Wednesday, September 28, 2022
HomeNewsডঃ সংগীতা কাকতিৰ 'এগৰাকী কণ্ঠশিল্পীৰ দৃষ্টিত যোগাভ্যাস' শীৰ্ষক গ্ৰন্থ উন্মোচন

ডঃ সংগীতা কাকতিৰ ‘এগৰাকী কণ্ঠশিল্পীৰ দৃষ্টিত যোগাভ্যাস’ শীৰ্ষক গ্ৰন্থ উন্মোচন

অলিম্পিয়া প্রতিবেদন

আজি গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ডঃ সংগীতা কাকতিৰ দ্বাৰা ৰচিত ‘এগৰাকী কণ্ঠশিল্পীৰ দৃষ্টিত যোগাভ্যাস’ শীৰ্ষক গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সেই উপলক্ষে সম্পূৰ্ণ ক’ভিড নীতিৰ মাজেৰে আয়োজিত গ্ৰন্থ উন্মোচনী সভাখনত গ্ৰন্থখন উন্মোচন কৰে যশস্বী সংগীত পৰিচালক ভূপেন উজিৰ, জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্য চৰকাৰৰ তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপ, গুৱাহাটীৰ অনাতাঁৰ কেন্দ্রৰ সঞ্চালক ৰাজীৱ বৰুৱা, ক্রীড়া আৰু যুৱ কল্যান সঞ্চালক পৱিত্ৰ খাউণ্ড, সাংস্কৃতিক বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে ।

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে এছ এল এ চিৰ সদস্য সচিব লক্ষ কোঁৱৰ, জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, অসম চৰকাৰৰ গৃহ সচিব দেৱপ্ৰসাদ মিশ্ৰ, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা, আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য্য, জনপ্ৰিয় সংগীতশিল্পী শান্তা উজিৰ, মালবিকা বৰা, জীনা ৰাজকুমাৰী, পাহাৰী দাস, নমিতা ভট্টাচাৰ্য্য, কমল কটকী, সদানন্দ গগৈ, বিশিষ্ট সৰোদ বাদক তৰুণ কলিতা, বিশিষ্ট গজল গায়ক অনিৰ্বাণ দাস, বিশিষ্ট চিকিৎসক তথা কন্ঠশিল্পী ডঃ অঞ্জনজ্যোতি চৌধুৰী, আমাৰ অসমৰ সহকাৰী সম্পাদক গৌতম শৰ্মা, খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিত দাসকে আদি কৰি বিশিষ্ট ব্যক্তিসকল।

মেঘালী দাসে আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়ায় গ্ৰন্থখনৰ লেখিকা ডঃ সংগীতা কাকতিয়ে। অনুষ্ঠানটোত যোগ প্ৰদৰ্শন কৰি যোগৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে ডঃ কাকতিয়ে কি পৰিস্থিতিত যোগৰ ওপৰত এখনি গ্ৰন্থ লিখাৰ কথা মনলৈ আহিল সেই বিষয়েও বাখ্যা আগবঢ়ায়। অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে গ্ৰন্থখনৰ জৰিয়তে পাঠকসমাজ বিশেষভাৱে উপকৃত হ’ব বুলি মন্তব্য দিয়াৰ লগতে লেখিকা ডঃ সংগীতা কাকতিৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। অলিম্পিয়া প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ প্ৰকাশক ৰাজীৱ প্ৰকাশ বৰুৱায়ো অনুষ্ঠানৰ শেষত দুআষাৰ মন্তব্য আগবঢ়ায়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments