Tuesday, October 4, 2022
HomeNewsৰাজ্যৰ মুঠ ৮০ গৰাকী ক্ৰীড়াবিদলৈ ক্ৰীড়া পেঞ্চন আৰু এক কালীন সাহাৰ্য্য

ৰাজ্যৰ মুঠ ৮০ গৰাকী ক্ৰীড়াবিদলৈ ক্ৰীড়া পেঞ্চন আৰু এক কালীন সাহাৰ্য্য

অলিম্পিয়া বাৰ্তা

দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হ’ল ২০২০-২১ বৰ্ষৰ ক্ৰীড়া পেঞ্চন লাভ কৰা ৰাজ্যৰ বয়োজ্যেষ্ঠসকলৰ নাম। প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টচন চাংমা আৰু জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰে। উল্লেখযোগ্য যে এইবাৰ ৪০ গৰাকী জ্যেষ্ঠ ক্ৰীড়াবিদলৈ মাহিলী ৮,০০০ টকাকৈ ক্ৰীড়া পেঞ্চন আগবঢ়োৱাৰ লগতে আন ৪০ গৰাকীলৈ আগবঢ়োৱা হৈছে ৫০,০০০ টকাৰ এককালীন সাহাৰ্য্য।

ক্ৰীড়া পেঞ্চন লাভ কৰা সকল ক্ৰমে- বৰপেটাৰ ভূপেন্দ্ৰ নাথ দাস, লক্ষী কান্ত দাস, বিৰাজ কুমাৰ ওজা, বঙাইগাঁৱৰ অনু ৰাম ৰয়, কাছাৰৰ জাহাৰ লাল প’ল আৰু ইৰ্শ্বাদ আলী বৰভূঞা, চৰাইদেউৰ মানিক দত্ত আৰু পোৱাল চন্দ্ৰ, ধেমাজিৰ খিৰোদ দিহিঙিয়া, ডিব্ৰুগড়ৰ খিনেশ্বৰ গগৈ, শশীন্দ্ৰ লাল ভূঞা আৰু পুলিন শৰ্মা, যোৰহাটৰ অজিত দাস, ৰাতুল বৰুৱা আৰু লক্ষ্মী নাথ ফুকন, কামৰূপ মেট্ৰ’ৰ ক্ৰমে অমল কান্তি প’ল, অশ্বিত কুমাৰ দাস, বিপুল শৰ্মা, কল্যাণ কুমাৰ দাস, অব্দুৰ ৰোব, মলং আও, শৰৎ চন্দ্ৰ কলিতা, গৌতম হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ সিং, আৰু অনুপ কুমাৰ চৌধুৰী, কোকৰাঝাৰৰ মাইকেল ব্ৰহ্ম, মাজুলীৰ বোচাৰাম বৰুৱা আৰু চন্দ্ৰ কান্ত নাথ, মৰিগাঁৱৰ বগীৰাম কোঁৱৰ, নগাঁৱৰ প্ৰণৱ কুমাৰ বৰা আৰু কমল চন্দ্ৰ নাথ, নলবাৰীৰ পৰেশ চন্দ্ৰ শৰ্মা আৰু ত্ৰিকেন দাস, শোণিতপুৰৰ ৰূপ কমল কাকতি আৰু মহেন্দ্ৰ নাথ শৰ্মা, তিনিচুকীয়াৰ ভবানন্দ চেতীয়া, তিনিচুকীয়াৰ শশীধৰ দুৱৰা, ওদালগুৰিৰ ধৰ্মেশ্বৰ দৈমাৰী, ওদালগুৰিৰ দিলিপ কুমাৰ বৰুৱা, ওদালগুৰিৰ ৱিলছন দৈমাৰী।

ইফালে, ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য লাভ কৰা খেলুৱৈসকল ক্ৰমে- বৰপেটাৰ শ্ৰীপদ চৌধুৰী, বঙাইগাঁৱৰ তৰুণ কুমাৰ চৌধুৰী, দৰঙৰ মৃদুল দত্ত তামুলী, ধেমাজিৰ তৰুণ মিলি, ডিব্ৰুগড়ৰ তৰুণ ডেকা বৰুৱা, যতীন বৰা আৰু ডনুতা দমন ৰাজকোঁৱৰ, গোৱালপাৰাৰ নবীন চন্দ্ৰ দৈমাৰী আৰু আনন্দ দৈমাৰী, যোৰহাটৰ ইশ্বৰ প্ৰসাদ বৰঠাকুৰ আৰু ঝুলা শৰ্মা, কামৰূপ মেট্ৰৰ মছেহুদ্দিন আহমেদ, গণেশ প’ল, আফতাব হুছেইন, আম্বা শইকীয়া পাটগিৰি, যাদু গগৈ, কুঞ্জ মোহন ঘোষ, ৰতন কুমাৰ দত্ত আৰু চিন্ময় শৰ্মা, কৰিমগঞ্জৰ পীয়ুষ কান্তি ধাৰ, কোকৰাঝাৰৰ কৃষ্ণ কান্ত বসুমতাৰী, লখিমপুৰৰ অলোক গগৈ, লখিমপুৰৰ পৰমানন্দ বৰুৱা, মাজুলী অনন্ত দত্ত, মাজুলীৰ খগেন বৰা, মাজুলীৰ অৰুণ বৰা, মাজুলীৰ পূৰ্ণ শইকীয়া, নগাঁৱৰ পংকজ কুমাৰ শইকীয়া, নগাঁৱৰ সুভাষ চন্দ্ৰ দেৱনাথ, নলবাৰীৰ ব্ৰজেন্দ্ৰ নাথ শৰ্মা, নলবাৰীৰ দিলীপ কুমাৰ শৰ্মা, শিৱসাগৰৰ প্ৰশান্ত ৰামাস্বামী, শিৱসাগৰৰ ৰাণা খান, শিৱসাগৰৰ আনন্দ বৰুৱা, শোণিতপুৰৰ তপন দত্ত আৰু ৰঞ্জন হাজৰিকা, তিনিচুকীয়াৰ জয়ন্ত গগৈ আৰু জয়ন্ত ফুকন, ওদালগুৰিৰ স্বৰ্ণ দৈমাৰী, ওদালগুৰিৰ অৰবিন্দ দাস।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments