Sunday, October 2, 2022
HomeNewsবলাৰৰ পৰাক্ৰমেৰে ২০২১ত টেষ্টত ভাৰতৰ উত্থান

বলাৰৰ পৰাক্ৰমেৰে ২০২১ত টেষ্টত ভাৰতৰ উত্থান

অলিম্পিয়াৰ প্ৰতিবেদন

চেঞ্চুৰিয়ান টেষ্ট জয়েৰে ভাৰতীয় ক্ৰিকেট দলে ২০২১ চনত সমাপ্ত কৰিছে। টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত এই বছৰটো ভাৰতীয় দলৰ বাবে অতি স্মৰণীয় আছিল। ভাৰতে ২০২১ চনত আইচিচি টেষ্ট ৰেংকিঙত পাকিস্তানৰ বাহিৰে শীৰ্ষ-৬ ত থকা আন ৪টা দলকেই পৰাস্ত কৰিছে। বছৰটোৰ আৰম্ভণিতে কোহলিৰ দলে অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয় কৰাৰ পিছত, ইংলেণ্ড ভ্ৰমণতো জয়ৰ মুখ দেখিছিল। তাৰ পিছত, বছৰটোৰ শেষত, ঘৰুৱা মাটিত নিউজিলেণ্ডক ক্লিন চুইপ কৰাৰ পিছত, দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ গৈ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাক ঘৰৰ মাটিত পৰাস্ত কৰে।

টেষ্ট ক্ৰিকেটত ভাৰতীয় দলটোৰ এই প্ৰদৰ্শনৰ মূলতে আছিল ভাৰতীয় বলাৰৰ শক্তিশালী প্ৰদৰ্শন। ভাৰতীয় পেচ বলাৰৰ পৰা স্পিনাৰলৈকে, এই বছৰ সকলোৰে যথেষ্ট আধিপত্য আছিল। টীম ইণ্ডিয়াৰ বলাৰসকলে ২০২১ চনত ১৪ খন টেষ্টত ২৪.০১ গড়ে মুঠ ২৫২ টা উইকেট দখল কৰিছে। দলটোৰ হৈ বলাৰসকলৰ মাজৰে কেইবাজনেও এটা ইনিংছত ১১ বাৰ পাঁচটা উইকেট আৰু এখন খেলত এবাৰ দহ বা ততোধিক উইকেট দখল কৰিছিল। দলটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ৬/৩৮।

ভাৰতৰ উপৰিও, ইংলেণ্ডে ২০২১ চনত সৰ্বাধিক টেষ্ট উইকেটৰ ক্ষেত্ৰত ১৫ খন মেচত ২২৯ টা উইকেট লাভ কৰি দ্বিতীয় স্থান লাভ কৰিছে। ৱেষ্ট ইণ্ডিজে ১৬১ টা উইকেট লৈ তৃতীয় আৰু পাকিস্তান ১৫৩ টা উইকেটৰ সৈতে চতুৰ্থ স্থানত আছে। ইংলেণ্ডক পৰাস্ত কৰি এছেজ দখল কৰা অষ্ট্ৰেলিয়ান দলটোৱে ২০২১ চনৰ ৫ খন খেলত ৮৯ টা উইকেট দখল কৰে আৰু ৯ম স্থান লাভ কৰে।

২০২১ চনত, ৩ জন ভাৰতীয় পেচ বলাৰে ২০ + উইকেট দখল কৰিছে। যুৱ পেচাৰ মহম্মদ চিৰাজে সকলোকে প্ৰভাৱিত কৰি প্ৰায় ৩০ ৰ গড়ৰ সৈতে ১০ খন খেলত মুঠ ৩১ টা উইকেট দখল কৰিছে। যশপ্ৰীত বুমৰাহেও ৯ খন খেলত ৩০ টা উইকেট দখল কৰিছে। মহম্মদ ছামীয়ে মাত্ৰ ৫ খন খেলত ২৩ জন খেলুৱৈক আউট কৰি খেলপথাৰৰ পৰা বাহিৰ হোৱাৰ পথ দেখুৱাইছিল। চাৰ্দুলেও ৪ খন মেচত ১৬ টা উইকেট দখল কৰে। উমেশ যাদৱেও ৩ খন টেষ্টত ৮ টা উইকেট লৈছিল।

২০২১ চনত টেষ্ট ক্ৰিকেটত, ৰবিচন্দ্ৰন অশ্বিন কেৱল ভাৰতৰেই নহয়, বিশ্বৰ শীৰ্ষস্থানৰ উইকেট সংগ্ৰহকাৰী আছিল। অশ্বিনৰ মাত্ৰ ৯ খন খেলত ১৬.৬৪ গড়ে ৫৪ টা উইকেট দখল কৰিছিল। এই বছৰ টেষ্ট অভিষেক কৰা অক্ষৰ পেটেলেও ৫ খন মেচত ১২ তকৈ কম গড়ে ৩৬ জন খেলুৱৈক পেভিলিয়নলৈ প্ৰেৰণ কৰিছিল। ছাৰ জাদেজাইও ৭ খন খেলত ১৬ টা উইকেট দখল কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments