Sunday, October 2, 2022
HomeNewsপদকলৈ এতিয়াও বহু দূৰ; লাভলীনাৰ সমুখত বৃহৎ প্ৰত্যাহ্বান

পদকলৈ এতিয়াও বহু দূৰ; লাভলীনাৰ সমুখত বৃহৎ প্ৰত্যাহ্বান

অলিম্পিয়া প্রতিবেদন

সকলোৰে মনত আনন্দ। হোৱাৰে কথা, অসমৰ গৌৰৱ বক্সাৰ লাভলীনাই দৃঢ়তাৰে আগবঢ়াইছে অলিম্পিক পদক জয়ৰ দিশে প্ৰথমটো খোজ। জাৰ্মানীৰ প্ৰতিপক্ষ নাডীয়া এপেজক এক কঠিন প্ৰত্যাহ্বান নেওচি ৩-২ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় অসম জীয়ৰী লাভলীনা। অৱশ্যে নাডীয়াৰ সৈতে এই যুজঁ বৰ সহজ নাছিল। প্রথমৰে পৰা নাডীয়াক লাভলিনাৰ তুলনাত আক্ৰমণাত্মক দেখা গৈছিল। লাভলীনায়ো ধৈৰ্য্যৰ পৰিচয় দি প্ৰতিপক্ষক ব্যতিব্যস্ত কৰি তুলিছিল। লাভলীনাক প্ৰত্যাহ্বান জনাই প্ৰথমটো ছেট হাছিল কৰে জাৰ্মানীৰ প্ৰতিপক্ষই। ইয়াৰ পিছতো দুয়োৰে মাজত চলিছিল উপৰ্যুপৰি আক্ৰমণ। পিছৰ তিনিটা ছেট যথেষ্ট যুজঁ দি লাভলীনাই দখল কৰে যদিও শেষৰটো ছেটত পুনৰ প্ৰত্যাৱৰ্তন কৰে নাডীয়াই। অৱশ্যে প্ৰথমৰ পৰাই অতি সাৱধানে খেলা লাভলীনাৰ পক্ষলৈয়ে যায় চূড়ান্ত ফলাফল। মুহূৰ্ততে লাভলীনাময় হৈ পৰে সামাজিক মাধ্যম। অসমৰ প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ টাইমলাইনত গৌৰৱৰে শ্বেয়াৰ কৰে এই বাতৰি। কোৱাৰ্টাৰ ফাইনেললৈ উত্তীৰ্ণ হোৱাৰ পিছত এতিয়া লাভলীনাৰ সমুখত আছে আন এক বৃহৎ প্ৰত্যাহ্বান। তেওঁৰ সমুখত চাইনীজ টাইপেইৰ শক্তিশালী প্ৰতিদ্বন্দী চেন নিয়েন চিন।

চেন নিয়েন চিন বিশ্ব বক্সিঙৰ এটা অতি শক্তিশালী নাম। তেওঁৰ নামত আছে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণ। ২০১৮ চনত দিল্লীত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ স্বৰ্ণ জয় কৰি নিজ শক্তিৰ উমান দিবলৈ সক্ষম হৈছিল। একেখন প্ৰতিযোগিতাত অসমৰ লাভলীনা চেন নিয়েন চিনৰ হাততে পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। স্বাভাৱিকতে লাভলীনাতকৈ চেন নিয়েন সিঙৰ হাতত পৰৱৰ্তী মেচত সুযোগ অধিক থাকিব। অত্যন্ত শক্তিশালী পান্সেৰে প্ৰতিপক্ষক আক্ৰমণ কৰাৰ বাবে জনাজাত চেন নিয়েনৰ সমুখত দৃঢ়তাৰে টিকি থাকি বিজয়ী হোৱাৰ বাটত লাভলীনাই অতিক্ৰম কৰিব লাগিব বৃহৎ প্ৰত্যাহ্বান। অৱশ্যে এবাৰ ইতিমধ্যেই মুখামুখি হোৱাৰ বাবেই চাইনীজ টাইপেইৰ প্ৰতিদ্বন্দীগৰাকীৰ ৰণনীতি বুজি পোৱাত সহায় হ’ব লাভলীনাৰ। তাৰোপৰি আন্তঃৰাষ্ট্ৰীয় বক্সিং ক্ষেত্ৰত লাভলীনাৰ দীর্ঘদিনীয়া অভিজ্ঞতায়ো তেওঁক জয়ৰ বাট দেখুৱাব বুলি আশা কৰিব পাৰি। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই কেনেকৈ প্ৰতিপক্ষৰে মোকাবিলা কৰে সেয়া অতি লক্ষ্যণীয় হব। ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ পাৰিলেই পদক নিশ্চিত হৈ পৰিব অসমৰ খেলুৱৈগৰাকীৰ বাবে। ছেমিফাইনেলত প্ৰৱেশ কৰিলেই অসমৰ ক্রীড়া ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ব। অসমৰ ক্রীড়া ইতিহাসত এই পৰ্যন্ত কোনো খেলুৱৈয়ে অলিম্পিকত পদক জয় কৰিবলৈ সক্ষম হোৱা নাই।এই পৰ্যন্ত কেৱল ৫ গৰাকী অসম সন্তানে অলিম্পিকত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সুযোগ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত লাভলিনাৰ তেনে সাফল্যই অসমৰ ক্রীড়াক্ষেত্ৰলৈ নতুন উদ্যম কঢ়িয়াই আনিব। এতিয়া আমি সকলোৱে অপেক্ষা কৰিব লাগিব অহা ৩০ জুলাইলৈ। পুৱা ৮.৪৮ বজাত অনুষ্ঠিত হ’ব তীব্ৰ প্ৰতিদ্বন্দিতামূলক এই মেচখন। এই মুহূৰ্তত সকলো ৰাজ্যবাসীৰে এক সৰল প্ৰাৰ্থনা- ‘বিশ্ব জয় কৰক লাভলীনাই!’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments