অলিম্পিয়া প্ৰতিবেদন
যেন এটা যুগৰ সফল সমাপ্তি । সকলোকে আচৰিত কৰি অৱসৰ ঘোষণা ভাৰতীয় মহিলা ক্ৰিকেটৰ সৰ্বাধিক চৰ্চিত আৰু সফল ক্ৰিকেটাৰ মিথালী ৰাজৰ । মহিলা ক্ৰিকেটৰ শচীন তেণ্ডুলকাৰ হিচাপে জনাজাত মিতালী ৰাজে ১৯৯৯ চনৰ ২৬ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল ।
তাৰ পিছত সুদীৰ্ঘ ২৩ বছৰ ধৰি ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য হৈ থকা মিতালী মহিলা ক্ৰিকেটৰ ৰাণীলৈ ৰূপান্তৰ হৈছিল । অৱসৰৰ সময়ত মিতালী ৰাজ ভাৰতীয় মহিলা ক্ৰিকেটৰ এদিনীয়া দলটোৰ অধিনায়কৰ দায়িত্বত আছিল ।
১৭ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰা মিতালীয়ে ৩৯ বছৰ আৰু ১৮৭ দিন বয়সত ক্ৰিকেটক বিদায় দিছে । উল্লেখ্য যে, মিতালী ৰাজ এতিয়াও মহিলা এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী । মহিলা ক্ৰিকেটত খেলা আটাইতকৈ দীঘলীয়া সময়ৰ অভিলেখো আছে মিতালীৰ নামত ।
অৱশ্যে মিতালীয়ে সুদীৰ্ঘ কেৰিয়াৰত বিশ্বকাপ ফাইনেল খেলিলে যদিও এটাও কাপ দখল কৰিব নোৱাৰিলে । যি কথাই মিতালীক সদায়েই দুখ দিয়ে বুলি উল্লেখ কৰি আহিছে । ইয়াৰ বাহিৰেও, টেষ্টত মিতালীৰ পৰিসংখ্যা অনবদ্য ।
মিতালী ৰাজে দেশৰ হৈ ২৩২ খন খেলত সৰ্বমুঠ ৭৮০৫ ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ ভিতৰত আছে ৭ টা শতক আৰু ৬৪ টা অৰ্ধ-শতক । আনহাতে তেওঁ দেশৰ হৈ ১২ খন টেষ্ট খেলিছে । তেওঁৰ নামত আছে সৰ্বকনিষ্ঠ দ্বিশতক অৰ্জন কৰাৰ অভিলেখো ।
মিতালীয়ে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ যোৱা ২৭ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিউজিলেণ্ডত খেলিছিল । বিশ্বকাপৰ সেই মেচখনেই আছিল মিতালীৰ অন্তিম মেচ । মেচখনত মিতালীয়ে ৬৮ ৰাণ সংগ্ৰহ কৰিছিল ।
মিতালীয়ে ২২ বছৰ ৩৫৩ দিনত সৰ্ব কনিষ্ঠ অধিনায়ক হিচাপে দেশক নেতৃত্ব প্ৰদান কৰাৰ গৌৰৱৰ অধিকাৰী হৈছিল । ইয়াৰ উপৰি তেওঁ মাত্ৰ ১৯ বছৰ বয়সতে দ্বিশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । মিতালী ৰাজৰ নামতেই লিপিবদ্ধ হৈছে আটাইতকৈ দীঘল মহিলা ক্ৰিকেটৰ কেৰিয়াৰ । তেওঁ দেশৰ হৈ মুঠ ২২ বছৰ ২৭৪ দিন ক্ৰিকেট খেলিলে ।