Sunday, October 2, 2022
HomeNewsঅলিম্পিকলৈ মাজত ৬ টা দিন; কিদৰে সাজু হৈছে টকিঅ'?

অলিম্পিকলৈ মাজত ৬ টা দিন; কিদৰে সাজু হৈছে টকিঅ’?

✍️ মৃদুপৱন বৰা

‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’লৈ মাজত মাথোঁ কেইটামান দিন। টকিঅ’ অভিমুখে ৰাওনা হৈছে এথলীট।কৰ’নাৰ সংক্ৰমণৰ মাজতে শ্ৰেষ্ঠত্ব উজাৰিবৰ বাবে সাজু ক্ৰীড়াবিদ।কৰ’নাৰ বাবে এবছৰ স্থগিত হোৱা টকিঅ’ অলিম্পিকৰ বাবে সম্পূৰ্ণ সাজু জাপান। আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে জাপানৰ ৰাজধানী। প্ৰত্যাহ্বান থকাৰ সত্ত্বেও বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া টুৰ্ণামেন্ট আয়োজনৰ ক্ষেত্ৰত দৃঢ় জাপানৰ চৰকাৰ।৩৩ বিধ ইভেণ্ট এইবাৰৰ অলিম্পিকত। ।২৩জুলাইৰ পৰা ৮ আগষ্টলৈ এথলীটৰ মহাৰণ।২০৬খন দেশৰ ১১,৫০০ এথলীটৰ অংশ গ্ৰহণ। ৪২টাকৈ ষ্টেডিয়ামত ভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰে সমৃদ্ধ হব এইবাৰৰ অলিম্পিক। অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান ভাৰতীয় সময় অনুসৰি ৪.৩০বজাৰ পৰা হ’ব আৰম্ভ ।টকিঅ’ত নতুনকৈ নিৰ্মাণ কৰা নেছনেল ষ্টেডিয়ামত হ’ব অলিম্পিকৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান। কাৰাটে,স্পৰ্টছ ক্লাইম্বিঙকে ধৰি ৬ বিধ ক্ৰীডা় নতুনকৈ সংযোজন হৈছে টকিঅ’ অলিম্পিকত। প্ৰতিযোগিতাত অংশ লবলগীয়া ৫১শতাংশ পুৰুষ খেলুৱৈৰ বিপৰীতে ৪৯ শতাংশ মহিলা এথলীট। ৩৩ বিধ ক্ৰীড়াত সৰ্বমুঠ ৩৩৯টা পদক এইবাৰৰ অলিম্পিকৰ পদকে প্ৰতিনিধিত্ব কৰিব জাপানৰ সংস্কৃতিক। কেৱল সেয়াই নহয় টকিঅ’ৰ পদকত প্ৰতিফলিত হ’ব এথলীটৰ শক্তি আৰু বৈচিত্ৰতা। টকিঅ’ অলিম্পিকৰ মেস্কট ‘Miraitowa’। টকিঅ’ অলিম্পিকৰ অন্যতম আকৰ্ষণ গেম ভিলেজ অৰ্থাত ক্ৰীড়া গাঁও। এথলীটৰ বাবে মঙলবাৰে মুকলি কৰে ক্ৰীড়া গাঁও। প্ৰথম দল হিছাপে গেম ভিলেজত প্ৰৱেশ কৰিলে চেক গণৰাজ্যৰ এথলীটে। টকিঅ’ৰ হাৰুমি ৱাটাৰফ্ৰণ্টত ৪৪হেক্টৰ ভূমিত নিৰ্মাণ গেম ভিলেজ।গেম ভিলেজত প্ৰৱেশ নিষিদ্ধ সাংবাদিকৰ।নিৰ্মাণ কৰিছে ২১টাকৈ আৱাসিক অট্টালিকা অলিম্পিক ভিলেজত আছে ডাইনিং হল, ফিটনেছ চেণ্টাৰ লগতে ডপিং কণ্ট্ৰোল চেণ্টাৰ। বিশেষ বাধ্যবাধকতাৰ মাজত থাকিব লাগিব গেম ভিলেজৰ ক্ৰীড়াবিদসকল। এথলীটৰ বাবে উপাসনাস্থলীৰো ব্যৱস্থা কৰিছে গেম ভিলেজত ।

ইফালে ভাৰতৰ পৰা ১২৬জন এথলীটৰ যোগ্যতা অৰ্জন টকিঅ’লৈ। ভাৰতৰ প্ৰতিযোগী থাকিব ১৭টা ইভেণ্টত।১৭জুলাইত ৰাওনা হব ভাৰতীয় দল।ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে ভাৰতীয় এথলীটক। বক্সিঙত ভাৰতক সৰ্বমুঠ ৯জনকৈ বক্সাৰে প্ৰতিনিধিত্ব কৰিব।৬বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকম, অমিক পংঘাল, অসমকন্যা লাভলীনা বৰগোঁহাই ,আৰ্চাৰত দীপিকা কুমাৰী, অতনু দাসৰ ওপৰত দৃষ্টি নিৱদ্ধ থাকিব দেশবাসীৰ।অলিম্পিকত ভাৰতৰ আটাইতকৈ সফল খেল হৈছে হকী। এইবাৰ মনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতীয় হকী দলে পদক জয় কৰিব বুলি আশাবাদী ক্ৰীড়ানুৰাগী। ভাৰতৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ ইভেণ্ট হৈছে শ্বুটিং। ১৫জনকৈ শ্বুটাৰে দেশক প্ৰতিনিধিত্ব কৰিব অলিম্পিকত।ভাৰতৰ দুজন শ্বুটাৰ দিব্যান্স সিং পানৱাৰ, মানু ভাকৰ,সৌৰভ চৌধাৰীৰ পৰা পদক আশা দেশবাসীৰ। এইবাৰৰ অলিম্পিকে দেশৰ ক্ৰীড়া ক্ষেত্ৰক প্ৰদান কৰিব অন্য এক মাত্ৰা। আটাইতকৈ সফল অলিম্পিক হব বুলি আশাবাদী দেশৰ ক্ৰীড়া অনুৰাগীৰ। যোগদান কৰা প্ৰায় বিলাক ইভেণ্টতে বিজয়ৰ নিচান উৰুৱাওক টকিঅ’ত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments