Monday, July 4, 2022
HomeNewsমাজুলীত অসম ক্ৰিকেট সন্থাৰ ৭৩ তম প্ৰতিষ্ঠা দিৱস উদযাপন : মুখ্যমন্ত্ৰী সোণোৱালে...

মাজুলীত অসম ক্ৰিকেট সন্থাৰ ৭৩ তম প্ৰতিষ্ঠা দিৱস উদযাপন : মুখ্যমন্ত্ৰী সোণোৱালে উন্মোচন কৰিলে পেভিলিয়ন আৰু খেলপথাৰৰ আধাৰশিলা

অসম ক্ৰিকেট সন্থাৰ ৭৩ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত অসম ক্ৰিকেট সন্থাৰ দ্বাৰা নিৰ্মাণ কৰিবলৈ লোৱা ক্ৰিকেট পেভিলিয়ন আৰু খেলপথাৰৰ আধাৰশিলা উন্মোচন কৰে।মাজুলীৰ কমলাবাৰীৰ ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিত গগৈ,উপ সভাপতি পৰীক্ষিত দত্ত, কামাখ্যা শ‌ইকীয়া, তাপশ চক্ৰৱৰ্তী আদিকে ধৰি অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াৰ লগতে মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কাইৰিকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিতি থাকে।

অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত ক্ৰিকেটৰ বিকাশৰ বাবে অসম ক্ৰিকেট সন্থাৰ যি মহান উদ্দেশ্য, সেই উদ্দেশ্যৰ প্ৰয়াসত নিজৰ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ মাজুলীৰ কমলাবাৰীৰ ক্ৰীড়া ক্ষেত্ৰক অসম ক্ৰিকেট সন্থাই এখন উপযুক্ত ক্ৰিকেট খেলপথাৰলৈ ৰূপান্তৰ কৰাৰ লগতে পেভিলিয়ন নিৰ্মাণে জিলাখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰিব বুলিও মত পোষণ কৰে। লগতে তেওঁ আশা কৰে আগন্তুক সময়ত মাজুলীৰ পৰা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাই আহিব।

ইফালে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শ‌ইকীয়াই কয়, এতিয়াৰে পৰা মাজুলী জিলা ক্ৰিকেট সন্থাই অসম ক্ৰিকেট সন্থাৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। অসম ক্ৰিকেট সন্থাৰ লগত জিলা ক্ৰিকেট সন্থাৰ অন্তৰ্ভুক্তিৰ সকলো প্ৰক্ৰিয়া চলি আছে। লগতে তেওঁ কয়, মাজুলীৰ কমলবাৰীৰ ক্ৰীড়া ক্ষেত্ৰৰ বুনিয়াদী বিকাশ আগন্তুক ৬ ৰ পৰা ৮ মাহত সম্পূৰ্ণ হৈ উঠিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments