কটন ইনড’ৰ হলত ফুল কন্টেক্ট কাৰাটে সফলতাৰে সম্পন্ন
অলিম্পিয়া প্রতিবেদন: গুৱাহাটীত সৰ্বভাৰতীয় কে ডব্লিউ এফ অপেন ফুল কন্টেক্ট কাৰাটে চেম্পিয়নশ্বিপ । অসম কাইকুচিন কাই-কান কাৰাটে অৰ্গেনাইজেচনৰ উদ্যোগ । বি. কে মাৰ্চিয়েল আৰ্টছ একাডেমীৰ সহযোগিতা।
গুৱাহাটীৰ কটন বিশ্ববিদ্যালয় ইনড’ৰ হলত যোৱা ১৫ মে দেওবাৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় অ’পেন ফুল কন্টেক্ট কাৰাটে চেম্পিয়নশ্বিপ । তৃতীয় সৰ্বভাৰতীয় কে ডব্লিউ এফ অপেন এই ফুল কন্টেক্ট কাৰাটেত অসমকে ধৰি দেশৰ আঠখন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । লক্ষ্যণীয় যে দীর্ঘদিনৰ বিৰতিত অসমত ফুল কন্টেক্ট কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হ’ল ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
সিদিনা পুৱা ৯ বজাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া হিমাংশু দাস আৰু বিশিষ্ট চিকিৎসক ডাক্তৰ ঐশ্বৰ্যা জে কৌৰ । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেশৰ আঠখন ৰাজ্য হল মেঘালয় , ত্ৰিপুৰা , অৰুণাচল প্ৰদেশ , মণিপুৰ , অন্ধ্ৰপ্ৰদেশ , কেৰালা , পশ্চিমবংগ আৰু আয়োজক অসম । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আনন্দিত দেশৰ বিভিন্ন ৰাজ্যৰ কাৰাটেকা।
বিয়লি সামৰণি অনুষ্ঠানত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে অসমীয়া চলচ্চিত্ৰৰ সুদৰ্শন অভিনেতা ৰবি শৰ্মা আৰু মোহময়ী অভিনেত্ৰী মৈত্ৰেয়ী শৰ্মাই । টুৰ্ণামেণ্টখন আয়োজন কৰি সন্তোষ প্ৰকাশ কৰিলে কায়কচিন কাই কান কাৰাটেৰ মুখ্য প্ৰশিক্ষক ভাগ্যেশ্বৰ কুলিয়ে ।
টুৰ্ণামেণ্টত অসমে সৰ্বাধিক বঁটা লাভ কৰি শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰে । দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে পশ্চিমবংগ আৰু মেঘালয়ে ।