এটি চমৎকাৰী শিশু। পখিলা খেদাৰ বয়সত কৰিছে কঠোৰ অনুশীলন। নিতৌ ১৫ কিলোমিটাৰ বাট দৌৰি আচৰিত কৰি তুলিছে সকলোকে। মাত্ৰ পাঁচ বছৰ বয়সতে এই শিশুটিয়ে নিজৰ ক্ৰীড়া প্ৰতিভাৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
যোৰাহাট জিলাৰ পানীচকুৱা নাওহলীয়া ৰহমপুৰ গাঁৱলৈ এতিয়া দৃষ্টি সকলোৰে। কাৰণ এই গাঁওখনতে মাত্ৰ এটি পাঁচবছৰীয়া শিশুৱে নিজৰ ক্ৰীড়া প্ৰতিভাৰে অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে। কনমানিজনীৰ নাম গীতাঞ্জলী। নাওহলীয়া গ্ৰেজিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী গীতাঞ্জলী বৰুৱা। নিতৌ পুৱা ১৫ কিলোমিটাৰ বাঁট দৌৰিবলৈ সক্ষম। যি হয়তো এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবেও কিছু ক্ষেত্ৰত হৈ পৰে অসম্ভৱ। মাত্ৰ চাৰে চাৰি বছৰ বয়সৰ পৰাই এই কঠোৰ অনুশীলনত ব্ৰতী হৈ পৰিছে কনমানি গীতাঞ্জলী। অসমৰ এটা ব্যক্তিগত চেটেলাই চেনেলৰ জৰিয়তে ইতিমধ্যে এই বাতৰি সম্প্ৰচাৰ হৈছে। কনমানি গীতাঞ্জলীৰ প্ৰতিভাৰ কথা টেলিভিচনৰ জৰিয়তে প্ৰচাৰ হোৱাৰ লগে লগে অসমৰ ক্ৰীড়া জগতত আলোড়নৰ সৃষ্টি হৈছে। গীতাঞ্জলীৰ প্ৰতিভাত বিমুগ্ধ ৰাজ্যৰ কযুৱ কল্যান আৰু ক্ৰীড়া বিবিভাগৰ সসদস্য সচিৱৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী্লৈকে।
মাত্ৰ চাৰে চাৰিবছৰ বয়সতে গীতাঞ্জলীৰ দৌৰাৰ প্ৰতি যি আগ্ৰহ গঢ়ি উঠিল সেই আগ্ৰহক কোনোধৰণৰ বাধা প্ৰদান নকৰি নিতৌ গীতাঞ্জলীক দৌৰিবলৈ সকলোধৰণৰ সুবিধা প্ৰদান কৰিদিছে পিতৃ-মাতৃয়ে। মাত্ৰ পাঁচ বছৰ বয়সতে দৌৰাৰ প্ৰতি যি আগ্ৰহ জন্মিছে গীতাঞ্জলীৰ সেই আগ্ৰহৰ প্ৰতি লক্ষ্যৰাখি গীতাঞ্জলীক ভৱিষ্যত সময়ত এগৰাকী সফল এথলিট হিচাপে গঢ় দিয়াৰ সপোন দেখিছে কনমানি গীতাঞ্জলী বৰুৱাৰ পিতৃ-মাতৃয়ে। সংবাদ মাধ্যমৰ আগত গীতাঞ্জলীৰ পিতৃ মণ্টু বৰুৱাই নিজৰ মন্তব্য আগবঢ়াই কয় যে “প্ৰায় চাৰিবছৰ বয়সৰ পৰাই মোৰ ছোৱালীজনীয়ে দৌৰিবলৈ আৰম্ভ কৰিছিল। গীতাঞ্জলী এতিয়া মোৰ কন্যা নহয়। তাই এতিয়া গোটেই অসমৰ কন্যা । ভৱিষ্যতে তাই অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি আমি আশাবাদী।”
কেৱল ভাত-দালি খায়েই কোনোধৰণৰ চাপলিমেণ্ট নোহোৱাকৈ মাত্ৰ পাঁচ বছৰ বয়সত নিতৌ ১৫ কিলোমিটাৰ দৌৰাটো সহজ কথা নহয়। গীতাঞ্জলীৰ এই অসাধ্য সাধনৰ কথা পোহৰলৈ অহাৰ লগে লগেই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰৰ জৰিয়তে গীতাঞ্জলী সম্পৰ্কত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে । টুইটাৰত মুখ্যমন্ত্ৰী সোণোৱালে গীতাঞ্জলী সম্পৰ্কত কয় –“গীতাঞ্জলী বৰুৱাক এগৰাকী এথলিট হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে সকলোধৰণৰ প্ৰচেষ্টা হাতত লব।” ।
ইফালে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে গীতাঞ্জলীৰ প্ৰতিভাৰ উমান পায় আশ্চৰ্য হৈ পৰিছে। কোঁৱৰে গীতাঞ্জলীৰ এই চমৎকাৰী প্ৰতিভাক আগুৱাই নিবলৈ সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰিছে। কোঁৱৰে সংবাদ মাধ্যমৰ আগত কয়- “আমি ইতিমধ্যে যোৰহাট জিলা ক্ৰীড়া বিষয়াক গীতাঞ্জলিৰ ঘৰলৈ যোৱাৰ নিৰ্দেশ দিছো৷ এটা কথা ভাল লাগিছে যে সমাজৰ একাংশ লোক গীতাঞ্জলীক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৷ ক্ৰীড়াৰ বাবে এয়া নিতান্তই আৱশ্যক ৷ গীতাঞ্জলিক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ মই সাজু । ইতিমধ্যে যোৰহাটৰ জিলা ক্ৰীড়া বিষয়াক গীতাঞ্জলীৰ ঘৰলৈ যাবলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে। ”
ক্ৰীড়া বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰে লগতে সংবাদ মাধ্যমৰ আগত ক’লে, “গীতাঞ্জলিক প্ৰয়োজন হ’লে গুৱাহাটীত প্ৰদান কৰা হ’ব উচ্চমানৰ প্ৰশিক্ষন ৷ ঘৰৰ দালি-ভাত খাই পোন্ধৰ কিলোমিটাৰ এই বয়সত দৌৰা সহজ কথা নহয় ৷ স্পৰ্টছ চাপ্লিমেণ্ট,উন্নত মানৰ প্ৰশিক্ষণে গীতাঞ্জলিৰ দৰে প্ৰতিভাক আগুৱাই নিয়াত সফল হ’ব ৷”
আনহাতে টেলিভচনৰ পৰ্দাত গীতাঞ্জলীৰ প্ৰতিভা দেখি বহু লোক গীতাঞ্জলীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ দীপাংকৰ মজুমদাৰে এযোৰ স্প’ৰ্টছ শ্বু গীতাঞ্জলীলৈ আগবঢ়োৱাৰ লগতে অসম মেডিকেল কলেজ, হস্পাটালৰ চিকিতসক অৰুণিমা শইকীয়াই ১০ হাজাৰ টকা, যোৰহাটৰ যুগল কলিতাই পাঁচ হাজাৰ টকা এক কালীন সাহায্য আগবঢ়ায়। ইয়াৰ উপৰিও বঙাইগাঁৱৰ আন এগৰাকী চিকিতসকে গীতাঞ্জলীৰ পঢ়াৰ পৰা প্ৰশিক্ষনলৈ সকলোৰে দায়িত্ব গ্ৰহণ কৰাৰ কথা কৈছে। সংবাদ মাধ্যমত গীতাঞ্জলীৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে যেনেধৰণৰ পুষ্টিকৰ আহাৰৰ প্ৰয়োজন সেয়া যোগান ধৰিবলৈও হৃদয়ৱান ব্যক্তি আগুৱাই আহিছে।