মাৰোৱাৰী যুৱ মঞ্চৰ মৰাণহাট শাখাই অসম ৰোলাৰ স্কেটিং সন্থাৰ সহযোগত আজিৰে পৰা অনুষ্ঠিত কৰিছে এক স্কেটিং প্ৰশিক্ষণ শিবিৰ। ১০ দিন ধৰি অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে অসম ৰোলাৰ স্কেটিং সন্থাৰ প্ৰশিক্ষক দীপ জ্যোতি শইকীয়া আৰু অনুৰাগ বাচফৰে। প্ৰতিদিনেই এই প্ৰশিক্ষণ শিবিৰ পুৱা ৯ বজাৰ পৰা ১১ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’ব।
