Thursday, September 29, 2022
HomeNewsমেছিৰ স্বপ্নৰ জয় আৰু এগৰাকী ফুটবল অনুৰাগীৰ মনৰ কথা

মেছিৰ স্বপ্নৰ জয় আৰু এগৰাকী ফুটবল অনুৰাগীৰ মনৰ কথা

✍️ সিদ্ধাৰ্থ শংকৰ ডেকা

২০০৭ৰ ১৫ জুলাইৰ নিশা দুপৰত ভাইটি কমল ডেকা আৰু মই কিমান আশা লৈ টিভিৰ আগত বহিছিলোঁ ! আৰ্জেণ্টিনা বনাম ব্ৰাজিলৰ কোপা আমেৰিকা ফাইনেল। হাভিয়াৰ জানেট্টি, হুৱান ছেবাষ্টিয়ান ভেৰণ, হুৱান ৰোমান ৰিকেলমে, কাৰ্লোছ টেভেজ, ৰবাৰ্টো আয়ালা, এষ্টেবান কেম্বিয়াছোৰ আৰ্জেণ্টিনাৰ ৰেডহট ফৰ্ম ৷ লগত ২০ বছৰীয়া যাদুকৰ মেছি ৷ গেব্ৰিয়েল বাতিষ্টুটাক চাই ক’ব নোৱৰাকৈ আৰ্জেণ্টিনাৰ আমৃত্যু প্ৰেমিক হৈ পৰা মোৰ বাবে সেয়াই আছিল প্ৰিয় দলটোৰ প্ৰথম ট্ৰফী জয় চোৱাৰ সুযোগ ৷ একেবাৰে সুবৰ্ণ সুযোগ। পিছে ফাইনেলত যি এবাৰ ছন্দপতন হ’ল, আৰু শুধৰণি কৰিবই নোৱাৰিলে ৷ আত্মঘাতী গ’লো খাই ল’লে ৷ ব্ৰাজিলৰ ছাম্বা ঢৌত উৰি গ’ল মোৰ সপোন। ৩-০ত হাৰিল মোৰ প্ৰিয় আৰ্জেণ্টিনা, মোক ফুটবলৰ নতুন পৰিভাষা শিকোৱা মেছি ৷ তাৰ পাছত কেৱল বেদনাৰে গাঁথা ৷ বাৰম্বাৰ একে দুখত বুকু ভাঙি যোৱা কাক কয় আৰ্জেণ্টিনাৰ অনুৰাগীক সোধক ৷ তাৰ পাছত ২০১৪, ২০১৫, ২০১৬ ৷ উস্‌ মাত্ৰ এটা ছিৰি উঠিলেই শিখৰত আৰোহণ ৷ তাতো ব্যৰ্থতাৰ হেটট্ৰিক ৷ (তাৰ লগত ২০০৬ৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ হাতত ১-০, ২০১০ৰ কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ হাতত ৪-০ আৰু ২০১৮ৰ ৰাউণ্ড অব্‌ ১৬ত ফ্ৰান্সৰ হাতত ৪-৩ গ’লত পৰাজয়ৰ বোনাছ আছেই ) হিগুৱেইনৰ মিছ নে মেছৰ কপাল নাই নাজানোঁ আৰু ৷ মেছিৰ অশ্ৰুসিক্ত মুখ, ৰোণাল্ডোপ্ৰেমীৰ ট্ৰ’ল৷ যেন মেছিৰ নহয়, মোৰহে গাত বিন্ধিছিল ৷ তাৰ পাছত আকৌ এখন ফাইনেল ৷

আজি পুৱা ৫টাতে উঠি একপ্ৰকাৰ অনুশীলন কৰিব লগা হৈছিল। জিকিলে বাৰু ঠিক ৷ হাৰিলে? পঞ্চমবাৰ বুকু ভঙাৰ বেদনা সহিব পাৰিম নে? হাৰিলে কি কৰিম ? এই আৱেগ ফুটবলৰ উগ্ৰ প্ৰেমিকৰ বাদে আনে নুবুজে ৷ ফাইনেল নাপালেই ভাল আছিল নেকি বুলিও নভবা নহয় ৷

কিন্তু বোধকৰো মেছিতকৈও বেছি এইবাৰ ফাইনেলত আৰ্জেণ্টিনাই মেছিক প্ৰথম ছিনিয়ৰ ট্ৰফী দিবলৈ টঙালি বান্ধি লৈছিল । পথাৰত আক্ষৰিক অৰ্থত যুদ্ধ কৰিছিল ৷ যি ডিফেন্সক লৈ সকলোৰে ভয় সেই ডিফেন্সে এটা খোজো ভুল দিয়া নেদেখিলোঁ ৷ অটামেণ্ডিৰ কি তেজ! প্ৰয়োজনত হালধীয়া কাৰ্ডলৈ ভয় নকৰি কঠোৰ টেক্‌ল ৷ আঘাতৰ পাছত দললৈ উভতা ৰোমেৰোৰ কি টেক্‌ল আৰু ডিষ্ট্ৰিবিউচন! সন্দেহৰ আৱৰ্তত থকা ৰাইটবেক মন্টিয়েলে নেইমাৰ আৰু ৰিচালিচনক যি বান্ধিলে ৷ মিডফিল্ডত ৰড্ৰিগো ডি পলৰ নিয়ন্ত্ৰণ আৰু সেই ব্ৰাজিলৰ ডিফেন্স ফালি দিয়া দীঘলীয়া বিষাক্ত পাছটো যিটোত বিজয়সূচক গ’ল হ’ল সেইটো ! দুটাকৈ নিশ্চিত গ’লৰ ৱান অন ৱান ছেভ দি মাৰ্টিনেজে প্ৰিমিয়াৰ লীগৰ ক্লাব এষ্টন ভিলাক কৈ দিলে দৰমহা বঢ়োৱা, নহ’লে গুচি যাম ! নেইমাৰক দুই তিনিবাৰ এনে টেক্‌ল দিয়া হ’ল যে এবাৰ পেন্ট ফালি গ’ল ৷ এবাৰ অভাৰএক্টিং কৰোতে অটামেণ্ডিয়ে দাঙি উঠাই দিয়াটো উপভোগ্য আছিল ৷ মুঠৰ ওপৰত মেছিক ট্ৰফীটো দিবলৈ গোটেই দলটোৱে তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰিছিল মাৰাকানাত, আপোচহীন, হাৰ নমনা চৰিত্ৰ, শাৰীৰিক হেঁচা, হালধীয়া কাৰ্ড সকলো ৷ স্বীকাৰ কৰোঁ এই আৰ্জেণ্টিনাৰ এই চৰিত্ৰ আমাৰ দিনত কেতিয়াও দেখা নাই ৷ তাৰ বাবে প্ৰশিক্ষক লিঅ’নেল স্ক’লানিক মানিব লাগিব ৷ ২০১৮ত কোনেও ল’ব নিবিচৰা দায়িত্ব লৈ ৪০ বছৰীয়া স্ক’লানিয়ে দলটোক অনন্য গতি আৰু আকাৰ দিছে ৷

ব্ৰাজিলৰ বিৰুদ্ধে ১-০ৰ অগ্ৰগতি লৈ থকাটো কেনে ৰিস্ক আমাৰ দৰে সমৰ্থকে জানে ৷ দ্বিতীয়াৰ্ধ ঠিয় হৈয়েই চালোঁ ৷ ফাইনেল হুইচেল মাৰোতে মেছিৰ দৰেই বহি দিছিলোঁ ৷ মেছিৰ চকুত অশ্ৰু আছিল ৷ মোৰোঁ ৷ এই অশ্ৰুৰ মূল্য মই জানোঁ ৷ ১৪ বছৰীয়া বেদনাৰ মিঠা অৱসানৰ অশ্ৰু ৷ মেছি নিঃসন্দেহে ফাইনেলত নিষ্প্ৰভ আছিল ৷ কিন্তু টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ তেঁৱেই ৷ লগত টপ স্ক’ৰাৰৰ বঁটাটো লৈ কেমেৰামেনৰ আগত প’জ দিবলৈ ৰোৱা নাছিল তেওঁ ৷ সেই ব্যক্তিগত স্বীকৃতিবোৰৰ তেওঁৰ বাবে এতিয়া মূল্যহীন ৷ কেৰিয়াৰত ব্যক্তিগত ট্ৰফীৰ লানি লাগিছে ৷ তেওঁৰ বাবে অমূল্য মাত্ৰ দেশৰ হৈ এটা ট্ৰফী ৷ দেশক তেওঁ সকলো দিছে ৷ ২০০৭ৰপৰা ৪খন ফাইনেলত অলপৰ বাবে ট্ৰফীৰপৰা বঞ্চিত হোৱাৰ পাছতো তেওঁ যুঁজিবলৈ নেৰিলে ৷ অহৰহ ট্ৰ’লিং আৰু দেশবাসীৰ কঠোৰ সমালোচনাৰ মাজতো তেওঁ আকাশী নীলা আৰু বগা ৰঙৰ বাবে অহৰহ যুঁজি গ’ল ৷ ২০১৬ত তেওঁ বিদায় লোৱাৰ দৰে ময়ো কৈ দিছিলোঁ, আৰু নাচাওঁ আৰ্জেণ্টিনাক । কিন্তু মেছিয়েও নোৱাৰিলে ৷ আমি সমৰ্থকবোৰেও নোৱাৰিলোঁ ৷

আজি সেই আৱেগে অৰ্ধ পূৰ্ণতা পালে ৷ জীৱনকালত আৰ্জেণ্টিনাৰ শিৰত বিশ্বকাপ নেদেখালৈ পূৰ্ণতা হয়তো নাপায় ৷ কিন্তু ২০২২ৰ বিশ্বকাপত নিঃসন্দেহে এই যুৱ দলটোৱে আণ্ডাৰডগ হৈ নাযায় ৷ মেছিক আৰু দেশক বিশ্বকাপো দিওৱাৰ শক্তি লৈয়ে যাব ৷ Bring on Qatar ৷

Let Messi’s story teaches you all a vital life lesson. You have to keep trying until you get it right.

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments