Friday, September 30, 2022
HomeNewsলাভলীনা বৰগোহাঁইলৈ বৰ্ষশ্ৰেষ্ঠ বক্সাৰৰ সন্মান; বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ পি ভি সিন্ধু

লাভলীনা বৰগোহাঁইলৈ বৰ্ষশ্ৰেষ্ঠ বক্সাৰৰ সন্মান; বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ পি ভি সিন্ধু

দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান টাইমছ অব্ ইণ্ডিয়াই কালি দেশৰ ৰাজধানী দিল্লীত প্ৰদান কৰিলে চতুৰ্থ সংখ্যক টাইমছ অব্ ইণ্ডিয়া স্প’ৰ্টছ এৱাৰ্ড ২০২০।


গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুঠ ১৫ বিধ ক্ৰীড়াৰ শিতানত পুৰুষ মহিলা উভয়কে এই বঁটা প্ৰদান কৰাৰ লগতে লগতে অন্যান্য ১১ বিধ বিশেষ বঁটাও প্ৰদান কৰা হয়।


বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত বিজয়ী পি ভি সিন্ধুক টাইমছ অব্ ইণ্ডিয়া বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ প্ৰদান কৰা হয়। সেইদৰে পুৰুষৰ ৰোহিত শৰ্মাক আৰু মহিলাৰ ৰাণী ৰামপালক বৰ্ষটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান প্ৰদান কৰা হৈছে।

ইয়াৰ লগতে বক্সিংত মহিলা শাখাত অসমৰ লাভলীনা বৰগোহাঁইয়ে বৰ্ষটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। লাভলীনাই ২০১৯ বৰ্ষত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ২০২০ বৰ্ষত বিশ্ব ৰেংকৰ তৃতীয় স্থানলৈ উন্নীত হৈছে।

আনহাতে টাইমছ অব্ ইণ্ডিয়াই প্ৰদান কৰা বৰ্ষশ্ৰেষ্ঠ দলৰ শিতানত ভাৰতীয় জুনিয়ৰ হকী দলটোৱে শ্ৰেষ্ঠ দলৰ সন্মান দখল কৰাৰ লগতে যশপাল ৰানাই বৰ্ষশ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান লাভ কৰিছে।

আনহাতে বৰ্ষটোৰ উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰিছে শ্বুটাৰ তানিছ ভানৱাল আৰু হকী খেলুৱৈ লালৰেমছিয়ামি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments