অসম ক্ৰিকেট সন্থাৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান

অলিম্পিয়া প্ৰতিবেদন

বিগত বৰ্ষৰ দৰে এইবাৰো অসম ক্ৰিকেট সন্থাই বাৰ্ষিক বঁটা বিতৰণি অনুষ্ঠানৰ আয়োজন কৰিছে। বুধবাৰে গুৱাহাটী টাউন ক্লাব প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে দ্বিতীয় বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ। অসম ক্ৰিকেট সন্থাই ২০২০-২১ চিজনত যিসকল খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে সেইসকলক উক্ত অনুষ্ঠানত প্ৰাইজমানিৰে সৈতে বিশেষভাৱে সন্মানিত কৰিব। তাৰোপৰি একেটা অনুষ্ঠানতে আছাম টি -টুৱেন্টি চেলেঞ্জাৰ্ছ ট্ৰফীৰো জাৰ্চি তথা ট্ৰফী আদি আনুষ্ঠানিকভাৱে মুকলি কৰিব। সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ অনুষ্ঠিত হ’বলগীয়া উক্ত বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকিব ৰাজ্যৰ ক্ৰীড়ামন্ত্রী বিমল বৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *