Tuesday, October 4, 2022
HomeNewsভাৰতে অনুষ্ঠিত কৰিব ২০৩২ ৰ অলিম্পিক

ভাৰতে অনুষ্ঠিত কৰিব ২০৩২ ৰ অলিম্পিক

olympiasports.in

কৰ’না মহামাৰীৰ বাবে এবছৰ পিছুৱাই দিবলৈ বাধ্য হ’ল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ মূৰব্বীকে প্ৰমুখ্যে কৰি টকিঅ’ অলিম্পিকৰ আয়োজক দেশ জাপানৰ আয়োজক কমিটিৰ বিষয়ববীয়াই ২০২১ চনতো অলিম্পিক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তাৰ সৃষ্টি হ’ব পাৰে বুলিও মত প্ৰকাশ কৰিছে। তেওঁলোকে আশংকা কৰিছে যদিহে খুব সোনকালে কৰ’না মহামাৰীৰ ভেকচিন আবিষ্কাৰ কৰিব নোৱাৰে তেনে এই ভয়াবহ ভাইৰাছ বিধে আৰু অধিক ভয়াবহতা ৰূপ ধাৰণ কৰিব। অলিম্পিক প্ৰতিযোগিতাখনক লৈ এনে বহু জলপনা কল্পনা চলি থকাৰ মাজতেই ভাৰতীয় ক্ৰীড়া প্ৰেমি সকললৈ অলিম্পিক সম্পৰ্কীয় এক খবৰে আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সকলো ঠিকে থাকিলে অতি শীঘ্ৰেই‌ ভাৰতেও অনুষ্ঠিত কৰিব পাৰিব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন।

খবৰ অনুসৰি কৰ’না মহামাৰীৰ আতংক বিশ্বৰ পৰা আঁতৰ হোৱাৰ পিছতে ভাৰতে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ ওচৰত ২০৩২ৰ অলিম্পিক গেমছ আয়োজনৰ প্রস্তাৱ আনুষ্ঠানিকভাৱে দাখিল কৰিব৷ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই মুহূর্তলৈকে ভাৰতৰ প্রতিদ্বন্দ্বী হিচাপে আছে থাইলেণ্ড, ৰাছিয়া আৰু কলম্বিয়া৷

ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নাৰিন্দৰ বাট্রাই এই কথা ৰাজহুৱা কৰিছে৷ ভাৰতীয় অলিম্পিক সন্থাৰ এইগৰাকী মূৰব্বীৰ মতে—

‘২০২৬ৰ য়ুথ অলিম্পিক আৰু ২০৩২ৰ অলিম্পিক আয়োজনৰ বিষয়টো আমি গভীৰভাৱে চিন্তা কৰিছোঁ৷ ভাৰতে ইতিমধ্যে নিজৰ ইচ্ছাৰ বিষয়ে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীক লিখিতভাৱে অৱগত কৰিছে৷ এই মুহূর্তলৈকে ভাৰতৰ প্রতিদ্বন্দ্বী হিচাপে আছে থাইলেণ্ড, ৰাছিয়া আৰু কলম্বিয়া৷ ২০২৬ৰ য়ুথ অলিম্পিক আয়োজন কৰিবলৈ তেওঁলোকেও ইচ্ছা প্রকাশ কৰিছে৷ একেদৰে ২০৩২ৰ অলিম্পিক আয়োজনৰ অন্যতম দাবীদাৰ হ’ল অষ্ট্রেলিয়া, চাংহাই আৰু ছিউল৷’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments