Tuesday, July 5, 2022
HomeNews৪৮ সংখ্যক ৰাজ্যিক ভাৰত্তোলনৰ সামৰণি; পুৰুষ আৰু মহিলাত শ্ৰেষ্ঠ ক্ৰমে চৰাইদেউ আৰু...

৪৮ সংখ্যক ৰাজ্যিক ভাৰত্তোলনৰ সামৰণি; পুৰুষ আৰু মহিলাত শ্ৰেষ্ঠ ক্ৰমে চৰাইদেউ আৰু ধনশিৰী

অলিম্পিয়া প্ৰতিবেদন

হাফলঙত ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ৪৮ সংখ্যক ৰাজ্যিক ভাৰত্তোলন প্ৰতিযোগিতাখনৰ আজি সফলতাৰে সামৰণি পৰে। হাফলঙৰ জিলা পুথিভঁৰাল প্ৰাঙ্গনত আয়োজিত প্ৰতিযোগিতাখনত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৩০০ প্ৰতিযোগীয়ে অংশ লয়। অসম ভাৰত্তোলন সন্থাৰ উদ্যোগত তথা ডিমা হাছাও জিলা ভাৰত্তোলন সন্থাৰ সহযোগত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাৰ পুৰুষ শাখাত শ্ৰেষ্ঠ জিলাৰ সন্মান লাভ কৰে চৰাইদেউয়ে। আনহাতে মহিলাৰ শাখাত ধনশিৰী জিলা শ্ৰেষ্ঠ বিবেচিত হয়।

প্ৰতিযোগিতাৰ বিজয়ীসকলৰ একাংশ

য়ুথ, জুনিয়ৰ আৰু ছিনিয়ৰ- এই তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ পুৰুষ য়ুথ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চৰাইদেউৰ সুদিত্য বৰুৱাই। আনহাতে, য়ুথ মহিলাৰ শাখাত শ্ৰেষ্ঠ বিবেচিত হয় ধেমাজিৰ পঞ্চমী সোণোৱাল।

পুৰুষৰ জুনিয়ৰ কেটেগৰীত ধেমাজিৰ ঋতুপন নৰহ শ্ৰেষ্ঠ হোৱাৰ বিপৰীতে মহিলাৰ শ্ৰেষ্ঠ ভাৰত্তোলকৰ সন্মান লাভ কৰে শিৱসাগৰ বৰ্ণালী বৰাই। পুৰুষৰ ছিনিয়ৰ শাখাত নিতু বৰাই লাভ কৰে শ্ৰেষ্ঠত্বৰ সন্মান, বিপৰীতে মহিলাৰ শাখাত শ্ৰেষ্ঠ বিবেচিত হয় বৰ্ণালী বৰা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments