Sunday, October 2, 2022
HomeNewsবিগত ১০ টা দিনত মৃতি হ'ল ক্ৰীড়া জগতৰ ৫ জন বিশিষ্ট ব্যক্তিৰ...

বিগত ১০ টা দিনত মৃতি হ’ল ক্ৰীড়া জগতৰ ৫ জন বিশিষ্ট ব্যক্তিৰ : মৃত্যু হৈছে পূৰ্বৰ তাৰকা খেলুৱৈৰো

olympiasports.in

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই মহামাৰীৰ বাবেই এতিয়া ভাৰতৰ লগতে অন্যান্য বহু ৰাষ্ট্ৰ লকডাউনৰ কবলত। ইটালী, স্পেইন এতিয়া মৃত্যু উপত্যকা। আমেৰিকাৰ দৰে মহাশক্তিশালী ৰাষ্ট্ৰ কৰ’না ভাইৰাছৰ ওচৰত হৈ পৰিছে অসহায়। চুপাৰ পাৱাৰ ৰাষ্ট্ৰ জাপানে ইতিমধ্যে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিবলৈ বাধ্য হৈছে। এই জাপানৰ টকিঅ’ চহৰতেই আকৌ চলিত বছৰৰ ২৪ জুলাইৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল অলিম্পিক প্ৰতিযোগিতা। বহু জলপনা-কল্পনাৰ অন্তত অৱশ্যে আজিৰ পৰা কেইদিনমান আগত আয়োজকসকলে প্ৰতিযোগিতাখন এবছৰ পিছুৱাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়লৈকে জাপানত ক’ৰনা ভাইৰাছে অৱশ্যে কাল ৰূপ ধাৰণ কৰা নাছিল। মাত্ৰ কেইটামান দিনৰ ভিতৰতে জাপানত এতিয়া কৰ’না মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰিলে যাৰ বাবে দেশখত এতিয়া জৰুৰী অৱস্থা বাহাল ৰাখিবলগীয়া হৈছে।

কৰ’না মহামাৰীৰ বাবে বিশ্ব ক্ৰীড়া ক্ষেত্ৰ এতিয়া স্তব্ধ। অলিম্পিকৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ঘৰুৱা প্ৰতিযোগিতা বাতিল কৰা হৈছে। এজনৰ পিছত আন এজন খেলুৱৈ, সংগঠক, প্ৰশিক্ষক কৰ’না ভাইৰাছত আক্ৰান্ত হবলৈ ধৰিছে। বিগত ১০ টা দিনত সমগ্ৰ বিশ্বৰ ৫ গৰাকী প্ৰাক্তন খেলুৱৈৰ মৃত্যু হৈছে কৰ’নাত।

চলিত সপ্তাহৰ বুধবাৰে অৰ্থাৎ কালি ছুইজাৰলেণ্ডৰ আইচ হকী খেলৰ পূৰ্বৰ তাৰকা খেলুৱৈ Roger Chappot ৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয়। ১৯৬৪ চনৰ শীতকালীন অলিম্পিকত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা এইগৰাকী খেলুৱৈয়ে নিজৰ দেশৰ হৈছিল ১০০ ৰো অধিক মেচ খেলিবলৈ সক্ষম হৈছিল। মৃত্যু সময়ত এইগৰাকী প্ৰাক্তন খেলুৱৈৰ বয়স আছিল ৭৯ বছৰ।

আনহাতে ফ্ৰান্সৰ এক ফুটবল ক্লাব ‘ৰেইমছ’ৰ ডাক্তৰ বাৰ্নাড গঞ্জালেজ , ই‌ংলেণ্ডৰ ক্ৰিকেট ক্লাব Lancashire ৰ মেনেজাৰ ডেভিড হদজকিচ, ফ্ৰান্সৰ অলিম্পিক ডি মাৰ্চেল ফুটবল ক্লাবৰ পূৰ্বৰ অধ্যক্ষ পে’প ডিঅফ আৰু পাকিস্তানৰ স্কোৱাছ লিজেণ্ড আজম খান ক’ৰনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে।

অত্যাধিক মানসিক চাপৰ বাবেই আত্মহত্যা কৰিলে বাৰ্নাডে

কৰ’না ভাইৰাছত সংক্ৰমিত হোৱাৰ লগে লগেই ফ্ৰান্সৰ ফুটবল ক্লাব ‘ৰেইমছ’ৰ ডাক্তৰ বাৰ্নাড গঞ্জালেজৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰে। যাৰ বাবে চিকিৎসকগৰাকীয়ে ৫ এপ্ৰিলত আত্মহত্যা কৰে। ৰেইমছ ক্লাবৰ লগত প্ৰায় ২০ বছৰৰো অধিক কাল জৰিত হৈ আছিল বাৰ্নাড।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments