Sunday, October 2, 2022
HomeNewsপ্ৰাক্তন ৰাষ্ট্ৰপতি কালামৰ নামত শৃংগ: দুগৰাকী পৰ্বতাৰোহীৰ বিশেষ সন্মান মিছাইল মেনলৈ

প্ৰাক্তন ৰাষ্ট্ৰপতি কালামৰ নামত শৃংগ: দুগৰাকী পৰ্বতাৰোহীৰ বিশেষ সন্মান মিছাইল মেনলৈ

অলিম্পিয়া প্ৰতিবেদন

ভাৰতৰ একাদশতম ৰাষ্ট্ৰপতি মিছাইল মেন ডঃ এ পি যজে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী আজি। দেশৰ জনপ্ৰিয় বিজ্ঞানী কালাম আছিল এগৰাকী যুগদ্ৰষ্টা। আহকচোন তেওঁৰ মৃত্যু বাৰ্ষিকী দিনটোত জানো আমি তেওঁৰ সৈতে জড়িত এটা বিশেষ কথা।

হয়তো আপোনালোকৰ বহুজনে নাজানে আব্দুল কালামৰ নামত থকা এটা শৃংগৰ কথা। আব্দুল কালামৰ সন্মানাৰ্থে তেওঁৰ নামেৰে নামাকৰণ কৰা এই শৃংগটো আছে হিমালয়ৰ স্পীতি নামৰ উপত্যকাৰ বাৰা ছিগ্রী হিমবাহৰ কাষত। সাগৰ পৃষ্ঠৰ পৰা ৬১৮০ কিঃমিঃ গভীৰত আছে এই শৃংগতো।

সেয়া আছিল ২০১৫ চনৰ কথা। নয়ডাৰ দুগৰাকী পৰ্বতাৰোহীয়ে উক্ত বৰ্ষত এই শৃংগৰ আবিষ্কাৰ কৰিছিল। বুলেণ্ডচহৰৰ অৰ্জুন বাজপেয়ী আৰু ভূপেশ কুমাৰ ২০১৫ চনত হিমালয়ৰ বুকুলৈ পৰ্বতাৰোহণৰ বাবে গৈছিল। তাত গৈ তেওঁলোকে গৈ যি ঠাইত ভৰি থৈছিল সেই ঠাই সেই দিনলৈকে আৱিষ্কৃত হোৱা নাছিল। নতুন শৃংগটোত যাতে পুনৰ কোনোবা পৰ্বতাৰোহী আহিবলৈ অসুবিধা নহয়, তাৰ বাবে দুয়োজনে তাৰ এটা নাম ৰখাৰ কথা ভাবিছিল। আব্দুল কালামৰ বাহিৰে আৰু উপযুক্ত নাম তেওঁলোকে সেই সময়ত বিচাৰি পোৱা নাছিল। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ চিন স্বৰূপে সেয়ে ‘কালাম’ ৰাখিলে সেই শৃংগৰ নাম।

নতুন শৃংগটোৰ উচ্চতা ৬,০০০ কিলোমিটাৰতকৈ অধিক হোৱা বাবে তাক কোৱা হয় Six Thousanders। ভাৰতত এই পৰ্য্যন্ত প্ৰায় ৩০০ টা এনেকুৱা Six Thousanders শৃংগ আছে। কালাম শৃংগটোও তাৰে ভিতৰত অন্যতম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments