অলিম্পিয়া প্ৰতিবেদন
ভাৰতীয় মানুহৰ মন মগজুত ধৰ্মীয় বিষবাষ্পই আজি এনেদৰে শিপাইছে যে এতিয়া খেলপথাৰলৈও বিয়পিছে ধৰ্মীয় উন্মাদনা। ভাৰতীয় ক্রীড়াক্ষেত্ৰও ক্ৰমাৎ ধর্মৰ মেৰপেচত সোমাই পৰিছে, সেয়া ক্ৰমাৎ স্পষ্ট হৈ পৰিছে। এইবাৰ ভাৰতীয় ক্ৰিকেটৰ এগৰাকী মহান খেলুৱৈৰ প্ৰতি উত্থাপিত হৈছে ধৰ্মীয় স্বজন তোষণৰ অভিযোগ। ভাৰতীয় ক্ৰিকেটৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ খেলুৱৈ তথা যি গৰাকী খেলুৱৈৰ ক্ৰিকেটৰ পথাৰখনলৈ আছে অপৰিসীম অৱদান, তেওঁৰ প্ৰতিয়েই উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। তেওঁ হৈছে ৱাচিম জাফৰ। ৰঞ্জি ক্ৰিকেটৰ ইতিহাসত সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী ৱাচিম জাফৰৰ বিৰুদ্ধে উত্থাপিত হৈছে সাম্প্ৰদায়িকতাৰ অভিযোগ।
উত্তৰাখণ্ডৰ মুখ্য প্ৰশিক্ষক হিচাবে পদত্যাগ কৰাৰ এদিন পিছতেই ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে উত্তৰাখণ্ড ক্রিকেট সন্থাৰ কেইবাজনো বিষয়ববীয়াই উত্থাপন কৰিছে এই অভিযোগ। উত্থাপিত অভিযোগ সন্দৰ্ভত প্ৰাক্তন ভাৰতীয় খেলুৱৈ গৰাকীয়ে কয় যে তেওঁ এনে এক অভিযোগৰ বিৰুদ্ধে স্পষ্টীকৰণ দিব লগা হোৱাত অন্তৰত আঘাত পাইছে।
উল্লেখযোগ্য যে, এই সপ্তাহৰ আৰম্ভণিতে উত্তৰাখণ্ডৰ মুখ্য প্ৰশিক্ষক হিচাবে পদত্যাগ কৰি জাফৰে ঝাৰখণ্ড ক্ৰিকেট সন্থাৰ প্ৰতি খেলুৱৈ নিৰ্বাচনৰ ক্ষেত্ৰত হস্তক্ষেপৰ অভিযোগ উত্থাপন কৰিছিল। নিৰ্বাচন কমিটিৰ এনে আচৰণ তথা জাফৰৰ প্ৰতি ক্ৰিকেট সন্থাটোৰ অসন্মান প্ৰদৰ্শন আদিৰ বাবে জাফৰে পদত্যাগৰ কথা ঘোষণা কৰে। জাফৰৰ এনে অভিযোগৰ প্রত্যুত্তৰত উত্তৰাখণ্ড ক্ৰিকেট সন্থাৰ বিষয়ববীয়াই কয় যে প্ৰশিক্ষক হিচাবে জাফৰে সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈছিল। তেওঁ নিজ ধৰ্মৰ খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল।
ক্রীড়া সন্থাটোৰ এনে অভিযোগৰ প্রত্যুত্তৰ দিবলৈ গৈ আৱেগিক হৈ পৰে ভাৰতীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনজন। তেওঁ কয় যে যদি তেওঁ সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈছিল, তেন্তে ক্ৰিকেট সন্থাটোৱে তেওঁক বৰ্ষাস্ত কৰিব পাৰিলেহেঁতেন।
উল্লেখযোগ্য যে, ৰঞ্জি ক্ৰিকেটৰ ইতিহাসত সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী ৱাচিম জাফৰ। মহাৰাষ্ট্ৰত জন্ম লাভ কৰা সোঁহতীয়া বেটছমেনজনে ৰঞ্জি ট্ৰফীত ১১,০০০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছে। ভাৰতীয় টেষ্ট দলৰ হৈ তেওঁ ৩১ খন মেচত ভাগ লৈছে। বাংলাদেশ জাতীয় দলৰো বেটিং প্ৰশিক্ষক হিচাবে দায়িত্ব পালন কৰিছিল ভাৰতীয় ৰঞ্জী ক্ৰিকেটৰ সফল ক্ৰিকেটাৰগৰাকীয়ে।