আৰম্ভ হ’ল খেল’ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ তৃতীয় সংস্কৰণ। ১০ জানুৱাৰীৰ সন্ধিয়া ৭ বজাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। বৰ্ণাধ্য সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল দেশৰ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজুজু, ভাৰতীয় অলিম্পিক সন্থাৰ সম্পাদক, প্ৰতিখন ৰাজ্যৰ খেলুৱৈ, টিম মেনেজাৰকে আদি কৰি ক্ৰীড়া ক্ষেত্ৰৰ বহু ব্যক্তি।
অসমৰ কৃষ্টি-সংস্কৃতি, শৌৰ্য-বীৰ্যৰ চানেকি দাঙি ধৰি পৰিবেশন কৰা বৰ্ণাধ্য কাৰ্যক্ৰমণিকাত বহু ক্ৰীড়াপ্ৰেমী ৰাইজে ইচ্ছা কৰিও প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান উপভোগ কৰিবলৈ নোৱাৰিলে। অনষ্ঠানেটা উপভোগ কৰাৰ ক্ষেত্ৰত পাৰ পত্ৰৰ ব্যৱ্স্থা কৰাৰ বাবেই ক্ৰীড়াপ্ৰেমী ৰাইজ অনুষ্ঠান উপবোগৰ পৰা বঞ্চিত হ’বলগীয়া হয়। অৱশ্যে এতিয়াৰ পৰা আৰু ক্ৰীড়া প্ৰেমী ৰাইজ তেনে সমস্যাৰ সনমুখীন হ’বলগীয়া নহ’ব। কাৰণ ৰাজ্যৰ ক্ৰীড়া বিভাগে ৰাইজৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। খেল’ইণ্ডিয়াৰ বিভিন্ন প্ৰতিযোগিতাসমূহ যিসমূহ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব সেই সমূহ ক্ৰীড়া প্ৰকল্পত গৈ ৰাইজ উপস্থিত হ’লেই হ’ল। কিয়নো প্ৰতিযোগিতাৰ খেল সমূহ উপভোগ কৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা কোনো পাৰপত্ৰ অথবা টিকটৰ প্ৰয়োজন নহ’ব। এই কথা আজি এক সংবাদেমল যোগে অৱগত কৰিছে ৰাজ্যখনৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে।