Wednesday, August 10, 2022
HomeNewsএ জিনিয়াছ ইন মেকিং!!

এ জিনিয়াছ ইন মেকিং!!

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

জেমছ এণ্ডাৰছনৰ বলত ৰিভাৰ্ছ চুইপেৰে চাৰি মাৰিছে ঋষভ পন্টে, সেই আলোকচিত্ৰ ইণ্টাৰনেটত ধুমুহাৰ গতিত বিয়পি পৰিছে। শুভ্ৰ জাৰ্চিত বেটছমেন হিচাবে জিলিকি উঠিছে ঋষভ। অথচ কেইদিনমান আগলৈকে অথবা আজিও কোনোৱে ভাৱে ঋষভ কেৱল ৰঙীন জাৰ্চিৰ বাবেহে। ভৱাসকলে যি ইচ্ছা সেয়াই ভাৱিব পাৰে। ভৱাৰ অধিকাৰ সকলোৰে আছে। অৱশ্যে এতিয়াও এক সিদ্ধান্তত আহিব পৰাকৈ বহুত বেছি টেষ্টত তেওঁ ভাগ লোৱা নাই। ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্টখন তেওঁৰ কেৰিয়াৰৰ ২০ তম টেষ্ট। এই ২০ খন টেষ্টত তেওঁ এনে কিছু প্ৰদৰ্শন আগবঢ়াইছে, যি ভাৰতীয় উপমহাদেশৰ দৃষ্টিৰে বিৰল। তেওঁ ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ উইকেটকীপাৰ বেটছমেন হোৱাৰ গৌৰৱ অর্জন কৰিব পাৰিবনে নাই সেয়া সময়ে ক’ব, পৰিসংখ্যাই কিন্তু সম্ভাৱনাৰ এখন নতুন ছবি আমাৰ আগত দাঙি ধৰিছে।

বেটিং গড়: টেষ্টৰ ৩৩ টা ইনিংছত ঋষভৰ গড় হৈছে ৪৫.২৬, যি নূন্যতম ১০ টেষ্টত ভাগ লোৱা যিকোনো টেষ্ট উইকেটকীপাৰ বেটছমেনৰ ক্ষেত্ৰতে সৰ্বোচ্চ। ঋষভৰ পিছত অৱধাৰিতভাৱেই নাম আহে মহেন্দ্ৰ সিং ধোনিৰ। উইকেটকীপাৰ বেটছমেন হিচাবে তেওঁৰ বেটিং গড় ৩৮.০৯।

ষ্ট্ৰাইক ৰেট: বগা পোছাকধাৰী বেটছমেনসকলে ধীৰ গতিৰে আগবাঢ়ি যোৱাটোৱেই টেষ্টৰ আঘোষিত নিয়ম। কিন্তু ধ্ৰুপদী টেষ্টৰ নীতি নিয়মক লৈ মুঠেও ছিৰিয়াছ নহয় পন্ট। টেষ্টত বৰ্তমানলৈ তেওঁৰ ষ্ট্ৰাইক ৰেট ৭১.৪৭, যি অন্তত পাঁচখন টেষ্ট খেলা উইকেটকীপাৰ বেটছমেনসকলৰ মাজত সৰ্বোচ্চ। টেষ্টত তেওঁ যিকেইটা অৰ্ধ শতক কৰিছে,তাৰ ভিতৰত ৫ টা অৰ্ধ শতকৰে ষ্ট্ৰাইক ৰেট ৮০ৰ উৰ্ধৰ।

অনন্যতা: অষ্ট্ৰেলিয়াৰ আডাম গিলখ্ৰীষ্টৰো এই গুণ আছিল। যিকোনো মহাদেশৰ যিকোনো পৰিস্থিতিতেই নিজকে খাপ খুৱাই লব জানিছিল গিলখ্ৰীষ্টে। একেই গুণৰ অধিকাৰী ঋষভো। অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ভাৰত এই তিনিখন ভিন্ন পৰিৱেশৰ দেশত শতক অর্জন কৰাৰ গিলখ্ৰীষ্টৰ অভিলেখো স্পৰ্শ কৰিলে ঋষভে। তাৰোপৰি এছিয়া মহাদেশৰ বাহিৰত এটাতকৈ বেছি শতক অর্জন কৰা তেওঁ এছিয়াৰ একমাত্ৰ উইকেটকীপাৰ বেটছমেন।

বৃহৎ ইনিংছ খেলাৰ সামৰ্থ্য: ঋষভ পন্টে খেলা ৩৩ টা টেষ্ট ইনিংছৰ ৯ টাতে পঞ্চাশ উৰ্ধৰ ৰান সংগ্ৰহ কৰিছে। অৰ্থাৎ, প্ৰতি ৩.৬৬ ইনিংছত এবাৰকৈ তেওঁ অৰ্ধ-শতক অর্জন কৰিছে। তাৰোপৰি, দলৰ প্ৰতিকূল পৰিস্থিতিতো নিঃচিন্ত হৈ খেলাৰ মানসিকতাই পন্টক আন খেলুৱৈতকৈ পৃথক কৰিছে।

পন্টৰ উইকেটৰক্ষণ: উইকেটৰ পিছত থাকি পন্টে ৩৩ ইনিংছত গড়ে ২.০৫ টাকৈ উইকেটৰ পতন ঘটাইছে। ভাৰতীয় হিচাবে এয়া তেওঁৰ এক অভিলেখ। তেওঁৰ পিছতেই আছে মহেন্দ্ৰ সিং ধোনিৰ নাম।

আকৌ লেখাৰ আৰম্ভণিলৈ আহোঁ। জেমছ এণ্ডাৰছনৰ বলত যি চুইপ শ্বট খেলিছিল, সেই শ্বট খেলোতে পন্ট আছিল নব্বৈৰ ঘৰত। পূৰ্বতেও এনেদৰে নব্বৈৰ ঘৰত নাৰ্ভাচ নাইন্টিছৰ চিকাৰ হৈছিল পন্ট। তথাপি ভ্ৰূক্ষেপ নাই। এইগৰাকী খেলুৱৈয়ে নিজৰ স্বাভাৱিক শৈলীৰ সৈতে নকৰে কোনো কম্প্ৰমাইজ। মতেৰাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত চতুৰ্থ টেষ্টৰ প্ৰথম ইনিংছত ছয় কোবাইহে সম্পূৰ্ণ কৰিলে টেষ্ট কেৰিয়াৰৰ তৃতীয়টো শতক। সেয়াই পন্ট। বেটিং শৈলীৰ দিশৰ পৰা যেন বীৰেন্দ্ৰ সেৱাগৰ উত্তৰসুৰী। বীৰেন্দ্ৰ সেৱাগেও যেন পন্টৰ মাজত বিচাৰি পাইছে নিজকে। সেয়ে পন্টৰ শতকীয় ইনিংছটোৰ প্ৰশংসা কৰি টুইটাৰত লিখিছে, ” ডেটছ মাই বয়!!”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments