Sunday, October 2, 2022
HomeNewsএ আই এফ চিৰ অনলাইন প্ৰশিক্ষণ : উত্তৰ পূবৰ শতাধিক উদীয়মান খেলুৱৈ...

এ আই এফ চিৰ অনলাইন প্ৰশিক্ষণ : উত্তৰ পূবৰ শতাধিক উদীয়মান খেলুৱৈ উপকৃত

olympiasports.in

বৰ্তমান লকডাউনৰ বাবে স্তব্ধ হৈ আছে দেশৰ ক্ৰীড়া জগত। স্থগিত ৰখা বিভিন্ন প্ৰতিযোগিতা। কেৱল যে ভাৰতত হে এনে পৰিবেশৰ সূচনা হৈছে তেনে নহয়। ক’ভিড-১৯ ৰ বাবেই এবছৰ পিছুৱাই দিবলৈ বাধ্য হ’ল অলিম্পিক।

এনে এক জটিল সময়ত খেলুৱৈ, প্ৰশিক্ষকসকল নিজ নিজ গৃহতে আৱদ্ধ। ইয়াৰ মাজতেই খেলুৱৈসকলে নিজৰ প্ৰশিক্ষকৰ সহায়ত একোখন সূচী তৈয়াৰ কৰি সেই সূচী অনুসৰি নিজৰ ঘৰতেই শাৰীৰিক অনুশীলন অব্যাহত ৰাখিছে। নিজৰ ফিটনেচ ধৰি ৰখাৰ স্বাৰ্থতে একাংশ খেলুৱৈয়ে বিকল্প পদ্ধতিৰ চিন্তা চৰ্চাও কৰিছে। কেৱল যে খেলুৱৈসকলেই এই চিন্তাৰে আগবাঢ়িছে তেনে নহয়। প্ৰশিক্ষকসকলেও নতুন নতুন চিন্তা চৰ্চা অব্যাহত ৰাখিছে।

দেশৰ ফুটবল প্ৰশিক্ষকসকলৰ সংগঠন ‘এছ’চিয়েশ্বন অৱ ইণ্ডিয়ান ফুটবল ক’চেছ অৰ্থাৎ ভাৰতীয় ফুটবল প্ৰশিক্ষক সন্থাই দেশৰ বিভিন্ন ৰাজ্যৰ উদীয়মান ফুটবল প্ৰশিক্ষকসকলক বিশেষকৈ ডি, চি আৰু বি লাইচেঞ্চ প্ৰাপ্তসকলক অনলাইন প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে।

ক’চেছ এড্যুকেশ্যন’ৰ আধাৰত ১৭ এপ্ৰিলৰ পৰা এই প্ৰশিক্ষণ অনলাইন পদ্ধতিৰে আৰম্ভ হৈছে। এই প্ৰশিক্ষণত ক’চেছ এডুকেটৰ ৰূপে আছে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ তথা বৰ্তমানৰ ‘এ’ লাইচেঞ্চ প্ৰাপ্ত ফুটবল প্ৰশিক্ষক গোম্পে ৰিমে, প্ৰখ্যাত প্ৰশিক্ষক থাংব‌ই চিংটৌ আৰু কমলাকান্ত সি‌ং। আনহাতে অতিথি প্ৰশিক্ষকৰূপেও কেইবাগৰাকী বিদেশী প্ৰশিক্ষকে এই প্ৰশিক্ষণৰ কালছোৱাত ভুমুকি মাৰিছে।

ইয়াৰোপৰি এই প্ৰশিক্ষণৰ কালছোৱাত স্প’ৰ্টছ ছাইক’লজীৰ সন্দৰ্ভভতো প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।

এই প্ৰশিক্ষণৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ প্ৰায় শতাধিক উদীয়মান ফুটবল প্ৰশিক্ষকে এই মাধ্যমেৰে প্ৰশিক্ষণ গ্ৰহণ কৰি উপকৃত হৈছে বুলি জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments