অলিম্পিয়া প্ৰতিবেদন
অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সহযোগত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত উজ্বলিছে অসমৰ বহুকেইগৰাকী এথলিট। সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত দেশৰ ৩২ খন ৰাজ্যৰ কেইবা সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। মুঠ ১০৫ টা ইভেণ্টত আয়োজিত প্ৰতিযোগিতাখনত অসমৰ ৭৮ জনীয়া এটা দলে অংশগ্ৰহণ কৰিছে।
প্ৰতিযোগিতাখনৰ চতুৰ্থ দিনৰ অন্তত আয়োজক অসমে মুঠ পাঁচটা পদক দখল কৰিবলৈ সক্ষম হৈছে। ৬ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনৰ প্ৰথমটো দিনত আশাব্যঞ্জক নাছিল অসমৰ প্ৰদৰ্শন। আয়োজক দলটোৱে উক্ত দিনটোত লাভ কৰিব পৰা নাছিল এটাও পদক।
অৱশ্যে প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনটোত উজলি উঠে অসমৰ এথলিটসকল। উক্ত দিনটোত ল’ৰাৰ ১৬ বছৰ অনুর্ধ শাখাৰ ১০০ মিটাৰ দৌৰত অসমৰ ইদুল হুছেইনে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ল’ৰাৰ ২০ বছৰ অনুর্ধ শাখাৰ দহ হেজাৰ মিটাৰ ৰেচ ৱাকিঙত বিক্ৰম দাসে লাভ কৰিবলৈ সক্ষম হয় ব্ৰঞ্জৰ পদক। ইফালে ল’ৰাৰ অনুর্ধ ১৪ বৰ্ষৰ ৬০০ মিটাৰ দৌৰত অংশুমান ভাগৱতীয়ে অসমৰ হৈ দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
আনহাতে তৃতীয় দিনা ল’ৰাৰ ১৮ বছৰ অনুর্ধ শাখাৰ ট্ৰিপল জাম্পত জংচাৰ বসুমতাৰীয়ে ৰূপৰ পদক লাভ কৰে। ইফালে, চতুৰ্থ দিনা অসমে লাভ কৰে প্ৰতিযোগিতাৰ পঞ্চমটো পদক। ল’ৰাৰ ১৬ বছৰ অনুর্ধ শাখাৰ হাই জাম্পত ধৃতিমান গোস্বামীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

বুধবাৰে সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনৰ পদক তালিকাৰ শীৰ্ষ স্থানত আছে হাৰিয়ানা। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে তামিলনাডু আৰু উত্তৰ প্ৰদেশ। বুধবাৰে অনুষ্ঠিত হবলগীয়া সামৰণি অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰী কিৰেণ ৰিজুজু।