Monday, October 3, 2022
HomeNewsমুথায়া মুৰুলিধৰণৰ ওপৰত নিৰ্মান হ'ব ছবি; মূল চৰিত্ৰত অভিনয় কৰিব ভাৰতৰ দুই...

মুথায়া মুৰুলিধৰণৰ ওপৰত নিৰ্মান হ’ব ছবি; মূল চৰিত্ৰত অভিনয় কৰিব ভাৰতৰ দুই শীৰ্ষ অভিনয় শিল্পীয়ে

অলিম্পিয়া বাৰ্তা

কিম্বদন্তী স্পীনাৰ মুথায়া মুৰুলিধৰণৰ ওপৰত নিৰ্মান হ’ব বোলছবি। ভাৰততে নিৰ্মান হ’ব শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰজনৰ ওপৰত এই ছবি। দক্ষিণৰ দুগৰাকীকৈ অভিনয় শিল্পীয়ে অভিনয় কৰিব এই ছবিত।

২০১৯ চনতে অভিনেতা বিজয় শেথুপতিয়ে ঘোষণা কৰিছিল ক্ৰিকেটাৰজনৰ ওপৰত নিৰ্মান হ’বলগীয়া ছবিখনত অভিনয় কৰাৰ কথা। তেওঁৰ বিপৰীতে কোনে অভিনয় কৰিব সেয়া তেতিয়া ঠিক হোৱা নাছিল যদিও এতিয়া মূল চৰিত্ৰৰ বিপৰীতে দক্ষিণৰ অভিনেত্ৰী ৰাজিশা বিজয়নে অভিনয় কৰাৰ কথা নিশ্চিত হৈ পৰিছে। উল্লেখযোগ্য যে ৰাজিশা বিজয়নে তামিল ছবি কৰ্ণানৰ জৰিয়তে ৰূপালী পৰ্দাত ভৰি দিছিল।

ছবিখনৰ দৃশ্যায়ন যদিও ২০১৯ ৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল বিভিন্ন কাৰণত সেয়া সম্ভৱ হোৱা নাছিল। পৰিচালক শ্ৰীপথি ৰাঙ্গাস্বামীয়ে পৰিচালনা কৰিব লগা ছবিখনৰ নাম ৮০০ ঠিক কৰা হৈছে। মুথায়া মুৰুলিধৰণে আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰত ৮০০ উইকেট দখল কৰাৰ বাবেই এই নাম থিৰাং কৰা হৈছে। ছবিখন প্ৰযোজনা কৰিব ডৰ মোছন পিকচাৰ্ছ আৰু অভিনেতা ৰানা দগ্গুবটিয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments