Monday, October 3, 2022
HomeNewsদাদাৰ জীৱনৰ আধাৰত বোলছবি; কোনে অভিনয় কৰিব দাদাৰ চৰিত্ৰত?

দাদাৰ জীৱনৰ আধাৰত বোলছবি; কোনে অভিনয় কৰিব দাদাৰ চৰিত্ৰত?

অলিম্পিয়া প্রতিবেদন

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই দাদাৰ অনুৰাগীসকলৰ বাবে আহিল ভাল খবৰটো। ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক সৌৰভ গাংগুলীৰ জীৱনৰ আধাৰত নিৰ্মাণ হব বোলছবি। বলিউডৰ এক বৃহৎ ছবি প্ৰযোজনা গোষ্ঠীয়ে নিৰ্মাণ কৰিব ছবিখন। প্ৰায় ২০০/২৫০ কোটি টকাৰ বাজেটৰে নিৰ্মাণ হব এই ছবিখন।

উল্লেখযোগ্য যে বহু দিনৰে পৰা গাংগুলীৰ জীৱনৰ আধাৰত ছবি নিৰ্মাণৰ চর্চা চলি আছিল যদিও অৱশেষত বি চি চি আইৰ অধ্যক্ষগৰাকীয়ে এই কথাত সন্মতি প্ৰদান কৰে। সূত্ৰৰ খবৰ অনুসৰি বলিউডৰ জনপ্ৰিয় অভিনেতা ৰনবীৰ কাপুৰে দাদাৰ চৰিত্ৰত অভিনয় কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে ছবিখনৰ স্ক্ৰীপ্ট লিখাৰ কাম আৰম্ভ হৈছে। ছবি নিৰ্মাণৰ সম্পৰ্কত ক্ৰিকেটাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় এইবুলি, ” হয়, মই এই কথাত সন্মতি প্ৰদান কৰিছোঁ। ছবিখন হিন্দীত নিৰ্মাণ হ’ব। এতিয়াই ছবিৰ পৰিচালক সম্পৰ্কে ক’ব পৰা হোৱা নাই। কিছু দিনৰ পিছতেই সকলোখিনি জনাব পৰা হ’ব। “

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments