অলিম্পিয়া প্ৰতিবেদন
আজিৰ দিনটো ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰৰ বাবে এক বিশেষ দিন। ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰত এই দিনটোৰ আছে এক বিশেষ তাৎপৰ্য। কি সেই তাৎপৰ্য জানো আহক-
১৯৮৭ ৰ ৫ নৱেম্বৰ: ১৯৮৭ চনৰ আজিৰ দিনটোত ভাৰতৰ কিম্বদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন এদিনীয়া মেচত ভাগ লৈছিল। সেইখন আছিল ১৯৮৭ৰ বিশ্বকাপৰ ছেমি ফাইনেল। ইংলেণ্ডে মেচখনত ৩৫ ৰানত বিজয় সাব্যস্ত কৰিছিল। মেচখনত সুনীল গাভাস্কাৰে কেৱল ৪ ৰান কৰিবলৈ সক্ষম হৈছিল। সেই মেচখনৰ পিছতেই সুনীল গাভাস্কাৰে ঘোষণা কৰিছিল এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ।
১৯৮৮, ৫ নৱেম্বৰ: ১৯৮৮ চনৰ আজিৰ দিনটোত জন্মলাভ কৰিছিল বৰ্তমান সময়ৰ ভাৰতৰ এজন অন্যতম সফল ক্ৰিকেটাৰ বিৰাট কোহলিয়ে। দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা বিৰাট কোহলি আছিল সৰুৰে পৰা ক্ৰিকেট বলিয়া। ২০০৮ ৰ অনুর্ধ ১৯ বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলৰ নেতৃত্ব দিছিল কোহলিয়ে। সেই বৰ্ষতে শ্ৰীলংকাৰ বিপক্ষে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল কোহলিয়ে। এই পৰ্য্যন্ত এদিনীয়া, টেষ্ট আৰু টি টুৱেন্টি মিলাই ৪১৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা বিৰাটে ২১ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে। কৰিছে ৭০ টাকৈ আন্তঃৰাষ্ট্ৰীয় শতক। ভাৰতীয় দলৰ নতুন মাষ্টাৰ ব্লাষ্টাৰ হিচাবে দললৈ আগবঢ়াইছে প্ৰভূত অৰিহণা।
১৯৮৮ ৰ ৫ নৱেম্বৰ: ১৯৮৮ চনৰ ৫ নৱেম্বৰটো আন এটা কথাৰ বাবে বিশেষ আছিল। এই দিনটোতে শচীন টেণ্ডুলকাৰ নিৰ্বাচিত হৈছিল ভাৰতীয় দললৈ। তাৰ পিছৰ খিনি আৰু ইতিহাস। শচীন টেণ্ডুলকাৰৰ ভাৰতীয় দলত অন্তর্ভূক্তিয়ে ভাৰতীয় ক্ৰিকেটত এক নতুন যুগৰ সূচনা কৰিলে।