষ্ট্ৰখনে ফাইনেললৈ উত্তীৰ্ণ হৈছিল। চূড়ান্ত খেলখনত দলটোৱে ৫০ অভাৰত ৬ উইকেট হেৰুৱাই ২৭৪ ৰান সংগ্ৰহ কৰি ভাৰতৰ আগত ২৭৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে অধিনায়ক মহেন্দ্র সিং ধোনী, গৌতম গম্ভীৰ আৰু যুৱৰাজ সিঙৰ দুর্দান্ত বেটিঙ বিক্ৰমৰ সহায়ত সুদীর্ঘ ৩৩ বছৰৰ মূৰত বিশ্বকাপ জয়েৰ সোৱাদ লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ উত্থাপিত হোৱা বিস্ফোৰক অভিযোগক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সূচনা হৈছে।

তদানীন্তন শ্রীলংকাৰ ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে যে ২০১১ৰ বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকা ভাৰতৰ হাতত বিক্রী হৈছিল৷ তেওঁ কৈছে, ‘‘ক্রীড়ামন্ত্রী হৈ থকাৰ সময়তো মই এই কথা বিশ্বাস কৰিছিলোঁ যে ২০১১ৰ বিশ্বকাপৰ ফাইনেলত আমি ইচ্ছাকৃতভাৱে পৰাজয়বৰণ কৰিছিলোঁ৷ কিন্তু এই কথা মই সেই সময়ত মুকলি কৰিব বিচৰা নাছিলোঁ৷ মেচখনত আমি নিশ্চিত জয়ৰ দিশে আগবাঢ়িছিলোঁ৷ কিন্তু শেষ মুহূর্তত আমি ভাৰতৰ হাতত বিক্রী হৈ গ’লোঁ৷ মই খেলুৱৈসকলৰ সৈতে প্রত্যক্ষ যোগাযোগত নাছিলোঁ৷ কিন্তু এটা চক্রই তেওঁলোকৰ সৈতে সঘনাই যোগাযোগ ৰক্ষা কৰিছিল৷’

মন কৰিবলগীয়া যে শ্ৰীলংকাই উক্ত বিশ্বকাপত পৰাস্ত হোৱাটোক সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল শ্ৰীলংকাৰ বহু প্ৰাক্তন ক্ৰিকেটাৰে। ইয়াৰ পূৰ্বে ২০১৭ চনত শ্রীলংকাৰ প্রাক্তন অধিনায়ক অর্জুনা ৰাণাতুংগাই ২০১১ চনৰ বিশ্বকাপৰ ফাইনেলখনক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷ এইগৰাকী প্ৰাক্তন শ্ৰীলংকান অধিনায়কে ২০১১ৰ বিশ্বকাপৰ ফাইনেলৰ তদন্তৰ দাবী তুলিছিল। তেওঁ ২০১৭ চনৰ জুলাইত অভিযোগ তুলিছিল বিশ্বকাপৰ ফাইনেলত শ্রীলংকাৰ পৰাজয় আছিল ৰহস্যজনক৷

প্ৰাক্তন ক্ৰিকেটাৰ অৰ্জুনা ৰাণাতুংগাৰ সেই অভিযোগ আৰু ২০১০-১৫ ৰ সময়ছোৱাৰ শ্ৰীলংকাৰ ক্ৰীড়ামন্ত্ৰীয়ে ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলক লৈ উত্থাপন কৰা এই বিস্ফোৰক অভিযোগে এতিয়া শ্ৰীলংকাৰ লগতে বিশ্ব ক্ৰিকেটত খলকনিৰ সৃষ্টি কৰিছে। মনকৰিবলগীয়া যে শেহতীয়াকৈ শ্ৰীলংকাৰ ক্ৰিকেট বহু কেইটা বিতৰ্কৰ মাজত সোমাই পৰিছে। দেশখনত ক্ৰিকেট সম্বন্ধীয় বহুকেইটা কেলেংকাৰী সৃষ্টি হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments