২৭ ডিচেম্বৰত দৰং জিলাৰ বেছিমাৰীত অনুষ্ঠিত হ’ব ৪২ সংখ্যক চাইনিজ চাউলিন মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ ।দৰং জিলা চাইনিজ চাউলিন কুংফু এচছিয়েশ্বনৰ উদ্যোগত আৰু চাইনিজ চাউলিন কুংফু ফেডাৰেচনৰ বেনাৰত প্ৰতিযোগিতাখন বেছিমাৰী উচ্চতৰ মাধ্যম্যিক বিদ্যালয়ত অনুষ্ঠিত হ’ব।
২৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ বুজ লবলৈ আজি বেছিমাৰীত উপস্থিত হয় গৈ চাইনিজ চাউলিন কুংফু এচিছয়েশ্বনৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক গমে থাপা । উল্লেখ্য যে ২৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ পৰাই আগন্তক ২৩ আৰু ২৪ জানুৱাৰীত গুজৰাটত অনুষ্ঠিত হ’বলগীয়া আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাৰ বাবে অসমৰ কুংফু দলটো নিৰ্বাচন কৰা হ’ব।