এবিডিৰ বেটেৰে জুই!! ৪৬ বলতেই শতক অর্জন

অলিম্পিয়া প্রতিবেদন

ক্ৰিজত পুনৰ ধুমুহা বলিছে। এবিডি নামৰ ধুমুহা এয়া। ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন দক্ষিণ আফ্ৰিকাৰ মাৰমুখী ক্ৰিকেটাৰ এবি ডিভিলিয়াৰ্ছৰ। অৱশ্যে নিজ দেশৰ হৈ নহয়, পুনৰ আই পি এল মঞ্চতহে দেখা পোৱা যাব ক্ৰিকেটাৰজনক।

আই পি এললৈ মাজত কেৱল ৪ দিন। ক’ভিডৰ বাবে আধাতে সামৰণি পৰা আই পি এল পুনৰ আৰম্ভ হ’ব ইউনাইটেড আৰব এমিৰাটছত। ইতিমধ্যে সকলো দলৰ সদস্যই যোগ দিছে নিজ নিজ দলত। দলসমূহো নামি পৰিছে পূৰ্ণ প্ৰস্তুতিত। ইখনৰ পিছত সিখনকৈ অনুশীলন মেচতো ভাগ লৈছে দলসমূহে। মংগলবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ এখন অনুশীলন মেচত আক্ৰমণাত্মক ৰূপত দেখা পোৱা গ’ল এবি ডিভিলিয়াৰ্ছক।

প্ৰস্তুতি মেচখনত ডিভিলিয়াৰ্ছে নিজৰ চিৰ পৰিচিত আক্ৰমণাত্মক শৈলীৰে কেৱল ৪৬ টা বলতে অর্জন কৰে শতক। মেচখনত তেওঁ ৪৬ টা বলত ১০৪ ৰান সংগ্ৰহ কৰে। হাৰ্চেল পেটেল একাদশৰ হৈ খেলিছিল ক্ৰিকেটাৰগৰাকীয়ে। অৱশ্যে ১০৪ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলিলেও তেওঁৰ দল পৰাস্ত হ’বলগীয়া হয় দেৱদূত পড়িকল একাদশৰ হাতত।

Leave a Reply

Your email address will not be published. Required fields are marked *