অলিম্পিয়া প্ৰতিবেদন
অসম ভলীবল সন্থাৰ তত্বাৱধানত আৰু মঙ্গলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত তথা টাইগাৰ ফৰ্চ,আউলাচৌকাৰ সৌজন্যত মঙ্গলদৈৰ ভৈৰৱ চন্দ্ৰ শৰ্মা আৰু পখিলা দেৱী সোঁৱৰণী ক্ষেত্ৰত আজিৰে পৰা আৰম্ভ হৈছে ৫৭ তম অসম আন্তঃজিলা ছিনিয়ৰ ভলীবল(পুৰুষ-মহিলা) প্ৰতিযোগিতা। তিনিদিয়াকৈ অনুষ্ঠিত হ’বলগীয়া উক্ত প্ৰতিযোগিতাত অসমৰ ভিন্ন জিলাৰ প্ৰায় ৪০ টাকৈ দলে অংশগ্ৰহণ কৰিব।
দিবা-নৈশ প্ৰতিযোগিতাখনৰ আজি মুকলি অনুষ্ঠানত অসম ভলীবল সন্থাৰ পতাকা উত্তোলন কৰে সভাৰ সভাপতি সুশান্তবিশ্ব শৰ্মাই। স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে মঙ্গলদৈ ভলীবল সন্থাৰ পতাকা উদ্বোধন কৰে। প্ৰতিযোগিতাখনত ভাগ ল’বলৈ ইতিমধ্যে ৰাজ্যৰ বহু সংখ্যক প্ৰতিযোগী আহি উপস্থিত হৈছেহি মঙ্গলদৈত।