Wednesday, July 6, 2022
HomeNewsঅৱশেষত পুনৰ স্বীকৃতি লাভ কৰিলে আৰ্চাৰী ফেডাৰচনে : এতিয়াৰে পৰা প্ৰতিযোগিতা অনুষ্ঠিত...

অৱশেষত পুনৰ স্বীকৃতি লাভ কৰিলে আৰ্চাৰী ফেডাৰচনে : এতিয়াৰে পৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা লাভ কৰিব বাজেট

অৱশেষত আৰ্চাৰী ফেডাৰেচন অৱ ইণ্ডিয়াই লাভ কৰিলে সকাহ। যোৱা বুধবাৰে দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে ফেডাৰচনটোক স্বীকৃতি প্ৰদান কৰিলে। এতিয়াৰে পৰা আৰ্চাৰী ফেডাৰেচন অৱ ইণ্ডিয়াই নেচনেল চেম্পিয়নশ্বিপৰ পৰা আৰম্ভ কৰি অন্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা বাজেট লাভ কৰিব। ২০১২চনত ফেডাৰেচনৰ নিৰ্বাচনত অনিয়ম সংঘটিত হোৱাৰ ফলত দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে ফেডাৰচনে স্বীকৃতি বাতিল কৰিছিল। ইয়াৰ পিছত ২০১৯ চনত বিশ্ব আৰ্চাৰী ফেডাৰচনেও স্বীকৃতি বাতিল কৰিছিল।

চলিত বছৰৰ প্ৰথম মাহত দেশৰ আৰ্চাৰী ফেডাৰচনে পুনৰ নতুন সংবিধান অনুসৰি ভাৰতীয় অলিম্পিক সংস্থা আৰু বিশ্ব আৰ্চাৰী ফেডাৰচনৰ তত্বাৱধানত নিৰ্বাচন অনুষ্ঠিত কৰে। ইয়াৰ পিছত দুয়োটা সংস্থাই আৰ্চাৰী সংস্থাক পুনৰ স্বীকৃতি প্ৰদান কৰিছিল। অৱশেষত দেশৰ ক্ৰীড়া মন্ত্ৰালয়েও ১৮ জানুৱাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনক গুৰুত্ব প্ৰদান কৰি ফেডাৰচনটোক স্বীকৃতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে ১৮ জানুৱাৰীৰ নিৰ্বাচনত অৰ্জুন মুণ্ডা ফেডাৰচনৰ অধ্যক্ষ আৰু প্ৰমোদ চন্দুকৰ সচিব হিচাপে নিৰ্বাচিত হৈছিল।

মনকৰিবলগীয়া যে আৰ্চাৰীক খেল মন্ত্ৰালয়ে ২০২৪ আৰু ২৮ অলিম্পিকৰ বাবে বিশেষ প্ৰস্তুতি চলোৱা ১৪টা খেলৰ মাজত স্থান দিছে। ইফালে ৮ বছৰৰ পিছত ভাৰতীয় পুৰুষ আৰ্চাৰ দলে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে মহিলাৰ দিপীকা কুমাৰীয়ে কোটা লাভ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments