Thursday, July 7, 2022
HomeNewsজি টি চি দবা গ্ৰাঁ প্ৰিত ৰজত বাফনা  নলিনাক্ষ্য কাশ্যপ নিহাদ ইছলাম...

জি টি চি দবা গ্ৰাঁ প্ৰিত ৰজত বাফনা  নলিনাক্ষ্য কাশ্যপ নিহাদ ইছলাম হাজৰিকা চেম্পিয়ন

জি টি চি দবা গ্ৰাঁ প্ৰিত ৰজত বাফনা  নলিনাক্ষ্য কাশ্যপ নিহাদ ইছলাম হাজৰিকা চেম্পিয়ন

অলিম্পিয়া প্রতিবেদন: গুৱাহাটী টাউন ক্লাব প্ৰাংগণত ২২মে’ দেওবাৰে অনুষ্ঠিত জি টি চি দবা গ্ৰাঁ প্ৰি ৰ দ্বিতীয় সংস্কৰণ সফলতাৰে সামৰণি পৰে । সমগ্ৰ ৰাজ্যৰ মুঠ ৯২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই দিনজোৰা টুৰ্ণামেণ্টখন আয়োজন কৰে জি টি চি দবা ফাউণ্ডেচনে। মেচ অনুষ্ঠিত হয় ৯ বছৰ অনূৰ্দ্ধ , ১৫ বছৰ অনূৰ্দ্ধ আৰু মুকলি শাখাত ।

আৰু অধিক পঢ়ক

৯ বছৰ আৰু ১৫ বছৰ অনূৰ্দ্ধ শাখাত ৫ ৰাউণ্ডৰ ভিতৰত ৫ পইন্টকৈ অর্জন কৰি চেম্পিয়নৰ খিতাপ দখল কৰে ক্ৰমে ৰজত বাফনা আৰু নলিনাক্ষ্য কাশ্যপে । ইফালে মুকলি শাখাত ৪ ৰাউণ্ডৰ পৰা ৩.৫ পইন্ট লাভ কৰি চূড়ান্ত বিজয়ী হয় নিহাদ ইছলাম হাজৰিকা । ৬ ,৯, ১১, ১৩,১৫,১৯ বছৰ অনূৰ্দ্ধ আৰু অপেন শাখাৰ শীৰ্ষ ৩ গৰাকীকৈ খেলুৱৈক বঁটা আৰু ই চাৰ্টিফিকেট প্রদান কৰা হয় । প্ৰতিযোগিতাখন তদাৰক কৰে আন্তঃৰাষ্ট্রীয় আৰ্ৱিটাৰ তথা জি টি চি দবা ফাউণ্ডেচনৰ সঞ্চালক বিশ্বজিৎ ভাৰদ্বাজে । তেওঁক উপ আৰ্বিটাৰৰূপে সহায় কৰে নন্দন বুঢ়াগোহাঁই , পল্লব ভট্টাচাৰ্য্য আৰু দেবাংগ কলিতাই ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

বিভিন্ন বয়স গোটত বঁটা অর্জন কৰা প্ৰথম তিনিগৰাকী দবাৰু হ’ল ক্ৰমে–৬ বছৰ অনূৰ্দ্ধ : নৈকিত দেউৰা , প্ৰাগণি মিট্ৰাল , জাহ্নব দাস ; ৯ বছৰ অনূৰ্দ্ধ : ৰজত বাফনা , অমিয়া গুপ্তা , হৰ্ষদ্বীপ ডেকা ; ১১ বছৰ অনূৰ্দ্ধ : সহজ গুপ্তা , অভিৰূপ শইকীয়া , আৰহান ৰহমান বৰা ; ১৩ বছৰ অনূৰ্দ্ধ : জিত কাশ্যপ , অংকিত বসুমতাৰী , প্ৰিয়ানুজ দাস ; ১৫ বছৰ অনুৰ্দ্ধ : নলিনাক্ষ্য কাশ্যপ , জয়দ্বীপ কাশ্যপ , কৰ্ণভ পি ডেকা ; ১৯ বছৰ অনুৰ্দ্ধ : মৃদু মলয় দাস , মায়ংক আগৰৱাল , কৃষাণু দেৱমিশ্ৰ , মুকলি শাখাত নিহাদ ইছলাম হাজৰিকা , নাব্যাংশ বাজাজ , কানজিত ৰামচিয়াৰী । কণিষ্ঠ খেলুৱৈ আৰ্যা জৈনক বিশেষ বঁটা প্ৰদান কৰা হয় । ছোৱালীৰ শ্ৰেষ্ঠ দুগৰাকী খেলুৱৈ হ’ল ক্ৰমে নিষ্ঠা শইকীয়া আৰু আয়ুস্মিতা পাল । এই বাতৰি প্ৰেৰণ কৰিছে জি টি চি দবা ফাউণ্ডেচনৰ হৈ বিশ্বজিৎ ভাৰদ্বাজে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments